অসম বিধানসভাত কিমানজন কোটিপতি বিধায়ক আছে তাৰ তথ্য প্ৰকাশ কৰিছে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ(এডিআৰ) এণ্ড আছাম ইলেকশ্যন ৱাটছে।
তথ্য অনুসৰি বৰ্তমানৰ ১১৯ গৰাকী বিধায়কৰ ভিতৰত ৬৭ গৰাকীয়ে কোটিপতি বিধায়ক। অর্থাৎ এই ৬৭ গৰাকী বিধায়কৰ মুঠ সম্পত্তিৰ পৰিমান ১ কোটি বা তাতকৈ অধিক।
সৰ্বাধিক ধনী বিধায়কৰ ভিতৰত শীৰ্ষত আছে অসম গণ পৰিষদ (অগপ) দলৰ নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱাল। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে ৩৩.৯৪ কোটি।
১৭.২৩ কোটি সম্পত্তিৰে দ্বিতীয় স্থানত আছে বিজেপিৰ বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা। আনহাতে ১৩.১০ কোটি সম্পত্তিৰে এ আই য়ু ডি এফৰ হোজাইৰ বিধায়ক আব্দুৰ ৰহিম আজমল তৃতীয় স্থানত আছে।
ইফালে সকলোতকৈ দুখীয়া বিধায়ক হৈছে এআইয়ুডিএফৰ জলেশ্বৰৰ বিধায়ক চাহাব উদ্দিন আহমেদ। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে ১.৮১ লাখ।
দল হিচাপত ৫৯ গৰাকী বিজেপি বিধায়কৰ ৩৪(৫৮ শতাংশ)জন, ২০গৰাকী কংগ্ৰেছী বিধায়কৰ ১১(৫৫ শতাংশ)জন, ১৩ গৰাকী অগপ বিধায়কৰ ১০ (৭৭ শতাংশ)জন, ১২ জন বিপিএফৰ বিধায়কৰ ভিতৰত ৭(৫৮ শতাংশ)জন আৰু ১৪ গৰাকী এ আই য়ু ডি এফৰ বিধায়কৰ ভিতৰত ৫ (৩৬ শতাংশ)জন ১ কোটি বা তাতকৈ অধিক সম্পত্তিৰ অধিকাৰী।
২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত আৰু উপ-নিৰ্বাচনৰ সময়ত দাখিল কৰা শপতনামাৰ পৰা এই তথ্য সংগ্ৰহ কৰা হৈছে।
২০০৬ চনৰ তুলনাত মুঠ কোটিপতি বিধায়কৰ সংখ্যা ৫ গুণ বৃদ্ধি পাইছে।
২০০৬ত মুঠ বিধায়কৰ মাত্ৰ ১২জন(১২ শতাংশ) বিধায়কহে কোটিপতি আছিল। আনহাতে ২০১১ত এই সংখ্যা ৪৭(৩৭ শতাংশ)লৈ বৃদ্ধি পায়।