• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰীমন্ত শংকৰ মিশ্যনৰ ভূমিত প্ৰস্তাৱিত ভুপেন হাজৰিকা কলাক্ষেত্ৰৰ প্ৰশাসনিক অনুমোদন লাভ

নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিশ্যনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

মুৰলী বৰুৱা by মুৰলী বৰুৱা
January 30, 2021 8:54 pm
bhupen-hazarika-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 উত্তৰ পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়।

নগাঁও চহৰৰ পানীগাঁও চাৰিআলিস্হিত শ্ৰীমন্ত শংকৰ মিশ্যনৰ মুখ্য কাৰ্যালয়ত আজি পুৱা স্বচ্ছতা, মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন, স্মৃতি তৰ্পণৰ পাছতে মিশ্যনৰ পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰে অনুষ্ঠানটিৰ সভাপতি ডাঃ ধীৰেন বৰকাকতীয়ে।

Apply Now

ইয়াৰ পাছতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি উলিওৱা শোভাযাত্ৰাটি আনুষ্ঠানিকভাৱে মুকলি কৰে উপ-সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকনে।

শোভাযাত্ৰাটি মুকলি কৰাৰ লগতে ইয়াত উপস্থিত থকা জ্যেষ্ঠ নাগৰিক তথা মিশ্যনৰ প্ৰাক্তন সভাপতি তৰুন চন্দ্ৰ বৰদলৈ আৰু বিশিষ্ট সমাজসেৱক , জ্যেষ্ঠ সাংবাদিক ৰাজেন বৰকাকতীক আদৰণি জনোৱা হয়।

শোভাযাত্ৰাটি চহৰখনত পৰিভ্ৰমণ কৰি মিশ্যনৰ মুখ্য কাৰ্যালয় উপস্থিত হোৱাৰ পাছতে লোকসেৱক হলধৰ ভূঞা সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান।

এই সভাৰ প্ৰাৰম্ভতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সম্বৰ্ধনা গ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই কয় – শ্ৰীমন্ত শংকৰ মিশ্যন এনে এটা স্বেচ্ছাসেৱী সংগঠন যিটো অনুষ্ঠানৰ গৰিমা সমগ্ৰ উত্তৰ-পূব ভাৰততে বিৰাজমান।

বিগত ৭২ টা বছৰত শ্ৰীমন্ত শংকৰ মিশ্যনে সমাজলৈ যি সেৱা আগবঢ়ালে ই আমাৰ নগাঁও বাসীৰ বাবে গৌৰৱৰ বিষয়। এই বৰ্ণিল ইতিহাসৰ সাক্ষী শ্ৰীমন্ত শংকৰ মিশ্যনৰ পানীগাঁও ছয়আলিত থকা ভুমিত ড: ভূপেন হাজৰিকাৰ নামেৰে অত্যাধুনিক সাংস্কৃতিক কলাক্ষেত্ৰ নিৰ্মাণৰ বাবে এটি প্ৰয়াস চলোৱা হৈছিল।

সৌভাগ্যৰ কথা যে, প্ৰায় ২৩ কোটি টকাৰে নিৰ্মাণ কৰিব লগা প্ৰস্তাৱিত ভূপেন হাজৰিকা কলাক্ষেত্ৰৰ প্ৰকল্পটোৰ বাবে  ইতিমধ্যে প্ৰশাসনিক অনুমোদন লাভ কৰা হৈছে।

আগন্তুক দিনত এই অভিলাষী প্ৰকল্পটোৰ কাম আৰম্ভ হ’ব বুলি আশা ৰাখিছোঁ বুলি বিধায়ক ৰূপক শৰ্মাই মন্তব্য প্ৰকাশ কৰাৰ লগতে অনাগত দিনত শ্ৰীমন্ত শংকৰ মিশ্যনৰ প্ৰতি সহযোগিতা আগবঢ়োৱাৰ কথা অৱগত কৰে।

ইয়াৰ পাছতে ডা: ধীৰেন বৰকাকতীৰ সভাপতিত্ব অনুষ্ঠিত তথা মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাই আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে বিশিষ্ট গল্পকাৰ, সাহিত্যিক শিবানন্দ কাকতি আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক গুণ শইকীয়াই।

উক্ত সভাতে বিগত সময়খিনিত সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম চৰকাৰৰ জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক কবীন বৰা , জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা গোপেশ্বৰ বৰা আৰু  পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰকল্প বিষয়া ডা: লম্বোদৰ হাজৰিকাক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

এই সভাতেই   ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা শ্ৰীমন্ত শংকৰ মিশ্যনৰ চাৰি গৰাকী শিক্ষাৰ্থীক প্ৰচলাকান্ত ভূঞা আৰু প্ৰয়াত গিৰিজাবালা ভূঞা ন্যাসৰ দ্বাৰা আগবঢ়োৱা জলপানি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।

বিয়লি সাংস্কৃতিক অনুষ্ঠান আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি পৰে।

মুৰলী বৰুৱা

মুৰলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd