কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আজি দিনৰ ভাগতে দাউ দাউকৈ জ্বলি উঠিল এখন জিপচী গাড়ী৷
ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতে জ্বলি উঠা এই জিপচীখনে পৰ্যটকলৈ কঢ়িয়াই উদ্যানৰ ভিতৰলৈ গৈছিল৷ পৰ্যটকক লৈ উদ্যান দৰ্শন কৰাৰ সময়তেই জ্বলি উঠিছিল জিপচীখন৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত শুকুৰবাৰে পুৱা জ্বলি উঠা এই গাড়ীখনৰ নম্বৰ আছিল এ এছ ০৩ এম ৬৪৩৬৷ জিপচীখনে বহিঃৰাজ্যৰ ৬ জনীয়া পৰ্যটকৰ দল এটা লৈ উদ্যানত প্ৰৱেশ কৰিছিল।
কহঁৰা বনাঞ্চলৰ মিহিমুখৰ প্ৰৱেশ দ্বাৰ অতিক্ৰম কৰি কিছু দূৰ যোৱাৰ পাছতে হঠাৎ জুইয়ে আগুৰি ধৰে বাহনখন।
কোনোমতে বাংগালুৰুৰ পৰা অহা পৰ্যটকৰ দলটোৰ লগতে চালকজনে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও পৰ্যটক কঢ়িওৱা জিপচী গাড়ীখন উদ্যানৰ ভিতৰতে দাও দাও কৈ জ্বলি উঠে।
পৰৱৰ্তী সময়ত অগ্নিনির্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।
বৈদ্যুতিক বিজুতিৰ বাবেই জিপচীখন জ্বলি উঠাৰ সন্দেহ কৰিছে সকলোৱে।
এই ঘটনা সন্দৰ্ভত তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে উদ্যানৰ ডি এফ অ’ ৰমেশ গগৈয়ে।