• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষকৰ সহায় লৈ কৃষি মন্ত্ৰী অতুল বৰাক পৰাভূত কৰিবলৈ সাজু হৈছে প্ৰণৱ দলে

প্ৰণৱক সহায় কৰিবলৈ কৃষকে বেচিছে ফচল, শিপিনীয়ে বৈছে গামোচা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2021 3:00 pm
a praqnab
282
VIEWS
Share on FacebookShare on Twitter

বোকাখাত সমষ্টিৰ অগণন কৃষকৰ আশীৰ্বাদ শিৰতলৈ মহা প্ৰতাপী কৃষি মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে এগৰাকী কৃষক সন্তান প্ৰণৱ দলেই।

উচ্চ শিক্ষিত প্ৰণৱ দলেই বঞ্চিত-শোষিত কৃষক-শ্ৰমিকসকলৰ উত্তৰণৰ বাবে গঠন কৰিছিল জীপাল কৃষক শ্ৰমিক সংঘ।

এই অনষ্ঠানটোৰ জৰিয়তেই তেওঁ কৃষক-শ্ৰমিকসকলৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলত বাস কৰি অহা লোকসকলৰ অধিকাৰৰ হকে মাত মাতি আহিছে।

বঞ্চিত চাহ শ্ৰমিকসকলৰ মাজতো প্ৰণৱ দলে সমানেই জনপ্ৰিয় তেওঁৰ কামৰ জৰিয়তে।

প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰাৰ সময়তে বোকাখাতত এইগৰাকী মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰস্তুতিৰ ব্যতিক্ৰমী প্ৰচেষ্টাই সচেতন লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

ব্যতিক্ৰমী প্ৰেচেষ্টাৰে সচেতন লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এই যুৱকজন ৰাইজৰ দ্বাৰা প্ৰক্ষেপিত ৯৩ নং বোকাখাত বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ।যুৱ প্ৰাৰ্থী দলেই বোকাখাত সমষ্টিত কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাক তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সাজু হৈ উঠিছে।

কলকতাৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়, শান্তিনিকেতনৰ স্নাতক আৰু টাটা ইনষ্টিটিউট অৱ চ’ছিয়েল চায়েন্সছ, মুম্বাইৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী উচ্চ শিক্ষিত যুৱক প্ৰণৱ দলেই ইতিমধ্যে অসমৰ কৃষকৰ ভূমি অধিকাৰ তথা ন্যায়ৰ পক্ষে দীৰ্ঘদিন কাম কৰি আহিছে।

জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিষ্ঠাপক সদস্য প্ৰণৱ দলেই যুৱশক্তিক একত্ৰীকৰণৰ যোগেদি বোকাখাত অঞ্চলত কৃষি অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে সমবায় প্ৰতিমান(মডেল)ৰ গঠনটো অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে।

চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি প্ৰণৱ দলেই কাৰাবাসো খাটি আহিছে।

আগন্তুক নিৰ্বাচনত বোকাখাতৰ বিধায়ক পদৰ  প্ৰাৰ্থী প্ৰণৱ দলেই ইতিমধ্যে এক ব্যতিক্ৰমী নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে।

জানিব পৰা অনুসৰি প্ৰণৱ দলেৰ নিৰ্বাচনী খৰচ বহন কৰিবলৈ সমষ্টিটোৰ কৃষকসকলে ১০০ বিঘাৰো অধিক মাটিত খেতি কৰিছে। আনফালে শিপিনীসকলে বৈ উলিয়াইছে গামোচা। গামোচা বিক্ৰী কৰি পোৱা ধন প্ৰণৱ দলেৰ নিৰ্বাচনী পুঁজিবলৈ আগবঢ়োৱা হ’ব।

ইফালে সমষ্টিটোৰ যুৱপ্ৰজন্মই দলে বলে আগবাঢ়ি আহি বিভিন্ন মাধ্যমেৰে প্ৰণৱ দলেৰ সপক্ষে প্ৰচাৰত নামিছে ৰাইজৰ মাজত। ৰাইজ আৰু যুৱনেতাজনৰ এই প্ৰচেষ্টাক সমৰ্থন আৰু সহাঁৰি জনাইছে ভাৰতৰ বহুতো গণ্যমান্য ব্যক্তিয়ে।

স্বনামধন্য লেখক, জ্ঞানপীঠ আৰু সাহিত্য অকাডেমী বঁটা বিজয়ী পদ্মশ্ৰী অমিতাভ ঘোষে এক টুইট্ যোগে সমৰ্থন জনাইছে প্ৰণৱ দলেৰ নিৰ্বাচনী প্ৰচাৰৰ এই প্ৰয়াসক।

‘নেচেনেল এলায়েঞ্চ অব পিপলজ মুভমেণ্টছ’ৰ লগত জড়িত মানৱ অধিকাৰ কৰ্মী তথা ‘গ’ল্ডমেন এনভাইৰণমেণ্টেল বঁটা’ প্ৰাপক (উক্ত বঁটা ‘গ্ৰীণ নোবেল বঁটা’ৰূপে জনাজাত) মীৰা সংঘমিত্ৰা আৰু প্ৰফুল্ল সামান্তৰায়ো প্ৰণৱ দলেৰ নিৰ্বাচনী প্ৰস্তুতিক শলাগ লোৱাৰ লগতে সমৰ্থন জনাইছে।

প্ৰণৱ দলেৰ এই নিৰ্বাচনী প্ৰস্তুতিক সমৰ্থন আগবঢ়াইছে দেশৰ অন্য এক প্ৰখ্যাত যুৱনেতা কানহাইয়া কুমাৰ, নাৰীবাদী ইতিহাসবিদ উমা চক্ৰৱৰ্তী, সংগীতজ্ঞ টি এম কৃষ্ণা, পৰিবেশবিদ নিত্যানন্দ জয়াৰমণ, লেখক আৰু অধ্যাপক ভাৰ্জিনিয়াছ খাখা আদি বিশিষ্ট ব্যক্তিয়ে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd