কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ বোকাবিল বনশিৱিৰ এলেকাত আজি সন্ধ্যা গঁড়ৰ আক্ৰমণত পুনৰ এজন বনকৰ্মী নিহত হয় ৷
টিপুচৰণ চাহু নামৰ বনকৰ্মীজনে লগৰ দুজন সতীৰ্থৰ লগত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে পহৰা দি থাকোতেই গঁড়ে আক্ৰমণকৰে ৷
গঁড়ৰ আক্ৰমণত গুৰুতৰভাবে আহত হয় টিপুচৰণ চাহু ৷ লগে লগে বনকৰ্মী টিপুচৰণ চাহুক কহঁৰাৰ চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷
নিহত টিপুচৰণ চাহুৰ ঘৰ বোকাখাত মহকুমাৰ কমাৰগাওঁ থানা এলেকাৰ অন্তৰ্গত সেন্দুৰীটিং বাগিচাত বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভনিতেই কাজিৰঙাত গঁড়ৰ আক্ৰমণত দুজন বনকৰ্মীৰ মৃত্যু ঘটিছে ৷ আজি সংঘটিত ঘটনাৰ পূৰ্বে যোৱা ৩০ জানুৱাৰীত ৰাষ্ট্ৰীয় উদ্যান খনৰ অগৰাতলি বনাঞ্চলত গঁড়ৰ আক্ৰমণত মহেশ্বৰ হাজৰিকা নামৰ এজন বনকৰ্মী নিহত হৈছিল৷
বৃহস্পতি বাৰৰ পুৱা টিপুচৰণ চাহুৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হব বুলি জানিব পৰা গৈছে ৷