ম্যানমাৰৰ জনসাধাৰণে আজি দেশখনৰ সামৰিক শাসনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহে।
ম্যানমাৰৰ ৰাজধানী ন্যায়প্যিদাত প্ৰতিবাদকাৰী জনসাধাৰণৰ ওপৰত ম্যানমাৰ আৰক্ষীয়ে পানী বোমা নিক্ষেপ কৰে।
বন্দী নেত্ৰী চ্যু কীকে ধৰি অন্যান্য নেতা সকলক মুকলি কৰি দিয়াৰ দাবীৰে হাজাৰ হাজাৰ ম্যানমাৰৰ জনসাধাৰণে সেনা বাহিনীৰ ভয়ক আওকান কৰি ৰাজপথলৈ ওলাই আহে।
‘‘আশান্তি বিয়পোৱা, জনসাধাৰণৰ সুৰক্ষা বিঘ্নিত কৰা আৰু আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব,’’ ম্যানমাৰ আৰক্ষীৰ এগৰাকী বিষয়াই এইদৰে কয়।
উল্লেখযোগ্য যে, ম্যানমাৰৰ সেনা বাহিনীয়ে দেশখনৰ সদ্যসমাপ্ত নিৰ্বাচনত জালিয়াতিৰ অভিযোগ তুলি দেশৰ ক্ষমতা পুনৰ দখল কৰিছিল।
সেনা বাহিনীৰ দ্বাৰা গণতন্ত্ৰ ভংগ কৰি হোৱা অভ্যুত্থানৰ বিৰোধিতাৰে ম্যানমাৰৰ চিকিৎসাকৰ্মী, শিক্ষক সকলেও গণ অসহযোগ কাৰ্য্যসূচী ঘোষণা কৰিছিল।
শিক্ষক আৰু চিকিৎসাকৰ্মী সকলে হাতে হাতে ৰঙা ফিটা পৰিধান কৰি ম্যানমাৰ সেনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।