• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত শ্ৰমিকৰ মাটি চৰকাৰী ভূমি বুলি দখলৰ অভিযোগ : চাহ শ্ৰমিকৰ প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2021 5:37 pm
tea-worker-protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ বিধায়ক তথা অসমৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ ছত্ৰছায়াত ক্ৰমাৎ ধনবলী আৰু বাহুলী হৈ উঠিছে একাংশ দালাল, ঠিকাদাৰ। মন্ত্ৰী আশীষধন্য উক্ত চক্ৰটোৱে বোকাখাতৰ বিধান সমষ্টি অন্তৰ্গত চাহ শ্ৰমিকৰ মাটি বলপূৰ্বকভাৱে কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন হৈছে।

বোকাখাত বিধানসভা সমষ্টিৰ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত হাতীখুলিৰ ৰঙাজান চাহ বাগিছাৰ শ্ৰমিকে পুৰুষানুক্ৰমে ভোগ দখল কৰি খাজনা দি অহা ভূমি একাংশ বাহুবলী আৰু ধনবলী অগপৰ স্থানীয় নেতাই চক্ৰান্ত কৰি দখল কৰাৰ অভিযোগ উঠিছে।

Apply Now

স্থানীয় গাঁওবুঢ়াৰ সহযোগত অগপৰ পালিনেতা, ঠিকাদাৰে চক্ৰান্তমূলকভাৱে ভূমি দখল কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰি মন্ত্ৰী অতুল বৰাৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় চাহ শ্ৰমিকসকলে।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হাতীখুলি প্ৰাথমিক গোটে এই ভূমি দখল কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে একাংশৰ ৰাইজৰ সহযোগ তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰিছে।

যি সময়ত চৰকাৰে জাতি, মেটি, ভেটি সুৰক্ষাৰ শ্ল’গান দি ক্ষমতা দখল কৰিছিল সেই সময় চৰকাৰ অংশীদাৰ এটা দলৰ বাহুবলী, ধনবলী পালিনেতা দালালে দুখীয়া শ্ৰমিক শ্ৰেণী লোকৰ ভূমি দখল কৰা কাৰ্যক কোনো কাৰণতে মানি লোৱা নহ’ব বুলি হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে।

সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কাজিৰঙা আৰু বোকাখাত সমিতিয়ে বহু বছৰ ধৰি খাজনা দি অহা শ্ৰমিকৰ ভূমি কোনো কাৰণতে এক ইঞ্জিয়ো এৰি দিয়া নহ’ব বুলি সকিয়নী প্ৰদান কৰিছে।

ইফালে বিজেপি দলৰ ৰাজ্যিক কমিটিৰ পৰমেশ্বৰ পানিকাই উক্ত ভূমিৰ সম্পৰ্কে মন্ত্ৰী অতুল বৰাৰ সৈতে আলোচনা কৰিবলৈ যাওঁতে ‘মোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছা, গোচৰ তৰি জেইলত ভৰাই থ’ম’ বুলি ভাবুকি প্ৰদান কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

বোকাখাত ৰাজহ চক্ৰ বিষয়াই জনোৱা অনুসৰি স্থানীয় ৰাইজৰ উন্নয়ৰ বাবে কাজিৰঙাত এখন গাহৰি প্ৰজনন কেন্দ্ৰ স্থাপনৰ বাবে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই ভূমি বিচাৰি এক প্ৰস্তাৱ আগবঢ়াইছিল।

মন্ত্ৰীৰ প্ৰস্তাৱ মৰ্মে গোলাঘাট আৰু কাৰবি অংলং জিলাৰ সীমান্তৱৰ্তী হাতীখুলি বাগিছাৰ গাঁৱত থকা চৰকাৰী ভূমিৰ মুঠ ৮৬ বিঘা ৩ কঠা ১৩ লেচা মাটিৰ পৰা ৬ বিঘা মাটি অসম চৰকাৰৰ পশুপালন বিভাগৰ দ্বাৰ নিৰ্মাণ কৰিবলগীয়া গাহৰি প্ৰজনন কেন্দ্ৰটোৰ বাবে আৱণ্টন দিয়া হয়।

এই ভূমি আৱণ্টনৰ ক্ষেত্ৰত ম্যাদি পট্টাৰ মাটি কাঢ়ি লোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল। ইয়াৰ পিছতে ৰাজহ বিভাগৰ মণ্ডলৰ দ্বৰা সেই ভূমি পুনৰ জোখ-মাপ কৰি ঠিকাদাৰক চমজাই দিয়া বুলিও বিভাগীয় সূত্ৰে প্ৰকাশ পাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd