• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাৰীক যৌনগন্ধী মন্তব্যৰে ৰাজহুৱাভাৱে অপমান : জুবিনক ক্ষমা খোজাৰ দাবী নৰ্থ ইষ্ট ইণ্ডিয়া এচ’ছিয়েশ্যন ফ’ৰ ৱমেনছ ষ্টাডিজৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2021 7:04 am
zubeengarg1-889
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিসময়ত মহিলা সবলীকৰণৰ হকে তথা সমাজত লিংগ বৈষম্য দূৰীকৰণৰ বাবে বিভিন্ন সামাজিক সংস্থাসমূহে অহোপুৰুষাৰ্থ কৰি আহিছে, সেই সময়ত অসমৰ যুব প্ৰজন্মৰ হাৰ্টথ্ৰব ৰূপে পৰিগণিত জুবিন গাৰ্গে মহিলাৰ বিৰুদ্ধে আপত্তিজনক আৰু অশালীন মন্তব্য কৰা বিষয়টোয়ে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

চ’ছিয়েল মিডিয়াত জুবিনৰ এই কাণ্ডক বিভিন্নজনে বিৰোধ কৰাৰ সমান্তৰালভাৱে নৰ্থ ইষ্ট ইণ্ডিয়া এচ’ছিয়েশ্যন ফ’ৰ ৱমেনছ ষ্টাডিজ(NEIAWS)এ তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে গৰিহণা দিছে।

Apply Now

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত নৰ্থ ইষ্ট ইণ্ডিয়া এচ’ছিয়েশ্যন ফ’ৰ ৱমেনচ ষ্টাডিজ-এ জুবিন গাৰ্গৰ এনে নিকৃষ্ট কাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ক্ষমা খুজিবলৈয়ো দাবী জনাইছে।

উল্লেখযোগ্য যে যোৱা ৩০ জানুৱাৰীত অনুষ্ঠিত প্ৰাগ চিনে এৱাৰ্ডছৰ অনুষ্ঠানত জুবিনে নিশিতা গোস্বামীৰ প্ৰতি অশালীন মন্তব্য কৰাৰ লগতে আন এগৰাকী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ শাৰীৰিক অভিব্যক্তিক লৈও আপত্তিজনক মন্তব্য কৰিছিল।

কেৱল এয়াই নহয় জুবিনে ‘এনাজৰী’ নামৰ প্ৰগতিশীল বেচৰকাৰী সংস্থাটোৰ প্ৰতিষ্ঠাপক মিলিন দত্তকো মঞ্চত অনুভৱ প্ৰকাশ কৰি থকাৰ মাজতে বাধা দি আঁতৰি যাবলৈ কৈ চূড়ান্ত পুৰুষতান্ত্ৰিকতাৰ পৰিচয় দি অশোভনীয় আচৰণ কৰা পৰিলক্ষিত হয়, যাৰবাবে ‘জোনাকী পৰুৱা’ বোলছবিৰ বাবে বঁটা লাভ কৰা মিলিন দত্তই চ’ছিয়েল মিদিয়া যোগে ট্ৰান্স সম্প্ৰদায়ৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰক লৈ বিষোদগাৰ প্ৰকাশ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷

নৰ্থ ইষ্ট ইণ্ডিয়া এছ’চিয়েশ্যন ফ’ৰ ৱমেনছ ষ্টাডিজ নামৰ সংগঠনটোৱে জুবিনৰ এনে গৰ্হিত কাৰ্যক সহজে ল’ব পৰা নাই। উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইজন শিক্ষাবিদ, সমাজকৰ্মীৰে গঠিত সংগঠনটোৱে মত প্ৰকাশ কৰে যে গায়কজনৰ এনে আচৰণ ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা পৰিসৰতেই অগ্ৰহণীয় তথা প্ৰগতিশীল সমাজ এখনৰ বাবে সমীচীন নহয়। গায়কজনৰ লিংগ সংবেদনহীন মন্তব্য আৰু ব্যক্তিসত্বাক কৰা অপমানৰ বাবে অভিনেত্ৰী নিশিতা গোস্বামী, প্ৰস্তুতি পৰাশৰৰ লগতে মিলিন দত্তৰ ওচৰত লিখিতভাৱে ক্ষমা খুজিবলৈ সংগঠনটোৱে দাবী জনাইছে৷

সংগঠনটোৰ মতে সমাজত লিংগভিত্তিক সজাগতা আৰু সংবেদনশীলতাৰ প্ৰয়োজনীয়তাৰ কথা সেই সন্ধিয়াটোৱেই প্ৰমাণ কৰি দেখুৱালে কিয়নো উক্ত দিনটোত মঞ্চত উপৱিষ্টসকলকে ধৰি অনুষ্ঠানটোত উপস্থিত বেছি সংখ্যক দৰ্শকে গায়কজনৰ এনে আচৰণক প্ৰতিবাদ কৰাৰ পৰিৱৰ্তে সহজভাৱে গ্ৰহণ কৰি হাস্যবদনেৰে উল্লাস প্ৰদৰ্শনহে কৰিলে৷

নৱপ্ৰজন্মৰ এক বৃহৎ অংশৰ আকাংক্ষাক প্ৰতিফলিত কৰা জুবিন গাৰ্গৰ দৰে এজন সাংস্কৃতিক প্ৰতিনিধিয়ে এনে কাৰ্যৰ জৰিয়তে জনতাৰ আৰু বিশেষভাৱে নাৰীসমাজৰ স্বাভিমানত কুঠাৰঘাট কৰিছে বুলি সংগঠনটোৱে মতপোষণ কৰিছে৷

সংগঠনটোৱে ঘটনাটোত জড়িত মহিলা দুগৰাকীৰ লগতে এনে লিংগসংবেদনহীন আচৰণৰ বাবে গায়কজনক সকলো মহিলাৰ ওচৰত আৰু ট্ৰান্স সম্প্ৰদায়ৰ ওচৰত বিনাচৰ্তে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈও দাবী জনাইছে৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

October 2, 2026 7:51 am
হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

October 2, 2026 7:51 am
হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd