• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ বাবে অগপই দলৰ প্ৰতিষ্ঠাপক, দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ আসনখন এৰি দিলে জানেনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2021 3:01 pm
Mahanta-Jitu Goswami
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আন্দোলনৰ পটভূমিত জন্মলাভ কৰা ৰাজ্যখনৰ প্ৰথমটো আঞ্চলিক জাতীয়বাদী দল অসম গণ পৰিষদ বৰ্তমান বিজেপিৰ হাতৰ পুতলা হৈ পৰাটো সকলোৱে লক্ষ্য কৰিছে।

১৯৮৫চনৰ পৰা উত্থান-পতনৰ মাজেৰে পাৰ হৈ অহা অসম গণ পৰিষদ দলটো আজি ইতিহাসৰ আটাইতকৈ চৰম অপমানজনক স্থিতিত আহি উপনীত হৈছে।

ক’বলৈ গ’লে অগপ দলটোৱে সম্প্ৰতি নিজৰ স্বাধীনতা হেৰুৱাই পেলাইছে আৰু বিজেপিৰ তথাকথিত ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত দলটোৰ আঞ্চলিক-জাতীয়তাবাদী আদৰ্শ বিসৰ্জন দিছে।

দলটোৰ বৰ্তমান নেতৃত্বত থকা তথা মিত্ৰজোঁট চৰকাৰত মন্ত্ৰিত্বৰ লোভনীয় ক্ষমতা-আকৰ্ষণৰ মোহত বন্দী অতুল বৰা, কেশৱ মহন্তকে ধৰি সুবিধাবাদী নেতাকেইজনে দলটোকটো ধ্বংসৰ মুখলৈ ঠেলি দিলেই, লগতে ৰাজ্যখনৰ জাতীয়তাবাদী অসমীয়া জনসাধাৰণক বিশ্বাসঘাতকতাও কৰিলে।

ক্ষমতাৰ দম্ভ-অহংকাৰত মত্ত নেতাকেইজনে বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী বুলি পৰিচিত নেতাৰ প্ৰৰোচনাত পৰি এনেদৰে গুৰু-গোঁসাই নমনা হ’ল যে তেওঁলোকে এতিয়া দলটোৰ প্ৰতিষ্ঠাতাসকলকো অৱমাননা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে।

আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ’লে যে আগন্তুক বিধানসভা নিৰ্বাচনত অগপ দলে প্ৰাৰ্থিত্ব দিয়াৰ পৰাও বঞ্চিত কৰিলে দলৰ বহুকেইগৰাকী প্ৰতিষ্ঠাপক নেতাক।

বিজেপি নেতাৰ শ্ৰুতলিপি মতেই এইদৰে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হৈছে দলৰ কাণ্ডাৰীসকলক।

এইক্ষেত্ৰত অগপৰ বৰ্তমান নেতৃত্বই দৃষ্টিকটুভাৱে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিলে দলটোৰ প্ৰতিষ্ঠাপক সভাপতি তথা ৰাজ্যখনৰ দুবাৰকৈ মুখ্যমন্ত্ৰীৰ আসনত বহা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক।

কিন্তু অত্যন্ত আশ্চৰ্যকৰ বিষয়টো হ’ল অগপ নেতৃত্বই বিজেপিৰ এনে এগৰাকী নেতাৰ বাবে প্ৰফুল্ল মহন্তৰ আসনখন এৰি দিলে যাৰ ৰাজনৈতিক তথা সামাজিক জীৱনত ‘কলংক’ৰ চেকা আছে।

বঢ়মপুৰত অগপই প্ৰফুল্ল মহন্তক বঞ্চিত কৰি বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামীক আসনখন এৰি দিছে।

কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ’ল জিতু গোস্বামীৰ বিৰুদ্ধে তিনিটাকৈ জালিয়াতি, দুৰ্নীতি আৰু প্ৰৱঞ্চনাৰ অপৰাধমূলক গোচৰ চলি আছে।

জিতু গোস্বামীৰ বিৰুদ্ধে থকা গোচৰকেইটা হৈছে Spl Court case (PMLA)9/18, RC BSK/2012/E/002 আৰু BSK/2012/E/006। গোচৰকেইটা চলি আছে ক্ৰমে Special Judge, Assam;  CBI,KolKata, West Bengal, CBI Guwahati আৰু  CBI Court Guwahati ত।

উল্লেখযোগ্য যে যোৱা ২০১৯চনৰ ছেপ্টেম্বৰ মাহত আবকাৰী বিভাগে অসম-মেঘালয় সীমান্তত উচ্ছেদ কৰা অবৈধ সুৰা বটলিং প্লাণ্টটো অসম বিজেপিৰ দুজন শীৰ্ষ নেতাই চলাই থকাৰ তথ্য পোহৰলৈ আহিছিল।

দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ শ্ল’গান দিয়া দলটোলৈ লজ্জা কঢ়িওৱা এই নেতা দুজনৰ এজন আছিল ক্ৰমে জিতু গোস্বামী।

২০১৯ৰ ১২ ছেপ্টেম্বৰত আবকাৰী বিভাগে অসম-মেঘালয় সীমান্তৰ বাৰ মাইলত এই অবৈধ সুৰা বটলিং প্লাণ্টটো উচ্ছেদ কৰিছিল আৰু বহু পৰিমাণৰ সুৰা, সুৰাৰ বহুতো খালী বটল আৰু বটলত লগোৱা ব্ৰেণ্ড লেবেল, বটল ৱাশ্বিং মেচিন আদি সামগ্ৰী বৃহৎ পৰিমাণত জব্দ কৰিছিল।

অভিযানৰ সময়ত সুভাষ বড়ো নামৰ এজন লোকক গ্ৰেপ্তাৰো কৰিছিল আবকাৰী আৰু আৰক্ষীয়ে, যিজন চৌহদটোৰ বিপৰীতে থকা মেছাৰ্ছ হিমালয়া ডিছটিলেৰি প্ৰাইভেট লিমিটেডৰ এজন কৰ্মচাৰী বুলি আবকাৰী বিভাগৰ বিষয়াই জানিবলৈ দিছিল।

জেৰাত সুভাষ বড়োৱে তেওঁ যোৱা ১৫ বছৰ ধৰি মেছাৰ্চ হিমালয়া ডিছটিলেৰি প্ৰাইভেট লিমিটেডত কাম কৰি থকাৰ কথা উল্লেখ কৰিছিল। দণ্ডাধীশৰ সন্মুখত বড়োই স্বীকাৰোক্তি দিছিল যে “মই মাথো মোক মালিক জিতু গোস্বামীয়ে যি কৰিবলৈ দিছে সেইটো কৰিবলৈ চেষ্টা কৰিছো।”

বড়োৰ ভাষ্যত এইটো স্পষ্ট হৈছিল যে জিতু গোস্বামীয়ে অবৈধ বটলিং প্লাণ্টটোত চোৱাচিতা কৰিবলৈ পূৰ্ণকান্ত নেওগ নামৰ এজনক দায়িত্ব দিছিল।

মন কৰিব লগীয়া কথাটো হ’ল ২০১৫ চনত মেছাৰ্ছ হিমালয়া ডিছটিলেৰি প্ৰাইভেট লিমিটেড ৫.৬ কোটি টকা ঋণ ঘূৰাই নিদিয়া বাবে আই ডি বি আই বেংকৰ দ্বাৰা ছীল কৰি দিয়া হৈছিল।

জিতু গোস্বামী বিজেপিৰ নেতা আৰু লগতে তেওঁ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ উপাধ্যক্ষও। তেওঁ ২০১৬ৰ বিধানসভা নিৰ্বাচনত চামগুৰিৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল।

বঢ়মপুৰৰ বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ বিৰুদ্ধে ইণ্ডিয়ান অভাৰচীজ বেংকৰ পৰা জালিয়াতিৰে ঋণ লোৱাৰ তথা কেইবাকোটি টকাও আত্মস্যাৎ কৰাৰ অভিযোগ আছে। EDয়ে গোস্বামীৰ লগতে তেওঁৰ পত্নীৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰিছিল। অভিযোগনামাত গোস্বামীৰ জেডি জুৱেলাৰ্ছ প্ৰাইভেট লিমিটেডৰ নামো আছে। এই গোচৰত EDয়ে জিতু গোস্বামীৰ ৩কোটি টকাৰ সম্পত্তিও বাজেয়াপ্ত কৰিছিল।

কিন্তু এনে এজন ব্যক্তিক প্ৰাৰ্থিত্ব দিয়াৰ সমৰ্থনতে বৰ্তমান অগপ নেতৃত্বই দলটোৰ প্ৰতিষ্ঠাপক প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিলে।

দৰাচলতে কা-বিৰোধী তথা অসমীয়া জনসাধাৰণৰ দাবীৰ সমৰ্থনত থকাৰ বাবেই বিজেপি আৰু তেওঁলকৰ বহতীয়া বৰ্তমান অগপ নেতৃত্বৰ ৰোষৰ বলি হ’বলগীয়া হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্ত।

বিজেপিৰ উচ্চাকাংক্ষী তথা প্ৰভাৱশালী মন্ত্ৰীৰ হেঁচাতে অগপ নেতৃত্বই এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলিও বিভিন্ন মহলত চৰ্চা চলিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd