• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বােকাখাতত ৰাষ্ট্ৰীয় ভােটাৰ দিৱস উদযাপন; বাটৰ নাট আৰু ফ্লেচ ম’ব ডাঞ্চৰ প্ৰদৰ্শন

উত্তম শইকীয়া by উত্তম শইকীয়া
January 25, 2021 7:37 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

201
VIEWS
Share on FacebookShare on Twitter

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি বােকাখাতটো বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্রীয় ভােটাৰ দিৱস উদযাপন কৰা হয়।

এই উপলক্ষ্যে বােকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত মহকুমাধিপতি বিপুল দাসৰ পৌৰহিত্যত অনুষ্ঠিত সভাত মহকুমাটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিক, সাংবাদিক, ছাত্র-ছাত্রী, বি এল অ আৰু বিষয়া-কমচাৰী সকল উপস্থিত থাকে।

অনুষ্ঠানত মহকুমাধিপতি বিপুল দাসে দিয়া ভাষণ প্ৰসংগত ৰাষ্ট্রীয় ভােটাৰ দিৱসৰ তাৎপৰ্য বাখ্যা কৰে।

সভাত কেইবাগৰাকীও বক্তাই ভােটাৰ দিৱসৰ বিভিন্ন দিশ পর্যালােচনা কৰি এখন সুস্থ আৰু নিকা চৰকাৰ গঠনত নিজৰ ভােটাধিকাৰ সাব্যস্ত কৰিবলৈ সকলােকে আহ্বান জনায়।

ৰাষ্ট্ৰীয় ভােটাৰ দিৱসৰ লগত সংগতি ৰাখি বােকাখাত নির্বাচনী বিভাগৰ তৰফৰ পৰা ৯২ নং বােকাখাত বিধানসভা সমষ্টিৰ চাৰি গৰাকী শতায়ু গৰকা জেষ্ঠ্য ভােটাৰ ক্রমে ৫৯নং ভােটদান কেন্দ্রৰ ধুলে পেগু, ১০৪ নং ভােটদান কেন্দ্রৰ গােলাপী তাঁতী আৰু গাদুমী মৰাং, ৫১ নং ভােটদান কেন্দ্রৰ বলোৰাম হাজৰিকাক নিজ বাসগৃহত সম্বর্ধনা জনায়।

ৰাষ্ট্রীয় ভােটাৰ দিৱস উপলক্ষ্যে বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ত বােকাখাত নিৰ্বাচনী কাৰ্যালয়ৰ উদ্যোগত ছাত্র-ছাত্রীসকলৰ মাজত কুইজ প্রতিযােগিতাও অনুষ্ঠিত কৰা হয়।

উক্ত কুইজ প্রতিযােগিতাত প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্রমে জ্ঞান মার্গ একাডেমিৰ ৰোহিত ৰাৱট আৰু টিনা দাস, চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ বিপ্লৱ ছেত্রী আৰু আশীষ শর্মা, বেষ্ট একাডেমিৰ গৌৰৱ হাজৰিকা আৰু স্নেহা বৰা বাঢ়ৈ।

উল্লেখযােগ্য যে সভাৰ আৰম্ভণিতে মহকুমা নিৰ্বাচনী বিভাগৰ উদ্যোগত ভােটাৰ সজাগতাৰ বাবে এখনি চুটি নাট প্রদর্শন কৰাৰ লগতে বােকাখাতৰ বিভিন্ন এলেকাত বাটৰ নাট আৰু ফ্লেছ ম’ব ডান্স প্রদর্শন কৰা হয়।

ইফালে আজি বোকাখাত পৌৰসভাৰ উদ্যোগত বোকাখাত নগৰ এলেকাত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনৰ আৱাস গৃহ লাভ কৰি নিমাৰ্ণ কাৰ্য্য সম্পূৰ্ণ কৰা মুঠ চাৰিটা ঘৰত “গৃহ প্ৰৱেশ সমাৰোহ” অনুস্থিত হয় ৷

এই অনুষ্ঠানত বোকাখাত মহকুমাৰ মহকুমাধিপতি বিপুল দাস, বোকাখাত পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া মানসজ্যোতি নাথ, প্ৰধান মন্ত্রী আৱাস যোজনাৰ গোলাঘাট জিলা প্ৰকল্প পৰিচালক  শংকৰ প্ৰসাদ বিশ্বাস আৰু পৌৰসভাৰ বিভাগীয় কৰ্মচাৰীৰ উপস্থিত থাকে ।

Recent News

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd