বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰখনক এখন শান্তিৰ চহৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে বিটিআৰ পৰিষদীয় চৰকাৰে গ্ৰহণ কৰিছে প্ৰথম পদক্ষেপ৷
এই পদক্ষেপৰ অংশ হিচাপে বিটিআৰ প্ৰশাসনে আয়োজন কৰিব এক বিশাল সাংস্কৃতিক বিনিময় সমাৰোহ৷
আজি কোকৰাঝাৰ চহৰৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্প চৌহদত আয়োজন কৰা এখন সংবাদ মেলত বিটিআৰৰ কাৰ্যবাহী সদস্য দাওবাইচা বড়োই কয় যে অহা ১৯, ২০ আৰু ২১ ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহখন আয়োজন কৰা হৈছে৷
উক্ত সাংস্কৃতিক সমাৰোহত বিটিআৰ অঞ্চলৰ জাতি-জনগোষ্ঠীৰ সংস্কৃতিসমূহ উপস্থাপন কৰাৰ লগতে সাংস্কৃতিক বিনিময়ৰ ব্যৱস্থা কৰা হ’ব৷
তদুপৰি থলুৱা জনগোষ্ঠীয় চলচ্চিত্ৰ জগতৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কেও আলোচনা কৰা হ’ব বুলি সদৰি কৰিছে কাৰ্যবাহী সদস্যগৰাকীয়ে৷
সংবাদমেলখনত কাৰ্যৱাহী সদস্য গৰাকীয়ে সাংস্কৃতিক সমাৰোহৰ সৈতে সংগতি ৰাখি আলোচনা চক্ৰ, সাংস্কৃতিক শোভাযাত্ৰা আদিৰো আয়োজন কৰা হৈছে বুলি কয়৷
উল্লেখ্য যে সাংস্কৃতিক সমাৰোহৰ কাৰ্যসূচীত বিশিষ্ট ভাস্কৰ্য শিল্পী জনক ঝংকাৰ নাৰ্জাৰী, বিটিআৰৰ মুখ্য কাৰ্যৱাহী প্ৰমোদ বড়ো, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ, ছবি প্ৰযোজক, পৰিচালক পৱিত্ৰ ৰাভা, অৰুপ মান্না অভিনেত্ৰী গায়ত্ৰী মহন্তসহ কেবাগৰাকীও যশস্বী শিল্পীয়ে অংশ গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে৷