• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱত অসম জাতীয় পৰিষদৰ নাৰী শক্তিৰ সাংগঠনিক সভা

" সম্প্ৰতি অসমীয়া জাতি ভাষা-সংস্কৃতি সকলো ক্ষেত্ৰতে সংকটৰ সন্মুখীন হৈছে"—ছমচেৰ সিং

মুৰলী বৰুৱা by মুৰলী বৰুৱা
January 6, 2021 8:20 pm
IMG_20210106_190444
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অসম জাতীয় পৰিষদ কোনো সাধাৰণ দল নহয়, ই অসমৰ জনগনৰ দল । অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে অসম জাতীয় পৰিষদ জন্ম হৈছে। এখন গণতান্ত্ৰিক ঐক্যবদ্ধ আৰু প্ৰগতিশীল অসম গঢ়াৰ লক্ষ্যৰে অসম জাতীয় পৰিষদে কাম কৰি আছে ।”- এই মন্তব্য ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা অসম জাতীয় পৰিষদৰ উপ-সভাপতি  চমছেৰ সিঙৰ ।

আজি নগাঁও শ্বহীদ ভৱনত অসম জাতীয় পৰিষদৰ মহিলা সংগঠন জাতীয় মহিলা শক্তিৰ নগাঁও জিলা আহ্বায়িকা সমিতি গঠন আৰু যোগদান সমাৰোহ সভাত অংশগ্ৰহণ কৰি চমছেৰ সিঙে লগতে কয়, ” সম্প্ৰতি জাতিটোৰ ভাষা সংস্কৃতিকে ধৰি সকলো ক্ষেত্ৰতে সংকটৰ সন্মুখীন হৈছে । এই সংকটৰ সময়ত আমি হাত সাবটি বহি নাথাকি এই সংকট দূৰ কৰি জাতিটোক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব লাগিব। এই দায়িত্ব আৰু প্ৰত্যাহ্বান অসম জাতীয় পৰিষদে গ্ৰহণ কৰিছে । এই দলটো আটাইতকৈ নিস্পাপ আৰু নিস্কলুষ আখ্যা দি সিঙে কয় যে অসম আমাৰ মাতৃভূমি, কৰ্মভূমি। সেয়ে আমি জাতিটোৰ প্ৰতি সেৱা কৰাৰ মনোভাবেৰে আগবাঢ়িছো । আমি জাতিটোৰ একো এগৰাকী সেৱক ।

Apply Now

বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰক কঠোৰ সমালোচনা কৰি চমছেৰ সিঙে কয়,  তেওঁলোকে ক্ষমতাৰ বাবে ৰাজনীতি কৰিছে । সাম্প্ৰদায়িক আৰু হিংসাৰ বীজ ৰোপনেৰে আমাৰ সমাজখনক ভাগ ভাগ কৰিব বিচাৰিছে । আনকি এইখন চৰকাৰে বৃটিছে কৰাৰ দৰে ডিভাইড এণ্ড ৰুল পলিছিৰে বিভাজনৰ ৰাজনীতি কৰিছে।

এতিয়া অসমত বৃটিছে চলোৱাৰ ধৰণৰে চৰকাৰ চলিছে । অসমত থকা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নেতা সকল দিল্লী আৰু নাগপুৰৰ নিৰ্দেশত চলে । এনেদৰে চলি থাকিলে অসমৰ উন্নতি নহয় বুলি মন্তব্য কৰি তেওঁ কয়, এইবাৰ অসমত অসমৰ মানুহৰ চৰকাৰ প্ৰতিষ্ঠা হ’ব । আমি জাত পাতৰ ৰাজনীতি কৰি অবাবতে সময় নষ্ট কৰাতকৈ জাতীয়তাবাদী মনোভাৱেৰে অসমৰ হকে কাম কৰি ভাৰতৰ আন ৰাজ্যৰ দৰে অসমকো আগুৱাই নিব লাগিব ।

মহিলাসকল শক্তিৰ প্ৰতীক হিচাবে অভিহিত কৰি সিঙে কয়, আমি মহিলা সকলক আগুৱাই নিব লাগিব । তেওঁ লগতে কয়, সংকীৰ্ণ জাতীয়তাদৰে নহয় , উদাৰ জাতীয়তাবাদৰ আধাৰত আমি সমাগত বিধান সভা নিৰ্বাচনত অৱৰ্তীন হম আৰু অসমত এখন প্ৰকৃত আঞ্চলিক দলৰ চৰকাৰৰ গঠন হ’ব।

ইপিনে সংবাদ মাধ্যমৰ আগত সিঙে জানিবলৈ দিয়ে যে নগাঁও জিলাৰ আঠটা বিধান সভা সমষ্টিতেই নৱ গঠিত আঞ্চলিক দলে প্ৰতিদ্বন্দিতা কৰিব আৰু নিশ্চিত ভাবে সফলতা লাভ কৰিব ।

ৰাজ্যিক আহ্বায়িকা দুলমনি বৰদলৈৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত জাতীয় মহিলা পৰিষদৰ আহ্বায়িকা মৌচুমী শৰ্মা বেজবৰুৱাই কয় যে এতিয়া অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম চলিছে। নিশ্চিত ভাবে আমি এই সংগ্ৰামত জয়ী হম । বিজেপি, এজিপিৰ মন্ত্ৰী-বিধায়ক তথা নেতাই আমাৰ সংগ্ৰামক উপহাস কৰিছে ।

সমাগত নিৰ্বাচনত তেওঁলোকে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ পাব । আমি দিল্লী আৰু নাগপুৰৰ আঙুলিৰ ঠাৰত নচা নেতা নিবিচাৰোঁ বুলি মন্তব্য কৰি তেওঁ কয়, এইবাৰ অসমত জাতীয় চিন্তা- চেতনা থকা এখন আঞ্চলিক দলৰ চৰকাৰ গঠন হ’ব ।

সভাত ৰাজ্যিক আহ্বায়িকা ফুনুমনি বৰা, মানু শ‌ইকীয়া, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰানা বৰদলৈ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উদীপ্ত নাৰায়ণ ৰাজাকে ধৰি কেইবাজনো বিষয়ববীয়াই অংশ গ্ৰহণ কৰে ।

সভাতেই তৃপ্তি হাজৰিকা, শিবানী শ‌ইকীয়া, মনিবালা বৰা, অৰ্পনা হাজৰিকা, অল্পনা দাস, আৰমনাজ খান, আইমনি দাস, মাখনি শ‌ইকীয়া, পাপৰি বৰুৱা, উৰ্মিলা বৰা, হৰপ্ৰিয়া শ‌ইকীয়া, বুলবুল আক্তাৰ, শ্বৰিফা খাতুন আৰু লক্ষীমাই বৰাক লৈ জাতীয় মহিলা শক্তিৰ নগাঁও জিলা সমিতিৰ আহ্বায়ক সমিতি গঠন কৰা হয়।

মুৰলী বৰুৱা

মুৰলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd