• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুঁজি ব্যয়ত হোৱা অনিয়মে যোৰহাট পৌৰ সভাক অচল কৰাৰ পথত

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
March 24, 2018 9:22 pm
Jorhat-Municipal-Board-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি যোৰহাট পৌৰ সভাত সংঘটিত হৈ থকা অনিয়মৰ ফলত পৌৰ সভাখন প্ৰায় অচল হোৱাৰ পৰ্য্যায়লৈ গতি কৰিছে। পৌৰ সভাৰ খোদ ৱাৰ্ড কমিশ্যনাৰসকলেই এই শংকা প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত। জানিব পৰামতে, পৌৰ সভাখনত দুৰ্নীতিয়ে খোপনি পোতাৰ ফলত ইয়াৰ কাম-কাজ প্ৰায় স্তব্ধ হৈ পৰাৰ লগতে পৌৰ সভালৈ পুঁজিৰ যোগান বন্ধ হোৱাৰ উপক্ৰম ঘটিছে।

সূত্ৰটোৱে জনোৱা মতে ১৩ আৰু ১৪ বিত্তীয় কালৰ প্ৰথম অংশৰ প্ৰায় ৩ কোটি আৰু দ্বিতীয় অংশৰ প্ৰায় ৫ কোটি টকাৰ ব্যয়ৰ প্ৰমাণ পত্ৰ জমা দিবলৈ এতিয়াও বাকী আছে, যাৰ ফলত পৰৱৰ্তী কিস্তিৰ ধন মুকলি কৰি নিদিয়াৰ সম্ভাৱনাই দেখা দিছে।

Apply Now

এই সম্পৰ্কত নিজৰ মত ব্যক্ত কৰি ৱাৰ্ড নং ৬ৰ কমিশ্যনাৰ অংকুৰ গুপ্তাই কয় যে তেওঁৰ অঞ্চলটোৰ ভিতৰতে পৰা বৰুৱানীবাট পথটো মেৰামতিত দুৰ্নীতি হৈছে। তেওঁ এই বিষয়টো সন্দৰ্ভত যোৰহাটৰ উপায়ুক্ত আৰু দিচপুৰৰ জিলা প্ৰশাসনৰ সঞ্চালকলৈ পত্ৰ দি জনাই দিছে যে যোৰহাট পৌৰ সভাৰ প্ৰাক্তন সভানেত্ৰী অৰুণা দত্তৰ কাৰ্য্যকালত ইয়াৰ বাবে ধাৰ্য্য পুঁজি ৩৪৫৯২২.০৭ টকা আছিল। কিন্তু পিছত নতুনকৈ দায়িত্ব লোৱা  ইয়াক ৪৩৮১৬৯.০০ টকালৈ কিয় আৰু কেনেকৈ বৃদ্ধি কৰা হ’ল তেওঁ বুজি পোৱা নাই। তাৰ পিছত নতুন সভাপতি জয়ন্ত বৰকাকতীৰ দিনত ইয়াৰ ঠিকা ৰজা ময়দানৰ আজাদ চৌধুৰীক দিয়া হয়, যিজন পৌৰসভাৰ সভাপতিজনৰ আত্মীয়।

লগতে তেওঁ উল্লেখ কৰে যে ধনৰ পৰিমাণ বঢ়াই দিয়া হ’লেও কিন্তু কামৰ পৰিমাণ আৰু মান কমিলে। পথৰ দৈৰ্ঘ্য পূৰ্বৰ ১৭২ মিটাৰৰ পৰা মাত্ৰ ৭৫ মিটাৰ কৰা হ’ল। পথটোৰ তৰপৰ জোখ আৰু প্ৰস্থও নিৰ্ধাৰিত মানৰ ভিতৰত হোৱা নাছিল, যাৰ বাবে মানুহে ইয়াক লৈ অভিযোগ কৰিবলৈ ধৰিলে। ফলত ঠিকাদাৰজনে কাম বন্ধ কৰি দিব লগীয়া হ’ল। প্ৰজেক্ট ইঞ্জিনীয়াৰক এই সালসলনিবোৰ বিষয়ত সুধিও তেওঁ একো উত্তৰ পোৱা নাই বুলি কয়।

আনহাতে তেওঁ কয় যে শেহতীয়াকৈ ১৯ টা ৱাৰ্ডৰ প্ৰতিজন ৱাৰ্ড কমিশ্যনাৰৰ অধীনৰ এলেকাত উন্নয়নমূলক কামৰ বাবে ৫ লাখকৈ টকা অনুমোদন দিছিল। এইবোৰ কামৰ বাবে যোৱা নৱেম্বৰত নিবিদা আহ্বান কৰি ডিচেম্বৰত কামৰ অনুমোদন জনোৱা হয়। কিন্তু এতিয়ালৈকে এটাও ৱাৰ্ডতে কাম আৰম্ভ হোৱা নাই।

‘যদি কাম আৰম্ভ কৰি ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিব পৰা গ’ল হেঁতেন আৰু ব্যয়ৰ প্ৰমাণ পত্ৰ দিব পৰা গ’ল হেঁতেন তেতিয়া হ’লে ৰাজ্য চৰকাৰে পৰৱৰ্তী কিস্তিৰ ধন মুকলি কৰি দিলে হেঁতেন। কি্ন্তু এতিয়া তাৰ সম্ভৱনা কম আছে।’ -আন এজন ৱাৰ্ড কমিশ্যনাৰে কয়।

আন এজন কমিশ্যনাৰে কয় যে ট্ৰেইড লাইচেন্সৰ মাচুল হিচাপে প্ৰায় ৩ কোটি টকা পাবলৈ বাকী আছে। সেইদৰে হৰ্ডিঙৰ মাচুল পাবলৈ বাকী আছে প্ৰায় ৬০ লাখ টকাৰ। হৰ্ডিঙৰ অনুমোদন আৰু ধন সংগ্ৰহত ব্যাপক অনিয়ম হোৱা বুলি তেওঁ জনায়। এই ধৰণে বিভিন্ন শাখাত অনিয়ম, অৱহেলা আৰু দুৰ্নীতি হৈ আছে।

উল্লেখযোগ্য যে শাসক আৰু বিৰোধী দুয়ো পক্ষৰ ৱাৰ্ড কমিশ্যনাৰেই এই দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা দেখা গৈছে। বৰ্তমান বিজেপিৰ দখলত থকা পৌৰসভাখনত বিজেপিৰ ৱাৰ্ড কমিশ্যনাৰ ১২ জন হোৱাৰ বিপৰীতে কংগ্ৰেছৰ আছে ৭জন। জানিব পৰামতে, প্ৰাক্তন সভানেত্ৰী অৰুণা দত্ত আৰু বৰ্তমানৰ সভাপতি জয়ন্ত বৰকাকতী ফৈদৰ মাজত চলি থকা অন্তঃকন্দলেও যোৰহাট পৌৰসভাৰ কাম-কাজ ক্ষতিগ্ৰস্ত কৰিছে।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd