ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত হংকঙৰ ৪৭ গৰাকী বিৰোধী নেতা-নেত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখ্য যে, যোৱা বছৰ বেইজিঙে হংকঙত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনখন বলৱৎ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে হংকঙত এইদৰে একেলগে বৃহৎসংখ্যক বিৰোধী নেতা-নেত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
গ্ৰেপ্তাৰ হোৱা বিৰোধী নেতা-নেত্ৰীকসকল এই আইনৰ দ্বাৰা ৰাষ্ট্ৰৰ নিৰাপত্তা ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰাৰ দোষত দোষী সাৱ্যস্ত হ’লে তেওঁলোক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ’ব পাৰে।
এই ক’লা আইনৰ অধীনত ৪৭ গৰাকী নেতাক গ্ৰেপ্তাৰ কৰিলেও যোৱা বৰ্ষৰ জুলাইত হংকঙত প্ৰাথমিক নিৰ্বাচন আয়োজন, পৰিকল্পনা আৰু অংশগ্ৰহণ কৰাৰ অভিযোগত ৫৩ গৰাকী বিশিষ্ট প্ৰাক্তন আইন প্রণেতা, কৰ্মী আৰু জিলা পৰিষদ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল।
দেওবাৰে উক্ত ৫৩ গৰাকী বিশিষ্ট বিৰোধী নেতা-নেত্ৰীৰ মাজৰ পৰা ৪৭ গৰাকীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে চীনৰ নিয়ন্ত্ৰণাধীন হংকঙৰ কৰ্তৃপক্ষই।
গণতান্ত্ৰিক পক্ষৰ প্ৰাৰ্থীসকলক চিনাক্ত কৰি আইন পৰিষদৰ নিৰ্বাচনত অংশগ্ৰহণেৰে বিৰোধী শিবিৰে ঐতিহাসিক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি আশা কৰা হৈছিল, যিটোলৈ চীনৰ নিয়ন্ত্ৰণাধীন হংকং কৰ্তৃপক্ষৰ সংশয় আছিল।
অৱশেষত কৰ্তৃপক্ষই ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে নিৰ্বাচন স্থগিত ৰাখিছিল আৰু লগে লগে গণতন্ত্ৰ প্ৰতিষ্ঠা দাবী কৰা শিবিৰৰ সমৰ্থিত প্ৰাৰ্থীসকলক অযোগ্য ঘোষণা কৰি হংকং কৰ্তৃপক্ষই সতৰ্ক কৰি দিছিল যে প্ৰাথমিক নিৰ্বাচনত অংশগ্ৰহণ কৰাসকলক নতুনকৈ বলৱৎ কৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত এই আইন উলংঘা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।
আৰু দেওবাৰে এই আইনৰ অধীনতে উক্ত ৫৩ গৰাকী লোকৰ ভিৰতৰ ৪৭ গৰাকী বিৰোধী নেতাক হংকং কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ মাজত ৩৯ গৰাকী পুৰুষ আৰু ৮ গৰাকী মহিলা আছে। গ্ৰেপ্তাৰ হোৱাসকলৰ বয়স ২৩ ৰ পৰা ৬৪ বছৰ বছৰ বুলি জানিব পৰা গৈছে।
গ্ৰেপ্তাৰ হোৱা ৪৭ গৰাকী বিৰোধী নেতা-নেত্ৰীকে সোমবাৰে আদালত হাজিৰ কৰোৱা হ’ব।