• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্জাৱে হৰুৱালে ৰাজস্থানক; অথলে গ’ল সঞ্জুৰ মহাকাব্যিক ইনিংছ, থমকিল ৰিয়ান পৰাগৰ বেট

এন ই নাও নিউজ by এন ই নাও নিউজ
April 13, 2021 7:41 am
Rajasthan Royals
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ দুয়োগৰাকী অধিনায়কৰ দুৰ্দান্ত বেটিঙে সোমবাৰে এখন উত্তেজনাপূৰ্ণ থ্ৰিলাৰ মেচৰ সোৱাদ দিলে দৰ্শকক।

শতৰাণৰ দিশত ৰাহুলক পিছ পেলালে যদিও অলপৰ বাবে ৰাজস্থান ৰয়েলছৰ বিজয়ৰ সোৱাদ দিবলৈ ব্যৰ্থ হ’ল নৱ নিৰ্বাচিত অধিনায়ক সঞ্জু ছেমছন।

২২২ৰাণৰ লক্ষ্য অনুসৰণ কৰি বেটিং কৰিবলৈ নামি ১১৯ৰাণৰ বিস্ফোৰক ইনিংছ খেলিও দলক জয় আনি দিব নোৱাৰিলে ছেমছনে। ছেমছনৰ আক্ৰমণ প্ৰতিহত কৰি অৱশেষত মেচখনত ৪ৰাণত বিজয় সাৱ্যস্ত কৰে পাঞ্জাৱে।

টছত জয়ী হৈ ৰাজস্থানৰ আমন্ত্ৰণ ক্ৰমে বেটিং কৰিবলৈ নামি পাঞ্জাৱ কিংছে অধিনায়ক কে এল ৰাহুলৰ ৫০টা বলত ৯১ৰাণ, দীপক হুদাৰ ২৮টা বলত ৬৪ৰাণ আৰু ক্ৰিছ গেইলৰ ২৮টা বলত ৪০ৰাণৰ সহায়ত নিৰ্দিষ্ট ২০অভাৰত ৬উইকেটৰ বিনিময়ত ২২১ৰাণৰ বিশাল স্ক’ৰ কৰে।

প্ৰত্যুত্তৰত নিৰাশাজনক আৰম্ভণি ঘটায় ৰাজস্থান ৰয়েলছে। প্ৰথম অভাৰতে কোনো ৰাণ নকৰাকৈয়ে বেন ষ্টোকছক পেভলিয়নলৈ পঠায় মহম্মদ ছামীয়ে। সেইদৰে আনগৰাকী অপেনাৰ মনন ভোহৰাকো ১২ৰাণত আউট কৰে অৰ্শদ্বীপে।

কিন্তু তৃতীয় উইকেটৰ যুটীত সঞ্জু ছেমছন আৰু জো বাটলাৰৰ ৪৫ৰাণৰ যুটীৰ জৰিয়তে মেচখনলৈ উভতি আহে ৰাজস্থান ৰয়েলছ। বাটলাৰে ১৩টা বলত ২৫ৰাণ কৰি আউট হয়।

ইয়াৰ পাছত সঞ্জুৰ বেটৰ পৰা ঘটে বিস্ফোৰণ। শিবম ডুবেক সংগী কৰি লৈ ৬৩ৰাণৰ আন এক যুটী গঢ়ে ৰাজস্থানৰ অধিনায়ক গৰাকীয়ে। অৱশ্যে ব্যক্তিগত ২৫ৰাণত আউট হয় শিবম ডুবে।

এইবাৰ সঞ্জুৰ সৈতে যুটী বান্ধে ৰিয়ান পৰাগে। ১১টা বলত ২৫ ৰাণৰ বিস্ফোৰক ইনিংছৰ পাতনি মেলোতেই আউট হয় ৰিয়ান। কিন্তু তেওৱাটিয়াক লগত লৈ ৫৪টা বলত নিজৰ শতৰাণ সম্পূৰ্ণ কৰে ছেমছনে।

অন্তিম ২ অভাৰত ৰাজস্থানক ২১ৰাণৰ প্ৰয়োজন হৈছিল। ইনিংছৰ ১৯তম অভাৰৰ প্ৰথম দুটা বলত ২ৰাণ কৰি আউট হয় তেওৱাটিয়া। আনহাতে আটাইতকৈ দামী খেলুৱৈ ক্ৰিছ মৰিচ ক্ৰিজলৈ আহে যদিও মেচ জিকোৱাৰ দায়িত্ব পৰে অধিনায়ক ছেমছনৰ ওপৰতেই।

অন্তিম ২বলত ৰাজস্থানক প্ৰয়োজন হৈছিল ৫ৰাণৰ। অবাৰৰ পঞ্চমটো বল মিড অপলৈ ঠেলি পঠিয়াই ৰাণ নল’লে ছেমছনে। ইনিংছৰ অন্তিমটো বলত অৰ্শদ্বীপক ছয় মাৰিবলৈ গৈ আউট হয় ছেমছন। ফলত ৪ৰাণত পাঞ্জাৱৰ হাতত পৰাজয় বৰণ কৰিবলগীয়া হয় ৰাজস্থান।

ছেমছনে ৬৩টা বল খেলি ১২টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত নিজৰ ১১৯ ৰাণৰ ইনিংছটো সজায়। মেচত হাৰিলেও ছেমছন মেচৰ শ্ৰেষ্ঠ বিবেচিত হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

August 21, 2025 7:25 pm
অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd