• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনমুখী অসমত অসাধু চিমেন্ট ‘ছিণ্ডিকেট’য়ে বঢ়ালে চিমেন্টৰ মূল্য

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2021 3:09 pm
Cement-Syndicate-1024x512
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম নিৰ্বাচনৰ বাবে সাজু হৈ উঠাৰ সময়তে উত্তৰ পূবৰ বৃহৎ’ দখলকাৰী’ তথা বজাৰ নিয়ন্ত্ৰণকাৰী হিচাপে অভিযুক্ত অসাধু ‘ছিমেন্ট ছিণ্ডিকেট’য়ে চিমেন্টৰ খুচুৰা মূল্য বৃদ্ধি কৰিছে।

নৰ্থইষ্ট নাওৰ এটা দলে বুধবাৰে গুৱাহাটীত খুচুৰা বজাৰত চলোৱা সমীক্ষাত টপচেম চিমেন্ট, ষ্টাৰ চিমেন্ট আৰু আন স্থানীয় ব্ৰেণ্ডৰ চিমেন্টৰ মূল্যবৃদ্ধি ঘটা দেখা গৈছে।

Apply Now

গুৱাহাটীৰ গুৱাহাটীৰ গণেশগুৰি, জুৰোড, খানাপাৰা, আজাৰা আৰু নাৰেংগী অঞ্চলৰ বিভিন্ন চিমেন্টৰ খুচুৰা বিক্ৰী কেন্দ্ৰসমূহত সমীক্ষাটো চলোৱা হৈছিল।

অধিকাংশ খুচুৰা বিক্ৰেতাই যোৱা সপ্তাহৰ মাজভাগৰ পৰা ১০ৰপৰা ১৫টকাকৈ মূল্যবৃদ্ধি হোৱাৰ দাবী কৰে আৰু এইটো অসমত নিৰ্বাচনৰ পূৰ্বে এটা ট্ৰেণ্ড বুলি জানিবলৈ দিয়ে।

১২৬টা সমষ্টিৰ বাবে অসম বিধানসভাৰ নিৰ্বাচন অহা এপ্ৰিল মাহৰ প্ৰথম ভাগত অনুষ্ঠিত হোৱাৰ কথা।

কংগ্ৰেছ আৰু শাসনাধীষ্ঠ বিজেপিকে ধৰি সকলোবোৰ ৰাজনৈতিক দলে ইতিমধ্যে ভোটাৰসকলৰ সমৰ্থন আদায়ৰ বাবে ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰি দিছে।

তাৎপৰ্যপূৰ্ণভাৱে, স্থানীয় চিমেন্ট কোম্পানীসমূহে খুচুৰা বজাৰত চিমেন্টৰ মূল্যবৃদ্ধিৰ সম্পৰ্কত কোনো বিবৃতি প্ৰকাশ কৰা নাই।

যোৱা ১৯ ফেব্ৰুৱাৰিত টপচেম চিমেন্টৰ প্ৰেছিডেন্ট অনিল কাপুৰে নৰ্থইষ্ট নাওক জনাইছিল যে ব্ৰেণ্ডটোৰ অসমত চিমেন্টৰ মূল্য বৃদ্ধি কৰাৰ কোনো তাৎক্ষণিক পৰিকল্পনা নাই।

ইয়াৰ আগেয়ে প্ৰতিবেদনত প্ৰকাশ পাইছিল যে মেঘালয়ৰ চূণশিলৰ ভাণ্ডাৰ ‘তহিলং’ কৰা তিনিটা চিমেন্ট কোম্পানীয়ে আছিল উত্তৰ পূবৰ পৰা বিজেপিৰ নিৰ্বাচনী পুঁজিলৈ বৰঙণি আগবঢ়োৱা ‘আটাইতকৈ বৃহৎ বৰঙণিদাতা’।

প্ৰতিবেদনত প্ৰকাশ পাইছিল যে মোঘালতৰ পূব জয়ন্তীয়া পাহাৰ জিলাত চূণশিলৰ খনি দখল কৰা তথা চিমেন্ট উৎপাদন কাৰাখানা স্থাপন কৰা টপচেম চিমেন্ট, ষ্টাৰ চিমেন্ট আৰু অমৃত চিমেন্টে ২০১৮-১৯বৰ্ষত বিজেপিলৈ ৪.২২কোটি টকা বৰঙণি আগবঢ়াইছিল।

টপচেম চিমেন্ট ব্ৰেণ্ডৰ উৎপাদনকাৰী মেঘালয় চিমেন্ট লিমিটেডে বিজেপিৰ নিৰ্বাচনী পুঁজিলৈ তিনিটা কিস্তিত ধন আদায় দিছিল।

ষ্টাৰ চিমেন্টে ২.৬৮কোটি টকা আদায় দিয়াৰ বিপৰীতে টপচেম চিমেন্টে ১.৩৮কোটি টকা আৰু অমৃত চিমেন্টে ২১ লাখ টকাবিজেপিৰ নিৰ্বাচনী পুঁজিলৈ বৰঙণি আগবঢ়াইছিল।

টপচেম চিমেন্ট আৰু ষ্টাৰ চিমেন্ট মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ দুখন নৈ ৱাহ লুখা আৰু ৱাহ লুনাক প্ৰদূষিত কৰাৰ বাবেও অভিযুক্ত হৈছে।

আছাম ৰিয়েল ইষ্টেট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপাৰ্ছ এছোচিয়েশ্যনৰ (AREIDA) সভাপতি প্ৰনব কুমাৰ শৰ্মাই সদায় উত্তৰ পূব ভাৰত অসাধু ‘চিমেন্ট ছিণ্ডিকেট’ৰ বিৰুদ্ধে মাত মাতি আহিছে।

যোৱা ২০১৬চনৰ ২ ছেপ্টেম্বৰত AREIDAই কম্পিটিশ্যন কমিছন অফ ইণ্ডিয়া(চিচিআই)ত এটা গোচৰ ৰুজু কৰিছিল য’ত অভিযোগ কৰা হৈছিল যে তিনিটা কোম্পানী –টপচেম চিমেন্ট, ষ্টাৰ চিমেন্ট আৰু ডালমিয়া চিমেন্টে অসাধু ছিণ্ডিকেটৰ নেতৃত্ব দিছে।

গোচৰটো কম্পিটিশ্যন এক্ট ২০০২ৰ ধাৰা ১৯(১)(এ)ৰ অধীনত ৰুজু কৰা হৈছিল আৰু এক্টখনৰ ধাৰা ৩ আৰু ধাৰা ৪ উলংঘা কৰাৰ অভিযোগ কৰা হৈছিল।

প্ৰাথমিক তদন্তৰ পাছত চিচিআইয়ে টপচেম চিমেন্ট আৰু আন দুটা কোম্পানীৰ বিৰুদ্ধে কম্পিটিশ্যন এক্ট ২০০২ৰ ধাৰা ১৯(১)(এ)ৰ অধীনত ধাৰা ৩ আৰু ধাৰা ৪ উলংঘা কৰাৰ বাবে এটা গোচৰ (No. 77/2016) পঞ্জীয়ন কৰে।

টপচেম চিমেন্টে মেঘালয়ৰ জনজাতীয় খাচী আৰু জয়ন্তীয়া গ্ৰাহকসকলক ‘লুণ্ঠন’ কৰাৰ অভিযোগতো অভিযুক্ত। কৈলাশ চন্দ্ৰ লোহিয়া হৈছে টপচেম চিমেন্টৰ অধ্যক্ষ।

কোম্পানীটোৱে চুবুৰীয়া অসমৰ খুচুৰা মূল্যৰ তুলনাত মেঘালয়ত ‘অধিক মূল্য’ত চিমেন্ট বিক্ৰী কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd