• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনী আচৰণ বিধি ভংগ : বৃহৎ পৰিমাণৰ নিষিদ্ধ দ্ৰৱ্যসহ ১১০ কোটিৰো অধিক ধন জব্দ

by
April 1, 2021 6:57 am
index.jpgk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত অসম বিধান সভা নিৰ্বাচন-২১ ৰ আদৰ্শ আচৰণ বিধি যোৱা ২৬ ফেব্ৰুৱাৰীত বলবৎ হোৱাৰ পৰা নগদ ধন আৰু অন্যান্য সা-সামগ্ৰী মিলি এতিয়ালৈকে অভিলেখ সংখ্যক ১১০৮৩ কোটি টকা জব্দ কৰা হৈছে।

অসম আৰক্ষী, ফ্লায়িং স্কোৱাড,স্থিৰ নিৰীক্ষণকাৰী দল আৰু আবকাৰী বিভাগ আদি প্রৱৰ্তক আৰু নিয়ামক কৰ্তৃপক্ষসমূহৰ অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই বৃহৎ পৰিমাণৰ নগদ ধন আৰু অবৈধভাৱে সৰবৰাহ কৰা সুৰা জব্দ কৰা হৈছে।

Apply Now

যোৱা ২৬ ফেব্ৰুৱাৰীত আচৰণ বিধি বলবৎ হোৱাৰ পৰা এতিয়ালৈ সৰ্বমুঠ ২৪.৫০ কোটি টকা নগদ ধন জব্দ কৰাৰ সমান্তৰালভাৱে অবৈধ সুৰাকে ধৰি ৮৬.৩২ কোটি টকাৰ সা-সামগ্ৰী জব্দ কৰা হৈছে।

ইয়াৰ ভিতৰত অবৈধ সুৰাৰ পৰিম|ণ ১৬.৬১ লিটাৰ আৰু এই সুৰাখিনিৰ বজাৰ মূল্য ৩৩.৪৪ কোটি টকা।

আনহাতে স্থিৰ নিৰীক্ষণকাৰী গোট আৰু ফ্লায়িং স্কোৱাডে পৃথকে পৃথকে চলোৱা অভিযানত এতিয়ালৈকে ৩৪.২৯ কোটি টকা বজাৰ মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে। ইয়াৰ ভিতৰত আছে— হিৰোইন 8,২২৬.৮১গ্রাম, টেবলেট ১,৭৪,০৮৮টা, ক্ৰিষ্টেল্লাইন মেথামফেটামাইন-১০.২৭ কিলোগ্ৰাম, কেপচুল- ১,২২,১০০টা, গাঞ্জা-৬,৮৯২.৮২৩ কিলোগ্ৰাম, মৰ্ফিন-১,০০০ গ্রাম আৰু ব্ৰাউন চুগাৰ ২৫২.৮৫ গ্রাম।

তদুপৰি ৩.৬৮ কোটি টকা মূল্যৰ ২,৫৮২.৫ গ্রাম সোণ-ৰূপৰ অলংকাৰ জব্দ কৰা হৈছে।

ইয়াৰোপৰি ১৪.৯১ কোটি টকা মূল্যৰ বিদেশী চিগাৰেট, জালুক, পপ্পী চিডকে ধৰি অবৈধভাৱে সৰবৰাহ কৰা বিভিন্ন সামগ্ৰীও জব্দ কৰা হয়।

বৰ্তমানলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যয় বিধি উলংঘন সম্পৰ্কীয় ৫০ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। সমান্তৰালভাৱে আবকাৰী আইন ভংগ কৰাৰ বাবেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৫,২৩৪খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

যোৱা৩০ মাৰ্চলৈকে নিৰ্বাচনী আচৰণ বিধি উলংঘন সম্পৰ্কীয় ১,২৭২টা অভিযোগ cVIGILLএপৰ যোগেদি লাভ কৰা হৈছে আৰু ইয়াৰে ৯০৮টা অভিযোগৰ সত্যতা নিৰূপন কৰি বিধিসন্মত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আনহাতে বি-৯ প্রপত্ৰৰ যোগেদিও ১,৪২৪টা লিখিত অভিযোগ লাভ কৰা হৈছে। এনেদৰে নগদ ধনৰ অবৈধ লেনদেন, সুৰা, ড্ৰাগছ, অলংকাৰ আৰু অন্যান্য অবৈধ সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰীক্ষণ দল, প্রৱৰ্তক আৰু নিয়ামক কৰ্তৃপক্ষসমূহে ২৪ ঘন্টাই তদাৰক কৰি আছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd