• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্রেছ দলে প্ৰতিশ্ৰুতি অনুসৰি পাঁচটা গেৰাণ্টিৰ সফল ৰূপায়ণ কৰিবই : ৰাহুল গান্ধী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 30, 2021 7:54 pm
Himanta Biswa Sarma slams Rahul Gandhi for making spelling error while criticizing PM Modi
797
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে হোৱা নিৰ্বাচনী প্ৰচাৰ অভিযানত নিজৰ প্ৰত্যয় প্ৰকাশ কৰি প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে মংগলবাৰে এই কথা দৃঢ়তাৰে কয় যে অহা ২ মে’ত চৰকাৰ গঠন কৰাৰ পাছত দলে ইয়াৰ পাঁচটা গেৰাণ্টিৰ আটাইকেইটা বাস্তৱত ৰুপায়ণ কৰিব।

তেখেতে এক ভিডিঅ বাৰ্তা যোগে অসমবাসীলৈ আহ্বান জনাই কয় যে, “কংগ্ৰেছৰ সপক্ষে ভোট দিবলৈ আমি অসমৰ ৰাইজক আহ্বান জনাইছোঁ। কাৰণ চৰকাৰ গঠনৰ কেইঘণ্টামানৰ ভিতৰতে আমি কংগ্ৰেছ দলে দিয়া পাঁচটা গেৰাণ্টিৰ আটাইকেইটাই ৰুপায়ণ কৰিম।”

আজি গান্ধীয়ে শিলচৰ, হাফলং আৰু বোকাজানত বিশাল জনসভাত ভাষণ দিয়াৰ কথা আছিল যদিও মূষলধাৰে হোৱা বৃষ্টিপাত আৰু বেয়া বতৰৰ বাবে এই কেউখন জনসভাই বাতিল কৰিবলগীয়া হয়।

বাৰ্তাটোত তেখেতে দৃঢ়তাৰে কয় যে,  চৰকাৰ গঠনৰ পাছত চৰকাৰে অসম বিধানসভাৰ জৰিয়তে আইনী ব্যৱস্থা গ্রহণ কৰিব যাতে অসমত কা-আইন বলবৎ হ’ব নোৱাৰে। ইয়াৰোপৰি “কংগ্ৰেছ দলে অসমৰ যুৱক-যুৱতীসকলক ৫ লাখ চৰকাৰী চাকৰি প্ৰদান কৰা আৰু চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰী ৩৬৫ টকালৈ বৃদ্ধি কৰাৰ গেৰাণ্টি দিছে। কংগ্ৰেছে প্ৰতিগৰাকী গৃহিণীক মাহিলি ২০০০ টকাকৈ সন্মান অনুদান আৰু প্ৰতিখন ঘৰলৈ মাহিলি ২০০ ইউনিটকৈ বিনামূলীয়া বিজুলী যোগানৰো গেৰাণ্টি দিছে। এইসকলো গেৰাণ্টিৰ ৰুপায়ণ কৰা হ’বই।”

পাহাৰীয়া জিলাৰ জনজাতিসকলৰ উদ্বেগসমূহৰ সন্দৰ্ভত, ৰাহুল গান্ধীয়ে কয় যে এইসকল জনতাৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ কংগ্ৰেছ দলে সংবিধানৰ ২৪৪(ক) অনুচ্ছেদ অতি আন্তৰিকতাৰে ইয়াৰ ভাবাৰ্থ অনুসাৰে কাৰ্যকৰী কৰিব।

“সংবিধানৰ ২৪৪(ক) অনুচ্ছেদ প্ৰত্যাহাৰ কৰি বিজেপিয়ে পাহাৰীয়া জনজাতিসমূহৰ সংস্কৃতি আৰু পৰম্পৰাৰ ওপৰত আক্ৰমণ সানিছে। সংবিধানৰ ২৪৪(ক) অনুচ্ছেদ যাতে লঘু কৰা নহয় সেইটো আসন্ন কংগ্ৰেছ চৰকাৰে সুনিশ্চিত কৰিব আৰু থলুৱা লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এই অনুচ্ছেদৰ আটাইবোৰ দফা কাৰ্যৰূপায়িত কৰা হ’ব।” কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয়।

অসম ৰাজ্যৰ ভিতৰতে এখন স্বায়ত্বশাসিত ৰাজ্য গঠনৰ বাবে এক আইন প্ৰণয়নৰ মানসেৰে আৰু লগতে এই স্বায়ত্বশাসিত ৰাজ্যক সেইখন আইনে সংজ্ঞাবদ্ধ কৰা ক্ষমতা আৰু অধিকাৰসহিতে এখন বিধানসভা, মন্ত্ৰীসভা বা এই দুয়োটাই প্ৰদান কৰিবলৈ তদানীন্তন কংগ্ৰেছ চৰকাৰে ১৯৬৯ চনত সংবিধানত ২৪৪(ক) অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিছিল। এই সম্পৰ্কেও কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ভিডিঅ’ বাৰ্তাটোৰ জৰিয়তে।

স্মৰ্তব্য যে অনুচ্ছেদ ২৪৪(ক) ৰ অধীনত এনে স্বায়ত্বশাসিত ৰাজ্য গঠনত আৰু গঠনৰে পৰা সেই স্বায়ত্ব শাসিত ৰাজ্যক প্ৰদান কৰিবলগীয়া ধনৰাশি আৰু অনুদানৰ সন্দৰ্ভত সংবিধানৰ ২২ সংখ্যক সংশোধনীৰ দ্বাৰা অনুচ্ছেদ ২৭৫ ৰ সংশোধনী ঘটোৱা হৈছিল।

কংগ্ৰেছ দলে লগতে সংবিধানত এটা নতুন অনুচ্ছেদ ৩৭১(খ) অন্তৰ্ভুক্ত কৰিছিল য’ত সংবিধানৰ ষষ্ঠ অনুসূচীৰ ২০ নম্বৰ স্তৱকৰ পৰিশিষ্ট হিচাপে অন্তৰ্ভুক্ত কৰা সাৰণীৰ ভাগ-ক-ত নিৰ্দ্দিষ্ট কৰি দিয়া জনজাতীয় এলেকাসমূহৰপৰা অসম বিধানসভালৈ নিৰ্বাচিত বিধায়কসকলক বা সংশ্লিষ্ট নিৰ্দেশটোত নিৰ্দ্দিষ্ট কৰি দিয়া মতে বিধানসভাৰ আন সদস্যসকলৰ মাজৰপৰা লোৱা বিধায়কক সদস্য হিচাপে লৈ অসম ৰাজ্যৰ বিধানসভাৰ এখন কমিটীৰ গঠন আৰু অধিকাৰৰ দিহা দিয়া হৈছিল।

Tags: Assam Election

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd