• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুকলি হোৱাৰ তিনিদিনৰ ভিতৰতে ২.৪ নিযুত লোকে উপভোগ কৰিলে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ গীত, কি আছে ভিডিঅ’টোত?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2021 10:10 am
a cong
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিয়ে ভোটাৰক আকৃষ্ট কৰাৰ বাবে ‘আকৌ এবাৰ মোদীৰ চৰকাৰ’ গীতটি প্ৰচাৰ কৰি থকাৰ সমান্তৰালভাবে কংগ্ৰেছেও নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু কৰি তুলিছে এটি গীত।

গীতটো মুকলি কৰাৰ তিনিদিনৰ ভিতৰতে গীতটো ২.৪ নিযুত লোকে উপভোগ কৰিছে।

Apply Now

ইয়াৰ ভিতৰত ফেচবুকত ১.৩ নিযুত ভিউ হোৱাৰ লগতে ইউটিউবত ভিউৱাৰৰ সংখ্যা হৈছে ১.১ নিযুত।

কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ গীতৰ ভিডিঅ’টোত মূলতঃ অসমৰ গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি দাঙি ধৰাৰ সয়াস চলোৱা পৰিলক্ষিত হৈছে।

গীতটো মুকলি হোৱাৰ পিছতে এমান বেছি সংখ্যক লোকে গীতটো উপভোগ কৰাৰ প্ৰসংগত আনন্দ ব্যক্ত কৰি কংগ্ৰেছৰ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে কৈছে যে গীতটোক বহুতে আদৰি লোৱাৰ কথাই কংগ্ৰেছৰ প্ৰতি যে মানুহৰ মৰম আছে তাকেই প্ৰমাণ কৰিছে।

Our aim is to bring back days of glory & prosperity to Assam through our 5 Guarantees & this peppy song encapsulates the feeling like no other! Presenting our official campaign song:
#Congressor5Guaranteehttps://t.co/cf1xhSgTn4

— Gaurav Gogoi (@GauravGogoiAsm) March 18, 2021

তেওঁ লগতে কয় যে কংগ্ৰেছে অসমবাসীক যি পাঁচটা গ্যেৰাণ্টি দিছে সেয়া শাসনলৈ আহিলে আখৰে আখৰে পালন কৰিব। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ পোৱা গুৰুত্বপূৰ্ণ ঘোষণা কেইটামান এনেধৰণৰ :

  • মহিলা গোটসমূহে মাইক্ৰ’ফাইনেন্সৰ পৰা লোৱা ঋণ ৰেহাই কৰি দিয়া হ’ব।
  • প্ৰকৃত শিপিনীক বিনামূলীয়াকৈ সূতা, তাঁতশাল আৰু ইয়াৰ সৈতে সংলগ্ন সামগ্ৰীসমূহ প্ৰদান কৰা হ’ব।
  • ৰাজ্যৰ সকলো চৰকাৰী বাছত মহিলাসকলৰ বাবে বিনামূলীয়া যাতায়তৰ ব্যৱস্থা
  • কৃষকৰ সমুদায় কৃষিঋণ মাফ কৰি দিয়া হ’ব।
  • কাছাৰ কাগজকল আৰু জাগীৰোডৰ নগাওঁ কাগজকল পুনৰ মুকলি কৰাৰ বাবে ক্ষিপ্ৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
  • অসম আন্দোলন, ভাষা আন্দোলন, মাধ্যম আন্দোলন, কা আন্দোলনৰ শ্বহীদ পৰিয়ালক পেন্সন প্ৰদান কৰা হ’ব।
  • শিলচৰ ৰে’লৱে ষ্টেশ্যনৰ প্ৰস্তাৱিত ‘ভাষা শ্বহীদ ষ্টেশ্যন, শিলচৰ’ নামকৰণ সম্পন্ন কৰা হ’ব।
  • গুৱাহাটী মহানগৰীত চৰকাৰী মাটিত বাস কৰি থকা ভূমিহীন লোকসকলক সুবিধা অনুযায়ী মাটিৰ পট্টা দিয়া হ’ব।
  • প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়ত এটি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ’ব।
  • পঞ্চাছ বছৰ সম্পন্ন কৰা নামঘৰ, মন্দিৰ, মছজিদ, দৰগাহ, গুৰুদ্বাৰকে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহলৈ আৰ্থিক অনুদান প্ৰদান কৰা হ’ব।
  • বৰ্তমান অনুসূচিত জাতি-জনজাতিৰ তালিকাভুক্ত হৈ থকা জনগোষ্ঠীসমূহৰ কোনোধৰণৰ ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠী, টাই-আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী আৰু কোচ ৰাজবংশীৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী সমাধান কৰা হ’ব।
  • অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ থলুৱা উৎসৱসমূহ যেনে জোনবিল মেলা, কাৰ্বি মহোৎসৱ আদিৰ স্থলীসমূহৰ আন্তঃগাঁথনি উন্নত কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব।
  • চেনি আৰু কেৰাচিন পুনৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে সূলভ মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰা হ’ব।
  • সকলো শ্ৰেণীৰ শিল্পী, কলা-কুশলীক ক’ৰোনা কালত হোৱা তেওঁলোকৰ ক্ষতিৰ জোৰা মাৰিবলৈ এক কৰপাছ ফাণ্ড গঠন কৰা হ’ব।
  • প্ৰতিটো বিধানসভা সমষ্টিত একোটাকৈ ডিজিটেল সা-সুবিধাযুক্ত গ্ৰাম্য পুথিভঁৰাল স্থাপনৰ বাবে যাৱতীয় অনুদান আগবঢ়োৱা হ’ব।
  • প্ৰতিখন জিলাত একোখনকৈ গো-শালা প্ৰতিষ্ঠা কৰা হ’ব।
  • অধিবক্তাসকলৰ কল্যাণৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কৰপাছ ফাণ্ডৰ নামত ঘোষণা কৰা পাঁচ কোটি টকা বৃদ্ধি, কাৰ্য্যকৰী কৰা হ’ব।
  • প্ৰতিবছৰে অসমৰ সংবাদ জগতৰ অন্যতম বাটকটীয়া ৰাধাগোবিন্দ বৰুৱাৰ নামত একোগৰাকী বিশিষ্ট সাংবাদিকক বঁটা প্ৰদান কৰা হ’ব।
  • নগৰৰ দৰিদ্ৰ বস্তি অঞ্চলত আৰু গাঁৱৰ হাট-বজাৰত ভ্ৰাম্যমাণ চিকিৎসালয়(ক্লিনিক) আৰম্ভ কৰা হ’ব।
  • ‘আমাৰ পাকঘৰ’ আঁচনিৰ জৰিয়তে সংগঠিত আৰু অসংগঠিত খণ্ডত নিয়োজিতসকলৰ বাবে ১০ টকাত দুপৰীয়াৰ আহাৰ।
  • অসমৰ ভাষা-সংস্কৃতি-ঐতিহ্য আৰু অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িওৱা নাগৰিকত্ব(সংশোধনী) আইন অৰ্থ্যাৎ ‘কা’ অসমত বলবৎ হ’বলৈ দিয়া নহ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd