ম্যানমাৰত সামৰিক অভিযানত দেশখনৰ ৰাষ্ট্ৰপতি উইন মিনত, ক্ষমতাসীন দলৰ নেত্ৰী আং চান ছ্যু কী-কে ধৰি শাসকীয় দলৰ কেইবাগৰাকীও শীৰ্ষ নেতাক সেনাই আটক কৰিছে।
সোমবাৰে পুৱতি নিশা সেনাবাহিনীয়ে চলোৱা অভিযানত তেওঁলোকক আটক কৰা হৈছে বুলি জানিবলৈ দিয়ে শাসকীয় দলৰ মুখপাত্ৰ মায়ো নিউনতে।
মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে যে সোমবাৰে ধলপুৱাতে আং চান ছ্যু কী, ৰাষ্ট্ৰপতি উইন মিনত আৰু আন শীৰ্ষ নেতাসকলক আটক কৰা হৈছে।
তেওঁ জনসাধাৰণক উত্তেজিত নহ’বলৈ আহ্বান জনাইছে আৰু আইন অনুসৰণ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে।
ম্যানমাৰৰ সামৰিক বাহিনীয়ে যোৱা বছৰ নৱেম্বৰ মাহত অনুষ্ঠিত নিৰ্বাচনত ব্যাপক ভোট জালিয়াতিৰ অভিযোগ তুলিছিল। বাতৰি অনুৰি, সেই অভিযোগৰ ভিত্তিতে এই অভিযান চলোৱা হৈছে।
উল্লেখ্য যে আং চান ছ্যু কী নেতৃত্বাধীন নেশ্যনেল লীগ ফৰ ডেম’ক্ৰেচি (এন এল ডি)য়ে নৱেম্বৰৰ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল।
আনহাতে, মানৱ অধিকাৰ সংস্থাসমূহে সেই নিৰ্বাচনত সংঘাত জৰ্জৰিত অঞ্চলৰ ভোটাৰসকলক ভোটদানৰ পৰা বঞ্চিত কৰাৰ অভিযোগ তুলিছিল।
সেইদৰে, সামৰিক বাহিনী সমৰ্থিত বিৰোধী জোঁটেও সেইবাৰৰ নিৰ্বাচনত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ আনিছিল।