• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্ৰীমন্ত শংকৰ মিশ্যনৰ ভূমিত প্ৰস্তাৱিত ভুপেন হাজৰিকা কলাক্ষেত্ৰৰ প্ৰশাসনিক অনুমোদন লাভ

নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিশ্যনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

NE NOW NEWS মুৰলী বৰুৱা
নগাঁও , January 30, 2021 8:54 pm

3 min read

bhupen-hazarika-
125
VIEWS
Share on FacebookShare on Twitter

 উত্তৰ পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়।

নগাঁও চহৰৰ পানীগাঁও চাৰিআলিস্হিত শ্ৰীমন্ত শংকৰ মিশ্যনৰ মুখ্য কাৰ্যালয়ত আজি পুৱা স্বচ্ছতা, মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন, স্মৃতি তৰ্পণৰ পাছতে মিশ্যনৰ পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰে অনুষ্ঠানটিৰ সভাপতি ডাঃ ধীৰেন বৰকাকতীয়ে।

ইয়াৰ পাছতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি উলিওৱা শোভাযাত্ৰাটি আনুষ্ঠানিকভাৱে মুকলি কৰে উপ-সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকনে।

শোভাযাত্ৰাটি মুকলি কৰাৰ লগতে ইয়াত উপস্থিত থকা জ্যেষ্ঠ নাগৰিক তথা মিশ্যনৰ প্ৰাক্তন সভাপতি তৰুন চন্দ্ৰ বৰদলৈ আৰু বিশিষ্ট সমাজসেৱক , জ্যেষ্ঠ সাংবাদিক ৰাজেন বৰকাকতীক আদৰণি জনোৱা হয়।

শোভাযাত্ৰাটি চহৰখনত পৰিভ্ৰমণ কৰি মিশ্যনৰ মুখ্য কাৰ্যালয় উপস্থিত হোৱাৰ পাছতে লোকসেৱক হলধৰ ভূঞা সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান।

এই সভাৰ প্ৰাৰম্ভতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সম্বৰ্ধনা গ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই কয় – শ্ৰীমন্ত শংকৰ মিশ্যন এনে এটা স্বেচ্ছাসেৱী সংগঠন যিটো অনুষ্ঠানৰ গৰিমা সমগ্ৰ উত্তৰ-পূব ভাৰততে বিৰাজমান।

বিগত ৭২ টা বছৰত শ্ৰীমন্ত শংকৰ মিশ্যনে সমাজলৈ যি সেৱা আগবঢ়ালে ই আমাৰ নগাঁও বাসীৰ বাবে গৌৰৱৰ বিষয়। এই বৰ্ণিল ইতিহাসৰ সাক্ষী শ্ৰীমন্ত শংকৰ মিশ্যনৰ পানীগাঁও ছয়আলিত থকা ভুমিত ড: ভূপেন হাজৰিকাৰ নামেৰে অত্যাধুনিক সাংস্কৃতিক কলাক্ষেত্ৰ নিৰ্মাণৰ বাবে এটি প্ৰয়াস চলোৱা হৈছিল।

সৌভাগ্যৰ কথা যে, প্ৰায় ২৩ কোটি টকাৰে নিৰ্মাণ কৰিব লগা প্ৰস্তাৱিত ভূপেন হাজৰিকা কলাক্ষেত্ৰৰ প্ৰকল্পটোৰ বাবে  ইতিমধ্যে প্ৰশাসনিক অনুমোদন লাভ কৰা হৈছে।

আগন্তুক দিনত এই অভিলাষী প্ৰকল্পটোৰ কাম আৰম্ভ হ’ব বুলি আশা ৰাখিছোঁ বুলি বিধায়ক ৰূপক শৰ্মাই মন্তব্য প্ৰকাশ কৰাৰ লগতে অনাগত দিনত শ্ৰীমন্ত শংকৰ মিশ্যনৰ প্ৰতি সহযোগিতা আগবঢ়োৱাৰ কথা অৱগত কৰে।

ইয়াৰ পাছতে ডা: ধীৰেন বৰকাকতীৰ সভাপতিত্ব অনুষ্ঠিত তথা মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাই আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে বিশিষ্ট গল্পকাৰ, সাহিত্যিক শিবানন্দ কাকতি আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক গুণ শইকীয়াই।

উক্ত সভাতে বিগত সময়খিনিত সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম চৰকাৰৰ জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক কবীন বৰা , জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা গোপেশ্বৰ বৰা আৰু  পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰকল্প বিষয়া ডা: লম্বোদৰ হাজৰিকাক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

এই সভাতেই   ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা শ্ৰীমন্ত শংকৰ মিশ্যনৰ চাৰি গৰাকী শিক্ষাৰ্থীক প্ৰচলাকান্ত ভূঞা আৰু প্ৰয়াত গিৰিজাবালা ভূঞা ন্যাসৰ দ্বাৰা আগবঢ়োৱা জলপানি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।

বিয়লি সাংস্কৃতিক অনুষ্ঠান আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি পৰে।

Recent News

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

index-12-750x376

অগপই প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা : তেজপুৰত বৃন্দাবন বাহিৰ; বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাক প্ৰাৰ্থীত্ব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd