• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“আপুনি তাইক বিয়া কৰালে শাস্তিৰ পৰা ৰেহাই পাব!”; ধৰ্ষণত অভিযুক্ত চৰকাৰী বিষয়াক ক’লে মুখ্য ন্যায়াধীশে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2021 10:15 am
1593687950_RAAgrY_SupremeCourtofIndia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ধৰ্ষণত অভিযুক্ত এগৰাকী চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ তথা কাৰাদণ্ডৰ পৰা ৰক্ষা কৰিবলৈ ধৰ্ষিতাক বিয়া কৰাব নে বুলি প্রশ্ন কৰে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ধৰ্ষণৰ অভিযোগত অভিযুক্ত মহাৰাষ্ট্ৰ ৰাজ্যিক ইলেক্ট্ৰিক প্ৰডাক্টশ্যন কোম্পানীৰ বিষয়া মোহিত সুভাষ চভনৰ জামিন আবেদনৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে এ এছ বুবদে-এ এইদেৰ প্ৰশ্ন কৰে।

উল্লেখ্য যে এগৰাকী স্কুলীয়া ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগত চৰকাৰী বিষয়াগৰাকীৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

সোমবাৰে উচ্চতম ন্যায়ালয়ে উক্ত গোচৰৰ জামিন আবেদনৰ শুনানি গ্ৰহণৰ সময়ত মুখ্য ন্যায়াধীশ এ এছ বুবদে-এ কয়, “আপুনি তাইক বিয়া কৰাব নেকি?”

“যদি আপুনি তাইক বিয়া কৰাব খোজে তেনে আমি আপোনাক সহায় কৰিব পাৰো। যদি নকৰে, তেনে আপুনি চাকৰি হেৰুৱাৰ লগতে কাৰাগাৰলৈ যাব লাগিব। আপুনি ছোৱালীজনীক প্ৰতাৰণা কৰাৰ লগতে ধৰ্ষণ কৰিছিল।” মুখ্য ন্যায়াধীশ বুবদে-এ পুনৰ  কয়।

অভিযুক্তৰ অধিবক্তাক মুখ্য ন্যায়াধীশগৰাকীয়ে তেওঁৰ মক্কেলে চাকৰি হেৰুৱাব লাগিব বুলিও কয়।

আদালতত অভিযুক্ত বিষয়াগৰাকীয়ে দাখিল কৰা আবেদনত কোৱা হৈছে যে যেতিয়া নিৰ্যাতিতা নাবালিকাগৰাকী আৰক্ষীৰ ওচৰলৈ গৈছিল তেতিয়া তাইৰ মাতৃয়ে তেওঁক নাবালিকাগৰাকীক বিয়া কৰাবলৈ প্ৰস্তাৱ দিছিল। কিন্তু তাই সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল।

আনহাতে নাবালিকাগৰাকী ১৮ বছৰ হোৱাৰ পিছত এই বিবাহ সম্পন্ন হ’ব বুলিও এক চুক্তিপত্ৰ কৰা হৈছিল বুলি উল্লেখ কৰা হৈছে আবেদনখনত। ইফালে নিৰ্যাতিতাগৰাকীয়ে বিয়া হ’বলৈ সন্মত হোৱাৰ সময়ত অভিযুক্ত বিষয়াগৰাকীয়ে সেই প্ৰস্তাৱ নাকচ কৰে।

মুখ্য ন্যায়াধীশে পুনৰ কয়, “ছোৱালীজনীক প্ৰতাৰণা কৰি ধৰ্ষণ কৰাৰ সময়ত আপুনি চিন্তা কৰিব লাগিছিল যে আপুনি এজন চৰকাৰী বিষয়া।”

“আমি আপোনাক বিয়া কৰাবলৈ হেঁচা দিয়া নাই। আপুনি কৰিব নেকি আমাক জনাওক। পিছত আমাক নক’ব যে আমি আপোনাক বিয়া কৰাবলৈ জোৰ কৰি আছো।” মুখ্য ন্যায়াধীশে অভিযুক্তক পুনৰ কয়।

ইয়াৰ উত্তৰত অভিযুক্তগৰাকীয়ে কয়, “তেতিয়া মই তাইক বিয়া কৰাবলৈ বিচাৰিছিলো। কিন্তু তাই অগ্ৰাহ্য কৰিলে। এতিয়া মই বিয়া কৰাব নোৱাৰো, কাৰণ এতিয়া মই বিবাহিত।”

“মই এগৰাকী চৰকাৰী বিষয়া আৰু মোক গ্ৰেপ্তাৰ কৰিলে মই চাকৰিৰ পৰা স্বাভাৱিকতে নিলম্বিত হ’ম।” অভিযুক্তগৰাকীয়ে আদালতত পুনৰ কয়।

“সেয়ে আমি আপোনাক সুযোগ দিছো। চাৰি সপ্তাহৰ বাবে আপোনাক গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা কৰিম। ইয়াৰ পিছত আপুনি জামিন আবেদন কৰিব পাৰিব।” মুখ্য ন্যায়াধীশ বুবদে-এ কয়।

স্মৰ্তব্য যে ট্ৰায়েল ক’ৰ্টে অভিযুক্ত চভনক গ্ৰেপ্তাৰত স্থগিতাদেশ জাৰি কৰিছিল যদিও উচ্চ ন্যায়ালয়ে সেই স্থগিতাদেশ খাৰিজ কৰে।

ইয়াৰ পিছত অভিযুক্ত চভনে উচ্চ ন্যায়ালয়ত চাৰি সপ্তাহৰ বাবে তেওঁৰ গ্ৰেপ্তাৰিৰ স্থগিতাদেশ বিচাৰি আবেদন কৰে।

উল্লেখ্য যে অনুৰূপ ধৰণৰ অন্য এটা গোচৰত পঞ্জাৱৰ এজন অভিযুক্তক ছমাহৰ ভিতৰত নিৰ্যাতিতাক বিয়া কৰালে শাস্তিৰ পৰা ৰেহাই দিয়াৰ কথা উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছিল। অৱশ্যে বৰ্তমান অষ্ট্ৰেলিয়াত থকা নিৰ্যাতিতাগৰাকীয়ে বিবাহৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ ফলত অভিযুক্তজনে শাস্তি ভোগ কৰিব লাগিব বুলি সকিয়াই দিয়া হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd