শেহতীয়াকৈ সংযুক্ত মুক্তি বাহিনী আলফা(স্বা)ৰ সভাপতি অভিজিৎ অসমৰ নামত প্ৰচাৰিত এক ভুৱা ফেচবুক প’ষ্টক লৈ প্ৰমোদ বড়োই কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে অভিজিৎ অসমে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সংযুক্ত মুক্তি বাহিনী আলফা(স্বা)ৰ সভাপতি অভিজিৎ অসমে কয়-‘ফেচবুকত মোৰ কোনো একাউণ্ট নাই। প্ৰমোদ বড়োই বিষয়টোৰ কোনো অনুসন্ধান অবিহনে আমাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সেয়েহে প্ৰমোদ বড়োই যথাৰীতি অনুসন্ধান কৰি কোনে কি কাৰণে আমাৰ বিৰুদ্ধে ভুৱা প্ৰচাৰত নামি পৰিছে সেয়া বিচাৰ কৰি আমাৰ লগতে অসমৰ ৰাইজক জনাবলৈ আহ্বান জনালো’।

আনহাতে নিজৰ লেখাত শব্দ প্ৰয়োগ, ব্যাকৰণৰ ব্যৱহাৰ আদিয়ে সাংস্কৃতিকভাৱে এক ভিন্ন ভাষাশৈলী বহন কৰি আছে আৰু ভৱিষ্যতলৈও কৰি থাকিব বুলি অৱগত কৰে সংযুক্ত মুক্তি বাহিনী আলফা(স্বা)ৰ সভাপতি অভিজিৎ অসমে।
প্ৰমোদ বড়োক উভতি ধৰি আলফা(স্বা)ৰ সভাপতি অভিজিৎ অসমে প্ৰকাশ কৰা মন্তব্য স্বাভাৱিকতে যথেষ্ট তাৎপৰ্যপূৰ্ণ।





