অসম আৰক্ষীৰ ৫৯৭ টা উপ-পৰিদৰ্শক পদত নিযুক্তিৰ বাবে অহা ১ ফেব্ৰুৱাৰিৰ পৰা গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ ‘পেৰেড গ্ৰাউণ্ড’ত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট (পি এছ টি) আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট ( পি ই টি) অনুষ্ঠিত হ’ব।
অসম আৰক্ষীৰ জনসংযোগ বিভাগে এক প্ৰেছ বাৰ্তা যোগে এই কথা প্ৰকাশ কৰে।
এই পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে প্ৰাৰ্থী সকলে লগত আনিবলগীয়া নথি-পত্ৰৰ লগতে তেওঁলোকে জানিবলগীয়া অন্যান্য বিষয়সমূহৰ বিষয়ে ইতিমধ্যে বিজ্ঞাপনযোগে বাতৰি কাকত আৰু www.slprbassam.in ৱেবচাইটত সবিস্তাৰে প্ৰকাশ কৰা হৈছে বুলিও প্ৰেছ বাৰ্তাটোত উল্লেখ কৰা হয়।
আনহাতে, ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে অসম আৰক্ষীত খালী হৈ থকা অন্যান্য পদসমূহ পুৰণ কৰাৰ বাবেও প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।
ইতিমধ্যে বাতিল হোৱা আৰক্ষী অনিষ্টবলৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অহা মাহত পুনৰ নতুনকৈ আৰম্ভ কৰিবলৈ ব’ৰ্ডে যাৱতীয় প্ৰস্তুতি চলাইছে।
সেইদৰে অসম আৰক্ষী আনাতাঁৰ সংস্থা, অগ্নি আৰু আপদকালীন সেৱা আৰু কাৰাগাৰ বিভাগত খালী হৈ থকা পদসমূহ পুৰণৰ ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ তাৰিখ সম্পৰ্কে প্ৰাৰ্থী সকলক অৱগত কৰা হ’ব।