• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
February 26, 2021 6:01 pm
bhaba
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত বিধান সভাৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীয়ে প্ৰাৰ্থিত্ব বিচাৰি তৎপৰ হৈ পৰিছে।

আজি ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি বিপিএফৰ জ্যেষ্ঠ নেতা তথা তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়ে বিপিএফ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি তামুলপুৰ জিলা বিপিএফৰ উপ-সভাপতি যতীন চৰকাৰ আৰু সাধাৰণ সম্পাদক উপেন বসুমতাৰীৰ হাতত আবেদন পত্ৰ দাখিল কৰে।

Apply Now

আবেদন পত্ৰ দাখিল কৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কেশৱ ৰাজবংশীয়ে কয় – আজি মোৰ বাবে এটা ঐতিহাসিক দিন । মই ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ দিনৰ পৰাই বিপিএফৰ বিভিন্ন পদবীত অধিষ্ঠিত হৈ আছোঁ আৰু বিগত ন বছৰ ধৰি  তামুলপুৰ জিলা বিপিএফৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছো। বিপিএফৰ সংকটপূৰ্ণ সময়ত আৰু বেয়া দিন চলা সময়তো মই দলৰ হৈ সবল নেতৃত্বত দি দলৰ হৈ কাম কৰি আহিছো। মই প্ৰাৰ্থিত্ব পালে বিপুল ভোট লাভ কৰি জয় যুক্ত হম বুলি মই নিশ্চিত। ভৌগোলিক ভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰে পূৰ্ণ বৃহত্তৰ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিত যথেষ্ট সমস্যা আছে আৰু এই সমস্যা সমূহ সমাধান কৰাৰ ক্ষেত্ৰত মই গুৰুত্বপূৰ্ণ ভুমিকা লোৱাৰ বাবে মনত আশা পুহি ৰাখিছো। বিপিএফৰ কেন্দ্ৰীয় সমিতিয়ে মোক এইবেলি প্ৰাৰ্থিত্ব প্ৰদান কৰি মোক বিধানসভালৈ যোৱাৰ ক্ষেত্ৰত সুবিধা কৰি দিব বুলি মই আশাবাদী। যিহেতু মই তামুলপুৰ জিলা বিপিএফৰ মুখ্যপদ সভাপতি পদত অধিষ্ঠিত হৈ আছো আৰু দলীয় নেতৃত্বৰ পৰাও মই সহাৰি পাইছোঁ, সেয়েহে তামুলপুৰ সমষ্টিত বিপিএফৰ পৰা মই দলীয় প্ৰাৰ্থিত্ব পাম বুলি এশ শতাংশই নিশ্চিত।’

ইপিনে তামুলপুৰ জিলা বিপিএফৰ সাধাৰণ সম্পাদক উপেন বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত জানিব দিয়ে যে আজি তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়ে বিপিএফ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰাৰ উপৰি আৰু পাঁচ গৰাকীয়ে দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন দাখিল কৰিছে।

বিপিএফ দলৰ পৰা প্ৰাৰ্থিত্ব বিচৰা আন পাঁচ গৰাকী নেতা ক্ৰমে তামুলপুৰ জিলা বিপিএফৰ কাৰ্যকৰী সভাপতি আদিত্য সিংহ, তামুলপুৰৰ প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, বিপিএফ নেতা ৰংজা খুঙ্গৰ বসুমতাৰী, প্ৰাক্তন বিধায়ক দেৰহাগ্ৰা মোছাহাৰী আৰু ৰাজেন বড়ো।

এই ছয় গৰাকীৰ আবেদন হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা হব আৰু কাক প্ৰাৰ্থিত্ব দিব সেয়া বিপিএফ দলৰ কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত সিদ্ধান্ত লব।

দলে যি গৰাকী লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰিব তেওঁক জয় যুক্ত কৰি নিয়াৰ বাবে তামুলপুৰ জিলা বিপিএফ দলে ঐক্যবদ্ধ ভাবে কাম কৰি যাব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে উপেন বসুমতাৰীয়ে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

September 8, 2026 12:43 pm
‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

September 8, 2026 12:43 pm
‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd