• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শাৰদীয় শিশু গ্ৰন্থ মেলাৰ ৰূপালী জয়ন্তীৰ বছৰযোৰা কাৰ্যসূচীৰ শুভাৰম্ভ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
April 17, 2021 8:27 am
sishu
164
VIEWS
Share on FacebookShare on Twitter

 ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ পহিলা বহাগৰ দিনটোতে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উদ্যোগত হালোৱাগাওঁ আঞ্চলিক যুৱ মঞ্চ আৰু লেচেৰী সাংস্কৃতিক গোষ্ঠীৰ সহযোগত এটি বিহুৱা দলে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত খ্যাতনামা ঢোলবাদক ৰাজু শইকীয়াৰ পৰিচালনাৰে বিহু নৃত্য প্ৰৰ্দশন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, “পুতলা পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক” বাণীৰে পুৰণিগুদাম প্ৰেছ ক্লাৱে পূজাৰ বতৰত প্ৰতি বছৰে পুৰণিগুদামত আয়োজন কৰি অহা শাৰদীয় শিশু গ্ৰন্থ মেলাৰ এইবেলি ৰূপালী জয়ন্তী বৰ্ষৰ বছৰযোৰা কাৰ্য্যসূচীৰ অংশ হিচাপে এই বাটৰ বিহু প্ৰৰ্দশন কৰা হয়।

অসমীয়া নৱ বৰ্ষৰ প্ৰথম দিনটোতেই পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভড়াল খেল পথাৰত অনুষ্ঠিত হোৱা বাটৰ বিহু অনুষ্ঠানটোত পুৰণিগুদাম প্ৰেছ ক্লাৱৰ বিষয় ববীয়া সকলে জ্যেষ্ঠ সাংবাদিক কুলপ্ৰদীপ দাসে আঁত ধৰা অনুষ্ঠানত শাৰদীয় শিশু গ্ৰন্থ মেলা ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি মনিমাধৱ মহন্তৰ উপস্থিতিত শিক্ষাবিদ ধৰণী খাউন্দ, সাহিত্যিক পেঞ্চনাৰ ফণীন্দ্ৰ নাথ গায়ন, সমাজকৰ্মী পুলিন হাজৰিকা, ডাক্তৰ ধীৰেন বৰকাকতি, শিক্ষাবিদ হেম ডেকা, কৃষ্ণ গোস্বামী, মিছলেউদ্দিন আহমেদ, মুকুট ভূঞা, প্ৰফুল্ল শইকীয়া, দুলেন গায়নকে প্ৰমুখ্যে পুৰণিগুদামৰ বহু কেইগৰাকী জ্যেষ্ঠ নাগৰিকক চেলেং আৰু গামোছাৰে আদৰনি জনাই অসমীয়াৰ পৰম্পৰা অনুসৰি চৰণ চুই আৰ্শীবাদ গ্ৰহণ কৰে৷

বাটৰ বিহু কাৰ্যসূচীতেই পুৰণিগুদাম প্ৰেছ ক্লাৱৰ তৰফৰ পৰা খ্যাতনামা ঢোলবাদক ৰাজু শইকীয়া, শিল্পী বনশ্ৰী শৰ্মা কলিতা, ৰাষ্ট্ৰীয় সংস্কৃত গীতি কবি প্ৰাপক ৰঞ্জন বেজবৰুৱা আৰু শিল্পী নয়ন জ্যোতি শইকীয়া, কালিবাদক কলিৰাম বৰাক বিশেষভাবে পুৰণিগুদাম প্ৰেছ ক্লাৱে সম্বৰ্ধনা জনায়। পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰালত চামগুৰি, বঢ়মপুৰ আৰু নগাঁৱৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকৰ উপস্থিতিত ঢুলীয়া ৰাজু শইকীয়া আৰু বনশ্ৰী শৰ্মা কলিতাৰ পৰিচালনাৰে অনুষ্ঠিত হোৱা বাটৰ বিহু অনুষ্ঠানত অংগাভিনয় অসম ছাত্ৰ-ছাত্ৰী সকলেও এক বিশেষ অনুষ্ঠান পৰিৱেশন কৰে। উল্লেখ্য যে, এই অনুষ্ঠানৰ পূৰ্বে পুৱা ৮ বজাত পুৰণিগুদাম হালোৱাগাঁৱত আনুষ্ঠানিক ভাৱে বাটৰ বিহুৰ  শুভাৰম্ভ কৰা হয়।

পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উপদেষ্টা নীলৰঞ্জন শৰ্মাই আঁট ধৰা শুভ উদ্বোধনী অনুষ্ঠানটোত বিশিষ্ট নাট্যকাৰ, পৰিচালক দীপক বৰা উপস্থিত থাকি বাটৰ বিহুৰ শুভাৰম্ভ কৰে৷ ইয়াৰ লগতে উদ্ধোধনী অনুষ্ঠানত  জেষ্ঠ সাংবাদিক সুনীল বৰা, সমাজকৰ্মী প্ৰভাত দাস, হালোৱাগাওঁ আঞ্চলিক যুৱ মঞ্চৰ সভাপতি-সম্পাদক ক্ৰমে মনমোহন বৰকটকী, জীতেন্দ্ৰ শইকীয়া, লেছেৰী সাংস্কৃতিক গোষ্ঠীৰ সম্পাদক ৰাজীৱ শইকীয়াসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

পৰৱৰ্তী সময়ত ক্ৰমে চলচলি বিৰহীগাঁও, চলচলি মুছলমানগাঁও তিনিআলি, চলচলি বামুনগাঁও চাৰিআলি, বৰাচুক, হাতীগাওঁ, উৰিয়াগাওঁ, ভোটাইগাওঁ, বঢ়মপুৰ, জলাহগাৱঁত দলটোৱে বাটৰ বিহু প্ৰদৰ্শন কৰাৰ লগতে দিনজুৰা কাৰ্যসূচী সমূহত দৰ্শক তথা স্থানীয় ৰাইজৰ বিপুল সঁহাৰি পৰিলক্ষিত হয়।

Recent News

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd