• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজৱ কাণ্ড! প্ৰধানমন্ত্ৰীয়ে খঙতে সাংবাদিকক চটিয়ালে চেনিটাইজাৰ, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2021 6:40 pm
510
VIEWS
Share on FacebookShare on Twitter

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী প্ৰয়ুথ চান-অচাই এটা আজৱ কাণ্ড সংঘটিত কৰিছে।

ঘটনাটো মঙলবাৰৰেই আৰু সম্প্ৰতি ইণ্টাৰনেটত ই ভাইৰেল হৈ পৰিছে।

প্ৰধানমন্ত্ৰীজনে এখন সংবাদমেল সম্বোধন কৰি আছিল কিন্তু সাংবাদিকসকলে তেওঁক উপৰ্যুপৰি কিছুমান প্ৰশ্ন সুধি  আছিল।

প্ৰশ্নসমূহৰ উত্তৰ দিব নোৱাৰি তেওঁ সংবাদমেলৰ মাজতে সাংবাদিকসকলক উদ্দেশ্যি চেনিটাইজাৰ চটিয়াব ধৰে।

উল্লেখযোগ্য যোৱা সপ্তাহত থাইলেণ্ডৰ তিনিজনকৈ মন্ত্ৰীক ২০১৪ চনত দেশখনত সংঘটিত হোৱা প্ৰতিবাদী বিক্ষোভত অংশ লোৱা বাবে কাৰাবাসলৈ প্ৰেৰণ কৰা হয়।

তেতিয়াৰ পৰা প্ৰয়ুথ মন্ত্ৰীসভাৰ তিনিটা কেবিনেট পদবী খালী হৈ আছে।

সংবাদমেলখনত প্ৰধানমন্ত্ৰীজনক সাংবাদিকসকলে খালী হৈ থকা পদবীকেইটাৰ সম্ভাব্য প্ৰাৰ্থীসকলৰ বিষয়ে সুধি আছিল।

সাংবাদিকসকলৰ প্ৰশ্নত প্ৰধানমন্ত্ৰী ক্ষুণ্ণ হৈ পৰে।

Thai prime minister sprays hand sanitizer at journalists who are seen trying to shield their faces pic.twitter.com/rEcOeqYxCt

— Reuters (@Reuters) March 9, 2021

আন্তঃৰাষ্ট্ৰীয় বাতৰি সংস্থা ‘ৰয়টাৰ’-এ টুইটাৰত ঘটনাৰ ভিডিঅ’টো শ্বেয়াৰ কৰিছে।

ভিডিঅ’টোত প্ৰয়ুথে সাংবাদিকসকলক সুধিছে- ”প্ৰধানমন্ত্ৰীয়েই সকলো কথা প্ৰথমে জনাটো প্ৰয়োজন নেকি?”

তাৰ পাছতে তেওঁ বহি থকা আসনৰ পৰা নামি আহে আৰু এটা হেণ্ড চেনিটাইজাৰৰ সৰু বটল হাতত লয়, সাংবাদিকসকলৰ কাষলৈ যায় আৰু তেওঁলোকলৈ উদ্দেশ্যি চেনিটাইজাৰ চটিয়াই যাব ধৰে।

চেনিটাইজাৰ চটিয়াই  থাকোতে তেওঁ আনখন হাতেৰে মুখত এখন মাস্ক ধৰি থাকে।

টুইটাৰত শ্বেয়াৰ কৰাৰ পাছতে প্ৰায় ৬৭ হেজাৰ লোকে ৰয়টৰৰ ভিডিঅ’টো চাইছে।

উল্লেখযোগ্য যে এগৰাকী প্ৰাক্তন সামৰিক নেতা প্ৰয়ুথক তেওঁৰ সৰস আচৰণ আৰু ভাষ্যৰ বাবে জনাজাত।

Recent News

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd