আত্মনিৰ্ভৰশীল ভাৰতৰ নীতিৰে আমি সমগ্ৰ দেশতে ২ লাখ ফুড প্ৰচেচিঙৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিম ৷ ইয়াৰে ১০ শতাংশ উদ্যোগ উত্তৰ পুৰ্বাঞ্চলত স্থাপন হ’ব ৷ জনসংখ্যাৰ ফালৰ পৰা অসমত স্থাপন হ’ব ১২ হেজাৰ ফুড প্ৰচেচিঙৰ ক্ষুদ্ৰ উদ্যোগ ৷
শুকুৰবাৰে সন্ধিয়া বোকাখাতত চলি থকা কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰি এই দৰে ঘোষণা কৰে কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ মতে দেশত খাদ্য সংসাধনৰ এই ২ লাখ ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে ইতিমধ্যেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১০ হেজাৰ কোটি টকা মুকলি কৰি দিছে ৷
মন্ত্ৰী ৰামেশ্বৰ তেলীৰ মতে ‘’অহা ৫ টা বছৰৰ ভিতৰত আমি দেশত এই উদ্যোগ সমুহ স্থাপন কৰিম ৷ আমি এই আঁচনিৰ নাম ৰাখিছো প্ৰধানমন্ত্ৰী ফৰ্মুলাইজেশ্যন মাইক্ৰ ইউনিট ৷’’
বোকাখাতৰ কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীত উপস্থিত হৈ এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷
ইয়াৰ দ্বাৰা অসমৰ নিৱনুৱা যুৱক-যুৱতী সকলে কৰ্ম সংস্থাপন লাভ কৰিব পাৰিব৷ এই উদ্যোগৰ বাবে নিৱনুৱা যুৱক-যুৱতী সকলে ৰাজ সাহায্যও লাভ কৰিব ৷
অহা মাহৰ পৰাই এই আঁচনিৰ কাম আৰম্ভ হ’ব বুলি তেওঁ লগতে জনায় ৷
উত্তৰ পুৰ্বাঞ্চলত এই আঁচনিৰ প্ৰচাৰৰ বাবে ইতিমধ্যেই বিশিষ্ট ক্ৰীড়াবিদ মেৰী কম আৰু হিমা দাসক অনুৰোধ কৰা হৈছে বুলিও শুকুৰবাৰে বোকাখাতত ৰামেশ্বৰ তেলীয়ে জনায় ৷