• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষকৰ সহায় লৈ কৃষি মন্ত্ৰী অতুল বৰাক পৰাভূত কৰিবলৈ সাজু হৈছে প্ৰণৱ দলে

প্ৰণৱক সহায় কৰিবলৈ কৃষকে বেচিছে ফচল, শিপিনীয়ে বৈছে গামোচা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2021 3:00 pm
a praqnab
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত সমষ্টিৰ অগণন কৃষকৰ আশীৰ্বাদ শিৰতলৈ মহা প্ৰতাপী কৃষি মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে এগৰাকী কৃষক সন্তান প্ৰণৱ দলেই।

উচ্চ শিক্ষিত প্ৰণৱ দলেই বঞ্চিত-শোষিত কৃষক-শ্ৰমিকসকলৰ উত্তৰণৰ বাবে গঠন কৰিছিল জীপাল কৃষক শ্ৰমিক সংঘ।

Apply Now

এই অনষ্ঠানটোৰ জৰিয়তেই তেওঁ কৃষক-শ্ৰমিকসকলৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলত বাস কৰি অহা লোকসকলৰ অধিকাৰৰ হকে মাত মাতি আহিছে।

বঞ্চিত চাহ শ্ৰমিকসকলৰ মাজতো প্ৰণৱ দলে সমানেই জনপ্ৰিয় তেওঁৰ কামৰ জৰিয়তে।

প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰাৰ সময়তে বোকাখাতত এইগৰাকী মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰস্তুতিৰ ব্যতিক্ৰমী প্ৰচেষ্টাই সচেতন লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

ব্যতিক্ৰমী প্ৰেচেষ্টাৰে সচেতন লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এই যুৱকজন ৰাইজৰ দ্বাৰা প্ৰক্ষেপিত ৯৩ নং বোকাখাত বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ।যুৱ প্ৰাৰ্থী দলেই বোকাখাত সমষ্টিত কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাক তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সাজু হৈ উঠিছে।

কলকতাৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়, শান্তিনিকেতনৰ স্নাতক আৰু টাটা ইনষ্টিটিউট অৱ চ’ছিয়েল চায়েন্সছ, মুম্বাইৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী উচ্চ শিক্ষিত যুৱক প্ৰণৱ দলেই ইতিমধ্যে অসমৰ কৃষকৰ ভূমি অধিকাৰ তথা ন্যায়ৰ পক্ষে দীৰ্ঘদিন কাম কৰি আহিছে।

জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিষ্ঠাপক সদস্য প্ৰণৱ দলেই যুৱশক্তিক একত্ৰীকৰণৰ যোগেদি বোকাখাত অঞ্চলত কৃষি অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে সমবায় প্ৰতিমান(মডেল)ৰ গঠনটো অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে।

চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি প্ৰণৱ দলেই কাৰাবাসো খাটি আহিছে।

আগন্তুক নিৰ্বাচনত বোকাখাতৰ বিধায়ক পদৰ  প্ৰাৰ্থী প্ৰণৱ দলেই ইতিমধ্যে এক ব্যতিক্ৰমী নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে।

জানিব পৰা অনুসৰি প্ৰণৱ দলেৰ নিৰ্বাচনী খৰচ বহন কৰিবলৈ সমষ্টিটোৰ কৃষকসকলে ১০০ বিঘাৰো অধিক মাটিত খেতি কৰিছে। আনফালে শিপিনীসকলে বৈ উলিয়াইছে গামোচা। গামোচা বিক্ৰী কৰি পোৱা ধন প্ৰণৱ দলেৰ নিৰ্বাচনী পুঁজিবলৈ আগবঢ়োৱা হ’ব।

ইফালে সমষ্টিটোৰ যুৱপ্ৰজন্মই দলে বলে আগবাঢ়ি আহি বিভিন্ন মাধ্যমেৰে প্ৰণৱ দলেৰ সপক্ষে প্ৰচাৰত নামিছে ৰাইজৰ মাজত। ৰাইজ আৰু যুৱনেতাজনৰ এই প্ৰচেষ্টাক সমৰ্থন আৰু সহাঁৰি জনাইছে ভাৰতৰ বহুতো গণ্যমান্য ব্যক্তিয়ে।

স্বনামধন্য লেখক, জ্ঞানপীঠ আৰু সাহিত্য অকাডেমী বঁটা বিজয়ী পদ্মশ্ৰী অমিতাভ ঘোষে এক টুইট্ যোগে সমৰ্থন জনাইছে প্ৰণৱ দলেৰ নিৰ্বাচনী প্ৰচাৰৰ এই প্ৰয়াসক।

‘নেচেনেল এলায়েঞ্চ অব পিপলজ মুভমেণ্টছ’ৰ লগত জড়িত মানৱ অধিকাৰ কৰ্মী তথা ‘গ’ল্ডমেন এনভাইৰণমেণ্টেল বঁটা’ প্ৰাপক (উক্ত বঁটা ‘গ্ৰীণ নোবেল বঁটা’ৰূপে জনাজাত) মীৰা সংঘমিত্ৰা আৰু প্ৰফুল্ল সামান্তৰায়ো প্ৰণৱ দলেৰ নিৰ্বাচনী প্ৰস্তুতিক শলাগ লোৱাৰ লগতে সমৰ্থন জনাইছে।

প্ৰণৱ দলেৰ এই নিৰ্বাচনী প্ৰস্তুতিক সমৰ্থন আগবঢ়াইছে দেশৰ অন্য এক প্ৰখ্যাত যুৱনেতা কানহাইয়া কুমাৰ, নাৰীবাদী ইতিহাসবিদ উমা চক্ৰৱৰ্তী, সংগীতজ্ঞ টি এম কৃষ্ণা, পৰিবেশবিদ নিত্যানন্দ জয়াৰমণ, লেখক আৰু অধ্যাপক ভাৰ্জিনিয়াছ খাখা আদি বিশিষ্ট ব্যক্তিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am
গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd