• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ জনজাতীয় বীৰসকলৰ স্বীকৃতি প্ৰদানক লৈ তৎপৰ মন্ত্ৰী পল্লৱলোচন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 22, 2018 9:33 pm
22-03-18 Guwahati- Pallab Lochan Das PMT (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’চাহ জনজাতীয় লোকসকলক বিভিন্ন সময়ত একাংশ লোকে বিৰূপ মন্তব্য কৰে। চাহ জনজাতীয় লোকসকল খিলঞ্জীয়া হয় নে নহয় তাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ অধিকাৰ কাৰো নাই। চাহ জনজাতীয় লোকসকলৰ মাজত বৰ্তমান সময়ত শংকাৰ সৃষ্টি হৈছে। ‘’ আজি দিচপুৰ জনতা ভৱনত এখন সংবাদ মেলৰ আয়োজন কৰি এই মন্তব্য কৰে চাহ জনজাতীয় কল্যাণ বিভাগৰ মন্ত্ৰী পল্লৱলোচন দাসে।

তেওঁ লগতে কয়, ‘’চাহ জনজাতিৰ এগৰাকী মহিলা সংগ্ৰামী নেত্ৰী আছিল মাঙৰি ওৰাঙ। কিন্তু দুৰ্ভাগ্যৰ কথা আজি পৰ্যন্ত চাহ জনজাতীয় লোকসকলৰ প্ৰথম মহিলা শ্বহীদ মাঙৰি ওৰাঙক কোনো চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে।‘’

Apply Now

আনহাতে, তেওঁ অন্য দুগৰাকী চাহ জনজাতীয় সংগ্ৰামীৰ নাম লৈ মন্তব্য প্ৰকাশ কৰি কয়, ‘’এই জনজাতিৰে দুগৰাকী স্বাধীনতা সংগ্ৰামীয়ে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত ঢেকীয়াজুলিত আৰক্ষীৰ গুলীত প্ৰাণ আহুতি দিছিল। তেওঁলোক দুগৰাকী ক্ৰমে মঙ্গল কুৰ্কু আৰু দয়াল দাস পানিকা। কিন্তু এইসকল বীৰ শ্বহীদৰ নামত বৰ্তমানলৈকে কোনো অনুষ্ঠান-প্ৰতিষ্ঠান নাই।‘’

বৰ্তমানৰ বিজেপি চৰকাৰখনে চাহ জনজাতিৰ এই বীৰ শ্বহীদসকলৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ বাবে বিশেষ ব্যৱস্থা হাতত লোৱা বুলি মত প্ৰকাশ কৰি তেওঁ কয়, ‘আমি প্ৰথম পৰ্যায়ত মাঙৰি ওৰাঙৰ নামত অসমৰ ৫০ খন চাহ বাগিছাত একোটাকৈ ৰঙ্গমঞ্চ নিৰ্মাণ কৰিম। লগতে শিৱসাগৰ জিলাৰ সোণাৰিত এই বীৰাঙ্গনা গৰাকীৰ স্মৃতিত এখন মহিলা আৰ্চাৰী একাডেমী নিৰ্মাণ কৰিম।‘’

তেওঁ লগতে কয়, ‘’দয়াল দাস পাণিকা আৰু মঙ্গল কুৰ্কুৰ স্মৃতি সজীব কৰি ৰাখিবৰ বাবে শোণিতপুৰ জিলাৰ ৰঙাপাৰা আৰু আৰু ডিব্ৰুগড় নাইবা তিনিচুকীয়া জিলাত একোখনকৈ আন্তৰ্জাতিক ফুটবল একাডেমী গঠন কৰাৰ সিদ্ধান্ত লৈছো।‘’

লক্ষ্যণীয় যে এই একাডেমীসমূহ নিৰ্মাণৰ বাবদ ১৮ কোটি টকা ধাৰ্য কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। তদুপৰি ডেৰ বছৰৰ ভিতৰত এই একাডেমীসমূহ গঠন কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে।

তদুপৰি মন্ত্ৰী পল্লৱলোচনে মুখ্য মন্ত্ৰীৰ আনটাইড ফাণ্ডৰ অধীনত ডিব্ৰুগড়ৰ চাউলখোৱাত চাহ জনজাতীয় বীৰ তথা শিক্ষাবিদ আটছাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সন্তোষ কুমাৰ তপ্ন আৰু আটছাৰ প্ৰতিষ্ঠাপক সভাপতি চাইনম সিং হৰ’ৰ একোটাকৈ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰে।‘’

আনহাতে, সন্তোষ কুমাৰৰ জন্মদিনটো অসম চৰকাৰৰ দ্বাৰা যোৱাবছৰৰ পৰা শ্ৰমিক কল্যাণ দিবস হিচাপে উদযাপন কৰা হৈছে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে। যোৱাবছৰো ২৩ নৱেম্বৰত এই বীৰজনৰ জন্মদিনটো ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হৈছিল।

চাহ বাগিছাৰ শ্ৰমিকসকলৰ বাবে নিৰ্ধাৰণ কৰা পি এফ অ’ৰ ধনৰ বাবদ বাজেটত ৯৯ কোটি টকা ধৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। বিত্ত বিভাগৰ পৰা সেই ধনসমূহ উদ্যোগ বিভাগৰ জৰিয়তে বঞ্চিত হোৱা শ্ৰমিকসকলক প্ৰদান কৰিব বুলি তেওঁ উল্লেখ কৰে।

উক্ত সংবাদ মেলতে বিদ্যুৎ বিভাগৰ দ্বায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয়, ‘‘বিদ্যুৎ বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলক আমাৰ ইচ্ছা থকা স্বত্তেও নিয়মীয়াকৰণ কৰিব নোৱাৰো। কাৰণ উচ্চতম ন্যায়ালয়ৰ পৰা পৰীক্ষা অনুষ্ঠিত নকৰাকৈ চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰাৰ এক নিৰ্দেশনা আছে। সেয়েহে আমি এটা পৰীক্ষা অনুষ্ঠিত কৰিম য’ত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ লগতে নতুনকৈ যোগদান কৰিব বিচৰাসকলো অৱতীৰ্ণ হ’ব পাৰিব।‘’

তদুপৰি, মন্ত্ৰীগৰাকীয়ে কয় যে ‘’ঠিকাভিত্তিক কৰ্মচাৰীসকলে বহু দিনৰ পৰা সেৱা আগবঢ়াই থকাৰ বাবে তেওঁলোকৰ বাবে আমি অতিৰিক্ত নম্বৰ এটা ধাৰ্য কৰিব পাৰো নেকি সেই বিষয়ে আলোচনা কৰি আছো।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd