• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

TikTok নহয় এইবাৰ TipTeapi! অসমৰ তিনি যুৱ প্ৰতিভাৰ অভিনৱ প্ৰয়াস

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
February 7, 2021 9:35 am
TipTeapi-1140x568

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ তিনিগৰাকী যুৱ প্ৰতিভাই বিশ্ব প্ৰসিদ্ধ চীনা টিকটক এপ’ৰ প্ৰত্যুত্তৰত প্ৰস্তুত কৰি উলিয়াইছে এটি নতুন এপ টিপ টিপাই (TipTeapi)।

TipTeapi প্ৰস্তুত কৰি উলিয়াইছে দেৰগাঁৱৰ শাস্বতী কটকী, যোৰহাটৰ অমৰজ্যোতি গৌতম আৰু ডিব্ৰুগড়ৰ হিমাংগ মধুকল্যই। তেওঁলোক তিনিওগৰাকীয়েই যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

Apply Now

প্ৰাথমিকভাৱে মনোৰঞ্জনৰ উদ্দেশ্য প্ৰস্তুত কৰি উলিওৱা এই এপটো সাইলাখ টিকিটকৰ দৰেই ভিডিঅ’ শ্বেয়াৰিং এপ।

TipTeapi এটা বিনামূলীয়া এপ আৰু ইয়াক গুগল প্লে ষ্ট’ৰৰ পৰা ডাউনলোড কৰিব পৰা যায়। এপটো ভাৰতৰ লগতে আন কেইখনমান দেশৰ য়ুজাৰৰ বাবে মুকলি কৰা হৈছে।

শনিবাৰে যোৰহাট প্ৰেছ ক্লাৱত এপটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

ছেলছ, মাৰ্কেটিং, এইচ আৰ আৰু আইন বিষয়ৰ দায়িত্বত থকা শাস্বতীয়ে কয় যে তেওঁলোকে এপটো জনসাধাৰণক ধেমেলীয়া, ৰন্ধন, নাটক, সংগীত, কলা, বিজ্ঞান তথা শিক্ষাৰ দৰে বিভিন্ন শাখাত তেওঁলোকৰ প্ৰতিভা দাঙি ধৰাৰ বাবে এখন মঞ্চ আগবঢ়োৱাৰ লক্ষ্যৰে মুকলি কৰা হৈছে।

ইয়াত মুঠতে ১২টা শাখা আছে। জনসাধাৰণে তেওঁলোকৰ নিজৰ ভিডিঅ’ আপলোড কৰিব পাৰে যিটো আনে দেখিব।

টিকটকৰ দৰেই ইয়াতো কোনোৱে বন্ধু গঢ়াৰ লগতে ফল’, লাইক আৰু ভিডিঅ’ শ্বেয়াৰ কৰিব পাৰিব।

‘’য়ুজাৰসকলে ছচিয়েল মিডিয়াৰ জৰিয়তে ভিডিঅ’সমূহ লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব পাৰিব,’’-শাস্বতীয়ে কয়। শাস্বতীয়ে লগতে জানিবলৈ দিয়ে যে চীনা এপৰ বিপৰীতে এই এপটো সুৰক্ষিত আৰু নিৰাপদ তথা ব্যক্তিগত সুৰক্ষা বিদ্যমান।

আপত্তিজনক বিষয়বস্তু আপলোড সম্পৰ্কত শাস্বতীয়ে কয় যে যদি কোনো তেনেকুৱা ঘটনা ঘটে আৰু কোনো য়ুজাৰৰ বা দৰ্শকৰ পৰা অভিযোগ পোৱা যায় তেতিয়া তেওঁলোকে বিষয়টো নিৰীক্ষণ কৰি প্ৰয়োজন হ’লে ভিডিঅ’টো ব্লক কৰি দিব।

এপটো প্ৰস্তুত কৰাৰ আঁৰৰ কাহিনী দাঙি ধৰি  চীফ প্ৰডাক্ট ইঞ্জিনিয়াৰ অমৰজ্যোতিয়ে কয় যে ২০১৯ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁলোক তিনিওগৰাকীয়ে চাকৰি বিচৰাৰ পৰিৱৰ্তে নিজাকৈ কিবা এটা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

তেওঁ কয় যে কোভিড-১৯ মহামাৰীয়ে স্বাভাৱিক জীৱন যাত্ৰা তথা অৰ্থনৈতিক কাৰ্যকলাপ ব্যহত কৰি তোলাৰ সময়তে তেওঁলোকে মনোৰঞ্জন আৰু আন ব্যৱহাৰৰ বাবে এটা এপ প্ৰস্তুত কৰাৰ বাবে আগাবঢ়ি আহে।

গ্ৰুপটোৰ ডাটাবেচ তথা চাৰ্ভিছ ইঞ্জিনিয়াৰ হিমাংগই কয় যে তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ প্ৰাক্তন ছাত্ৰ এগৰাকীৰ পৰা সহায় লাভ কৰিছিল আৰু তেওঁ ষ্টাৰ্ট আপটো গঠন কৰিবলৈ ১০ লাখ টকা সাহায্য আগবঢ়াইছিল।

তেওঁ কয় যে এপটো প্ৰস্তুত কৰি তুলিবলৈ ছয় মাহ সময় লৈছিল আৰু এপটো পাছত ভাৰতৰ বাহিৰত মুকলি কৰাৰো পৰিকল্পনা আছে।

তেওঁ জানিবলৈ দিয়ে যে এপটোৰ বিষয়ে তথ্য সম্বলিত পেজবোৰ ফেচবুক তথা ইনষ্টাগ্ৰামত মুকলি কৰি দিয়া হৈছে।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এডভান্স কম্পিউটেশ্যন এণ্ড ডাটা চাৰ্ভিছৰ টেকনিকেল অফিচাৰ ধীমান ভট্টাচাৰ্য।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd