• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2026 3:31 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাইজ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বান সাহায্য প্ৰদানৰ দাবীত আৰম্ভ কৰা আমৰণ অনশন শনিবাৰে দ্বিতীয় দিনত ভৰি দিছে। বিগত গান্ধী জয়ন্তীৰ দিনটোত অসম বিধানসভা চৌহদত মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁ এই অনশন কাৰ্যসূচী আৰম্ভ কৰিছিল। চৰকাৰে পূৰ্বে ঘোষণা কৰা বান সাহায্য বিতৰণৰ কাম নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ নকৰাৰ প্ৰতিবাদতে তেওঁ এই কঠোৰ পথ বাছি লয়।

শনিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত অখিল গগৈয়ে অভিযোগ কৰে যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত বহু পৰিয়াল এতিয়াও চৰকাৰী প্ৰতিশ্ৰুতিৰ পৰা বঞ্চিত হৈ আছে। তেওঁৰ মতে, এই অঞ্চলসমূহৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে পাবলগীয়া ১৫ হাজাৰ টকাৰ অন্তৱৰ্তীকালীন সাহায্য এতিয়াও পোৱা নাই। ইয়াৰোপৰি, শিৱসাগৰ আৰু চৰাইদেউৰ অতিশয় ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক বিশেষ সাহায্য হিচাপে ঘোষণা কৰা অতিৰিক্ত ১০ হাজাৰ টকাও প্ৰদান কৰা হোৱা নাই বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।

Apply Now

 বানত সৰ্বস্বান্ত হোৱা প্ৰতিটো পৰিয়ালক দহ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবী জনাই বিধায়কগৰাকীয়ে কয় যে এই ভয়ংকৰ বানপানীৰ প্ৰকৃত কাৰণ আৰু হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ পোহৰলৈ আনিবলৈ এখন উচ্চ পৰ্যায়ৰ চিবিআই তদন্ত হ’ব লাগে। এই ধ্বংসলীলাৰ বাবে জগৰীয়া সকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবীও তেওঁ উত্থাপন কৰিছে। গুৱাহাটীৰ চচলত হোৱা এক বিশাল সমাৱেশত এই দাবীসমূহ প্ৰথম উত্থাপন কৰা হৈছিল বুলি জনায় তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰি বানপীড়িতসকলৰ দুৰ্দশাৰ কথা অৱগত কৰিছে।

 চৰকাৰী খৰচৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে পৰিবহণ মন্ত্ৰীৰ বাসভৱন মেৰামতিৰ নামত চৰকাৰে কোটিৰো অধিক টকা ব্যয় কৰিছে, অথচ সেইখিনি টকাৰে হাজাৰ হাজাৰ বানাক্ৰান্ত পৰিয়ালক সাহায্য প্ৰদান কৰিব পাৰিলেহেঁতেন। ইফালে, নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰশাসনিক ভূমিকা আৰু এজন পুলিচ বিষয়াক লৈ উঠা অভিযোগৰ তদন্ত কৰি নিৰ্বাচন আয়োগক কঠোৰ ব্যৱস্থা ল’বলৈও তেওঁ দাবী জনাইছে। জুলাই মাহৰ বানপানীৰ দুটা মাহ পাৰ হৈ যোৱাৰ পিছতো প্ৰকৃত ক্ষতিগ্ৰস্তৰ হাতত সাহায্য নপৰালৈকে তেওঁ নিজৰ আন্দোলন অব্যাহত ৰাখিব বুলি স্পষ্ট কৰি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ যুৱ উদ্দীপক চেতনা আৰু অসমৰ নবীন সমাজ

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ যুৱ উদ্দীপক চেতনা আৰু অসমৰ নবীন সমাজ

November 6, 2026 10:00 pm
১৬০ গৰাকী সাক্ষীৰ কোনেও লোৱা নাছিল অমৃতপ্ৰভাৰ নাম! গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ উদ্ধৃতি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

১৬০ গৰাকী সাক্ষীৰ কোনেও লোৱা নাছিল অমৃতপ্ৰভাৰ নাম! গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ উদ্ধৃতি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

November 6, 2026 9:34 pm
১১.৫ কোটি টকীয়া বজাৰগৃহ উদ্বোধনৰ পাছতো ব্যৱসায় আৰম্ভ কৰিব নোৱাৰিলে ব্যৱসায়ীয়ে! ১৩ বছৰেও সম্পূৰ্ণ নহ’ল বেলতলাৰ বজাৰৰ কাম

১১.৫ কোটি টকীয়া বজাৰগৃহ উদ্বোধনৰ পাছতো ব্যৱসায় আৰম্ভ কৰিব নোৱাৰিলে ব্যৱসায়ীয়ে! ১৩ বছৰেও সম্পূৰ্ণ নহ’ল বেলতলাৰ বজাৰৰ কাম

November 6, 2026 8:28 pm
ডিব্ৰুগড়ৰ অইল ইণ্ডিয়াৰ টেংক ফাৰ্মত ভয়ংকৰ অগ্নিকাণ্ড! এজনৰ মৃত্যু, ছয়জন গুৰুতৰভাৱে আহত

ডিব্ৰুগড়ৰ অইল ইণ্ডিয়াৰ টেংক ফাৰ্মত ভয়ংকৰ অগ্নিকাণ্ড! এজনৰ মৃত্যু, ছয়জন গুৰুতৰভাৱে আহত

November 6, 2026 7:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ যুৱ উদ্দীপক চেতনা আৰু অসমৰ নবীন সমাজ

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ যুৱ উদ্দীপক চেতনা আৰু অসমৰ নবীন সমাজ

November 6, 2026 10:00 pm
১৬০ গৰাকী সাক্ষীৰ কোনেও লোৱা নাছিল অমৃতপ্ৰভাৰ নাম! গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ উদ্ধৃতি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

১৬০ গৰাকী সাক্ষীৰ কোনেও লোৱা নাছিল অমৃতপ্ৰভাৰ নাম! গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ উদ্ধৃতি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

November 6, 2026 9:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd