আন দহগৰাকী যুৱতীৰ দৰেই তেওঁৰো মন আছিল বিয়াৰ পিছত এখন সুখৰ সংসাৰ গঢ়াৰ।
কিন্তু বিধাতাই সেয়া হ’বলৈ নিদিলে। বিয়াৰ দিনাই বিয়াৰ মণ্ডপতে কান্দি কান্দি মৃত্যুক সাৱটি কইনাই।
এই শোকৱহ ঘটনাটো ঘটিছে ওড়িশাত।
যোৱা নিশা ওড়িশাৰ সোণপুৰৰ জুলুন্দা নামৰ গাঁও খনত টেটেলগাঁও নিবাসী বিছিকেছনৰ সৈতে বিয়াত বহিছিল গুপ্তেশ্বৰী চাহু নামৰ যুৱতীগৰাকীয়ে।
গুপ্তেশ্বৰীক সকলোৱে ৰোজী বুলিয়েই মাতে।
পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ হোৱা বিয়া এটা সময়ত শেষো হৈছিল।
বিয়াৰ সকলো বিধি-বিধান পালনৰ পিছত কইনাক দৰা ঘৰলৈ উলিয়াই দিয়াৰ সময় সমাগত হৈছিল।
দৰা ঘৰলৈ বুলি উলিয়াই দিয়াৰ সময়তে আন দহ গৰাকী কইনাৰ দৰেই ৰোজীয়েও হিয়া ঢাকুৰি কান্দিছিল।
এনেদৰে কান্দি কান্দি এটা সময়ত ৰোজী অজ্ঞান হৈ পৰিছিল।
ৰোজীৰ হাত ভৰি মালিচ কৰি, মুখত পানী চটিয়াই জ্ঞান ঘূৰাই আনিবলৈ চেষ্টা কৰা হৈছিল যদিও সকলো চেষ্টাই বিফল হৈছিল।
অৱশেষত অজ্ঞান হৈ পৰা ৰোজীক লৈ যোৱা হৈছিল দুৰংগীপল্লী সামূহিক চিকিৎসাকেন্দ্ৰলৈ।
চিকিৎসালয়ত চিকিৎসকে ৰোজীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা বুলি প্ৰকাশ কৰে।
আজি পুৱা মৰণোত্তৰ পৰীক্ষাৰ পিছত কইনাৰ সাজেৰেই ৰোজীৰ মৃতদেহ গটাই দিয়া হয় পৰিয়ালৰ লোকৰ হাতত।এই মৃত্যুৱে এতিয়া সমগ্ৰ ৰাজ্য খনতে শোকৰ ছাঁ পেলাইছে।





