• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেনে পৰিস্থিতিত বিজেপি এৰিছিল বিতোপন শইকীয়াই?

বিশেষ সাক্ষাৎকাৰত বহু কথাই ক'লে প্ৰাক্তন বিজেপি নেতাগৰাকীয়ে

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
April 3, 2021 9:01 pm
Bitopon Saikia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধান সভা নিৰ্বাচন ২০২১ ৰ ফলাফললৈ মাত্ৰ কেইটামান দিন বাকী।সমগ্র ৰাজ্যৰ ভিতৰতে  গোলাঘাট সমষ্টিৰ সুকীয়া প্ৰতিচ্ছবিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে।এইকাৰণেই ভোটগ্ৰহণৰ পিছতো  উৎকন্ঠাৰ অন্ত নাই সমষ্টিবাসীৰ মাজত।

মূলতে সমষ্টিটোত কংগ্ৰেছ- বিজেপিৰ মাজত হোৱা মূল যুজঁ খনৰ কোন জিকিব ,কোন হাৰিব ,এই লৈ এটা  ডাঙৰ প্ৰশ্ন সকলোৰে মাজত ।

Apply Now

খেনোয়ে কৈছে কংগ্ৰেছে কাণে কাণ মাৰি জিকিব  আকৌ খেনোয়ে কৈছে  বিজেপিৰ অজন্তা নেওগ  জিকিব। মুঠতে সমষ্টি টোত জয়- পৰাজয় এতিয়া ৫০-৫০ এক অৱস্থা।

সচেতনমহলৰ মতে নিৰ্বাচনৰ আগমূহুৰ্তত  কংগ্ৰেছ – বিজেপিৰ এই ৰদ- বদলৰ বাবেই সমষ্টিটোৰ নিৰ্বাচনী প্ৰতিচ্ছবি খন সলনি হ’ল। এতিয়া প্ৰশ্ন উঠিছে   কি পৰিস্থিতিত পৰি অজন্তা নেওগ বা বিতোপন শইকীয়াই দল বাগৰিলে !  সেই সন্দৰ্ভত কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়াৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত পূৰ্বৰ বিজেপিৰ প্ৰাৰ্থী শইকীয়াই কয় যে বিজেপিৰ প্ৰতি তেওঁৰ আনুগত্য পূৰ্বতেও আছিল  আৰু সদায় থাকিব। মাত্ৰ দুই- এজন নেতাৰ পাকচক্ৰত পৰিহে দলটো নষ্ট হোৱাৰ উপক্ৰম হৈছে।

যিহেতু এটা দলৰ  নিজস্ব নীতি – আদৰ্শৰে পৰিচালিত  হ’য় যদিও দুই – এজন নেতাই  দলৰ নীতি – আদৰ্শক জলাঞ্জলি দি ৰাজনীতি কৰা বাবেহে তেওঁ হঠাৎ বিজেপি ত্যাগ কৰিবলীয়া হ’ল। যিহেতু দল মানেই এটা ঘৰ। ঘৰটোত যেতিয়া বেয়া মানুহৰ প্ৰৱেশ হ’ব তেতিয়া নিশ্চয়কৈ ঘৰখন ঘৰ হৈ নাথাকে।

যিহেতু  ৰাজনীতি তেওঁ ক্ষমতাৰ বাবে কৰা নাই। গোলাঘাটৰ উন্নয়নৰ বাবেহে ৰাজনীতি কৰিছে আৰু কেৱল উন্নয়নৰ লক্ষ্য ৰাখিয়েই কংগ্ৰেছত যোগদান কৰিছে।

সমষ্টি টোত সৰ্বমুঠ ২৫ পঞ্চায়ত আছে য’ত ১১ টাকৈ পঞ্চায়তৰ আজিলৈকে ভূমিৰ পট্টা কোনোখন চৰকাৰে দিয়া  নাই। গোলাঘাটৰ দৰে উৰ্বৰ ঠাইত কৃষি কৰ্মৰ যোগেদি ক্ষুদ্ৰ উদ্যোগ গঢ়াৰ বহু সুবিধা আছে য’ত বহু অসমীয়া নিবনুৱা যুৱকক সংস্থাপিত কৰিব পৰা যাব।

লগতে আধুনিক শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ জৰিয়তে মানৱ সম্পদ গঢ়াতহে তেওঁ বিশেষভাৱে মনোযোগ দিব। বিজেপি ত্যাগ কৰাৰ আগমূহুৰ্তত  যদিও তেওঁক  মুখ্যমন্ত্ৰীয়ে দলৰ সন্মান ৰক্ষা কৰিবলৈ আহ্বান জনাইছিল তথাপি  তেওঁ শেষমূহুৰ্তত দলটোত থকাৰ ইচ্ছা এইবাবেই নকৰিলে যে , তেওঁ পেছাদাৰী ৰাজনীতি নকৰে।

কোনোদিনে কাৰো পৰা একো নিবিচৰাকৈ সাধ্যনুসৰি নিজৰ শক্তিৰে গোলাঘাটত বিজেপিৰ হৈ এক ভেটি গঢ়িবলৈ চেষ্টা কৰি আহিছিল।

তেনেক্ষেত্ৰত শইকীয়াই বিজেপিত থকাৰ যুক্তি তথা গ্ৰহণযোগ্যতা বিচাৰি নাপালে বুলি ক্ষোভ প্ৰকাশ কৰে। বৰ্তমান অসমত ধন যাৰ বল তাৰ ৰাজনীতি চলিছে ।এইক্ষেত্ৰত তেখেতৰ মন্তব্য জানিব বিচাৰাত তেওঁ স্পষ্টভাৱে কয় যে মানুহে যেতিয়া বিবেকেৰে পৰিচালিত হ’ব তেতিয়া ধনবলে ৰাজনৈতিক ক্ষেত্ৰখন কলূষিত কৰিব নোৱাৰে।

একেদৰে অজন্তা নেওগৰ বিজেপি গমনৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে, চাৰিটাকৈ কাল কংগ্ৰেছত জয়লাভ কৰা প্ৰাৰ্থীগৰাকীৰ দখল আছে বাবেই তেওঁক বিজেপিলৈ লৈ যোৱা হ’ল। যিহেতু বিজেপিৰ অন্তৰমহলত তৃণমূল কৰ্মীৰ কোনো কথাই নৰজে। দলৰ হাইকামাণ্ডাৰ নিৰ্দেশ অনুযায়ী সকলো পৰিচালিত হ’ব  লাগে।

কংগ্ৰেছত হাইকামাণ্ডাৰ নিৰ্দেশ নচলে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কয় যে, বৰ্তমান কংগ্ৰেছত মই নতুন। দলটোৰ ভিতৰচৰাৰ কথা ইমানখিনি জনা হোৱাগৈ নাই যদিও দলৰ সাংগঠনিক ব্যৱস্থাত ভালখিনি গ্ৰহণ কৰি বেয়াখিনি সকলোৰে লগত আলোচনামৰ্মে ভাল কৰিবলৈ চেষ্টা কৰিম ।

অসমৰ প্ৰধান ইচ্ছ্যু  “কা”  সন্দৰ্ভত নেতা গৰাকীয়ে সৱল যুক্তি দাঙি ধৰি কয় যে, বিজেপিত থকা সময়তো অসমত অত্যাধিক  বিদেশীৰ বোজা জাপি দিয়া “কা” আইন তেওঁ সমৰ্থন কৰা নাছিল আৰু কোনোকালে নকৰে। অসমীয়া জাতিক প্ৰতাৰণা কৰা এই আইনে জাতিটোৰ ভাষা- সংস্কৃতিৰ বাবে এক অভিশাপস্বৰূপ। সমষ্টিটোত জয়ী হলে প্ৰথম পদক্ষেপ কি হ’ব বুলি সোধা প্ৰশ্নৰ উত্তৰ দি কয় যে,”ওঁঠত কথা মুখত তেল ,নৌ খাওতে চেল-বেল” বুলি অসমীয়াত এষাৰি বাক্য আছে। গতিকে বিশেষ নকয় সমষ্টিটোত কৰিবলগীয়া বহুত কাম আছে বুলি ব্যক্ত কৰি সময়ত গোলাঘাটৰ বিজ্ঞসমাজৰ লগত আলোচনামৰ্মে আগবাঢ়িম বুলি মন্তব্য কৰে।

লক্ষ্যণীয় যে , বিজেপিৰ তৃণমূল কৰ্মী বিতোপন শইকীয়াৰ  কংগ্ৰেছত যোগদান আৰু প্ৰাৰ্থীত্ব লাভ কৰাত  বহ বিজেপিৰ কৰ্মীয়ে সমৰ্থন আগবঢ়াইছে ।এইবাবেই যে  এই মাটি – মানুহৰ ৰাজনীতিবিদ জনৰ সৰলতাই বহুজনক আকৰ্ষণো কৰিছিল। বহু যুৱকৰ সংস্থাপনৰ বাট মোকলাই দিয়া শইকীয়া সৰল অসমীয়াৰ মাজত অতিকৈ জনপ্ৰিয়।

একেদৰে অজন্তা নেওগৰ জনপ্ৰিয়তাও সমষ্টিটোত বিদ্যমান। যিহেতু কংগ্ৰেছৰ দিনত প্ৰধানকৈ গোলাঘাটৰ বাট-পথে নতুনকৈ প্ৰাণ পাই উঠিছিল ।

নিঃসন্দেহে সমষ্টিটোত যথেষ্ট কাম হৈছিল। যাৰবাবে শ্ৰেষ্ঠ নগৰৰ খিতাপ পাবলৈ সক্ষম হৈছিল গোলাঘাট। কেৱল গোলাঘাটৰে নহয় সমগ্ৰ অসমৰ  এগৰাকী বলীষ্ঠ নেত্ৰী আছিল অজন্তা নেওগ ।  মানুহৰ বিশ্বাস ,আস্থাক নেওচা দি   কংগ্ৰেছৰ ভেটি গঢ়োতা অজন্তা নেওগৰ হঠাৎ এই বিজেপি গমন সচেতন মহলে সহজভাৱে লোৱা নাই।

সেইবাবেই হয়তো  আজি গোলাঘাট সমষ্টিত সকলোৰে দৃষ্টি নিবদ্ধ আছে। সকলোবোৰ দিশ চালি-জাৰি চাই  ক’ব পাৰি যে , এই দুই শক্তিশালী প্ৰাৰ্থীৰ মাজত এইবাৰ নিৰ্বাচনৰ  তুমূল ৰণ হোৱাটো খাটাং।

আৰু  নিশ্চিতভাৱে  খুউব কম ভোটৰ ব্যৱধানে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ লগতে  সমষ্টিটোৰ ভৱিষ্যত।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd