• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পদুমৰ বোকোচাত উঠি হাতীয়ে পাহৰিলে ‘কা’ বিৰোধী স্থিতিৰ প্ৰসংগ

বিজেপিত ‘প্ৰায়’ জাহ যোৱা অগপ নেতৃত্বই প্ৰকাশ কৰা ইস্তাহাৰত উল্লেখ নাই ‘কা’ বিৰোধিতাৰ প্ৰসংগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 24, 2021 6:21 pm
AGP FINAL
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম গণ পৰিষদ এতিয়া নামতহে যেন আঞ্চলিকতাবাদী দল, কামে কাজে এতিয়া ৰাষ্ট্ৰীয় দল বিজেপিৰে মিতিৰালি কৰি নিজৰ আঞ্চলিকতাবাদী সাজযোৰ কেতিয়াবাই যেন খুলি পেলালে অসম আন্দোলনৰ ভেটিত ভূমিষ্ঠ হোৱা দলটোৱে।

২০১৬ চনৰ পূৰ্বৰে পৰা বিজেপিৰে মিত্ৰতাৰ পাশত আৱদ্ধ হৈ দলটোৱে যেন নিজৰ চাল-চলন ৰাষ্ট্ৰীয়তাবাদী শক্তিটোৰ সৈতে একাকাৰ কৰি পেলালে। তাৰ এক পূৰ্ণ প্ৰতিস্ফলন ঘটিল দলটোৰ নিৰ্বাচনী ইস্তাহাৰখনত, য’ত নেকি ‘কা’ বিৰোধিতা কৰাৰ নামত এটাও টু শব্দ উল্লেখ কৰা হোৱা নাই।

Apply Now

তাৰ বিপৰীতে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত অসমত চৰকাৰ হ’লে ‘কা’ বলবৎ কৰা হ’ব বুলি সদম্ভে উল্লেখ কৰিছে।

ইপিনে, কা বিৰোধী স্থিতিত থকা অসম জাতীয় পৰিষদ, ৰাইজৰ দল, কংগ্ৰেছে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত ‘কা’ বিৰোধিতাৰ প্ৰসংগ সবিস্তাৰে প্ৰকাশ কৰি উলিয়াইছে। আনকি কা বিৰোধী শক্তিসমূহে চৰকাৰ গঠন কৰিলে অসমত বিশেষ প্ৰক্ৰিয়াৰ মাধ্যমৰে কা খন বলবৎ কৰিবলৈ দিয়া নহ’ব বুলি তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে ইস্তাহাৰত।

কিন্তু বিজেপিৰ নেগুৰত ধৰি কেৱল ক্ষমতাৰ লালসাৰ কথা ভবা অসম গণ পৰিষদে যেন বিগ ব্ৰাডাৰলৈ ভয় কৰিয়েই প্ৰকাশ কৰিবলৈ সাহস নকৰিলে ‘কা’ বিৰোধিতা কৰাৰ প্ৰসংগ। বিজেপিৰ ওচৰত যেন নেগুৰ পেলাই ‘নোদোকা নেতা’ হোৱাৰ আখৰাত ব্যস্ত অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্ব।

চৰ্চা চলিছে কিছুদিন পাছতে আঞ্চলিকতাবাদী আদৰ্শৰ দলটো ধ্বংসৰ গৰাহলৈ থেলি দি অতুল-কেশৱ-ফণী পন্থী পৰ্য্যায়ক্ৰমে বিলীন যাব বিজেপিৰ সৈতে।

যিটো দলে অসমীয়াৰ অস্তিত্ব, ভাষা-সংস্কৃতি-ৰাজনৈতিক অধিকাৰ ধ্বংসকাৰী ‘কা’ বিৰোধিতা কৰাৰ প্ৰসংগ উত্থাপন কৰিবলৈ সাহস নকৰিলে সেই দলে আকৌ নিৰ্বাচনী ইস্তাহাৰত অসম চুক্তি ৰূপায়ণ দলৰ প্ৰথম আৰু প্ৰধান লক্ষ্য বুলি উল্লেখ কৰাৰ লগতে ৬নং দফা কাৰ্যকৰী কৰাৰ কথা উল্লেখ কৰে।

তদুপৰি ‘কা’ৰ ক্ষেত্ৰত ইতিমধ্যে নৰম স্থিতি লোৱা অসম গণ পৰিষদে হেনো  অসম চুক্তিৰ আধাৰত অবৈধ অনুপ্ৰৱেশ চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেচা প্ৰদান কৰিব আৰু বিদেশীমু্ক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ সম্পূৰ্ণ কৰিবলৈও অগপ দলে কেন্দ্ৰক হেচা প্ৰদান কৰিব বুলি উল্লেখ কৰে ইস্তাহাৰত

ইস্তহাৰ মুকলি অনুষ্ঠানত সাংসদ বীৰেণ বৈশ্য, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, নুৰুল হুছেইন, মনোজ শইকীয়াসহ কেইবাগৰাকী অগপ নেতা উপস্থিত থাকে৷

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd