ক’ভিড-১৯ৰ হটস্পট হিচাপে পৰিগণিত হৈছে হৰিদ্বাৰত আৰম্ভ হোৱা কুম্ভ মেলাস্থলী।
অনুষ্ঠিত হোৱা দুদিনৰ ভিতৰতে কুম্ভমেলাস্থলীত ১,০০০ জনতকৈও অধিক ভক্তৰ ক’ভিড পজিটিভ পোৱা গৈছে।
সোমবাৰে ৪০৮ জন ভক্তৰ ক’ভিড পজিটিভ পোৱাৰ বিপৰীতে মঙলবাৰে ই বাঢ়ি গৈ ৫৯৪ জন হৈছেগৈ।
ইয়াৰে ভিতৰত ৯জন পুৰোহিতৰো ক’ভিড পজিটিভ পোৱা গৈছে।
উত্তৰাখণ্ড চৰকাৰে এই কথা প্ৰকাশ কৰিছে।
হৰিদ্বাৰস্থিত ‘হোটেল শচীন ইণ্টাৰনেচনেল’ক ক’ভিড আইচলেচন কেন্দ্ৰ হিচাপে ঘোষণা কৰা হৈছে।
হোটেলখনৰ ৭২টা কোঠাত বৰ্তমান ১৫০ জনতকৈও অধিক ক’ভিড ৰোগীয়ে বাহৰ পাতিছে।
আনহাতে, বিষয়টো লৈ উদ্বীগ্ন হৈ পৰিছে বিভিন্ন ক্ষেত্ৰৰ লোকসকল।
বলিউডৰ জনপ্ৰিয় পৰিচালক ৰামগোপাল বাৰ্মাই এটা টুইটত কয় যে কুম্ভমেলাক ”কৰোণা এটম বম্ব” হৈ পৰিছে।
”মোৰ আচৰিত লাগিছে এই বিষাক্ত বিস্ফোৰণৰ বাবে কোন দায়ী হ’ব!”- পৰিচালকজনে কয়।
উল্লেখযোগ্য যে ১২ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা কুম্ভ মেলা চাৰিখন চহৰত উদযাপন কৰা হয়- এলাহাবাদ, হৰিদ্বাৰ, নাছিক আৰু উজ্জয়িনী।
এইবাৰ এই মেলা হৰিদ্বাৰত অনুষ্ঠিত হৈছে।
দুমাহ ধৰি এই মেলা অনুষ্ঠিত হ’ব।
উল্লেখযোগ্য যে সোমবাৰে ভাৰতে ক’ভিড-১৯ কেচৰ ক্ষেত্ৰত সংখ্যাগতভাৱে বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত উপনীত হৈছে।
এইক্ষেত্ৰত ভাৰতে ব্ৰাজিলক অতিক্ৰম কৰিছে।
ইতিমধ্যে ভাৰতত মুঠ ১৩.৫ মিলিয়ন ক’ভিড কেচ পোৱা গৈছে।
ভাৰততকৈ আগত আছে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰ।
আমেৰিকা যুক্তৰাষ্ট্ৰত ৩১ মিলিয়ন লোক ক’ভিডত আক্ৰান্ত হৈছে।
এই পৰিস্থিতিৰ বাবে স্বাস্থ্য বিশেষজ্ঞসকলে কুম্ভ মেলা বাতিল কৰিবলৈ অনুৰোধ জনাইছিল, কিন্তু চৰকাৰে কৈছিল যে ক’ভিড বাধা-নিষেধসমূহ সঠিকভাৱে পালন কৰি কুম্ভ মেলা অনুষ্ঠিত কৰা হ’ব।
তদুপৰি চৰকাৰে কৈছিল যে কেৱল ক’ভিড টেষ্টত নিগেটিভ ৰিপ’ৰ্ট পোৱা লোকসকলকহে মেলাস্থলীত প্ৰৱেশ কৰিবলৈ দিয়া হ’ব।
কিন্তু বৰ্তমান দেখা গৈছে কোনোধৰণৰ ক’ভিড বাধা নিষেধ নমনাকৈয়ে হাজাৰ হাজাৰ লোকে উত্তৰাখণ্ডৰ হৰিদ্বাৰত সমবেত হৈছে আৰু পবিত্ৰ গংগাত স্নান কৰিছে।
প্ৰশাসনে জনাইছে যে ভক্তৰ ব্যাপক সমাগমৰ বাবে সুৰক্ষা বিধিসমূহ আৰোপ কৰিবলৈ কঠিন হৈ পৰিছে।