লেখিকা তথা বলিউদৰ জনপ্ৰিয় অভিনেতা প্ৰয়াত ইৰফান খানৰ পত্নী সুতাপা শিকদাৰে যোৱা মাহত নিজৰ ক্ৰন্দন নিয়ন্ত্ৰণ কৰিব পৰা নাছিল।
এক সাক্ষাৎকাৰত লেখিকা সুতাপা শিকদাৰে নিজেই এই কথা প্ৰকাশ কৰিছে।
স্মৰ্তব্য যে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ যোৱা বৰ্ষৰ ২৯ এপ্ৰিলত মুম্বাইৰ নিজা বাসগৃহত মৃত্যু হৈছিল দেশৰ অন্যতম প্ৰতিভাশালী অভিনেতা ইৰফান খানৰ। আজি ইৰফান খানৰ প্ৰথম মৃত্যু বাৰ্ষিকী।
অভিনেতাগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনাই পত্নী সুতাপাই স্বামীৰ অবৰ্তমানক এতিয়াও গ্ৰহণ কৰিব পৰা নাই বুলি প্ৰকাশ কৰিছে।
সাক্ষাৎকাৰটোত সুতাপাই কয় যে মানুহৰ সন্মুখত তেওঁ কান্দিব নোৱাৰে। কিন্তু যোৱা মাহত জয়পুৰৰ এখন বিয়ালৈ গৈ তাত নিজৰ ক্ৰন্দন নিয়ন্ত্ৰণ কৰিব নোৱাৰা বুলিও প্ৰকাশ কৰিছে।
“মই নিজকে শক্তিশালী কৰিবলৈ চেষ্টা কৰি আহিছো। কিন্তু নিজে শক্তিশালী হোৱাৰ ভাও ধৰিহে আহিছো। কাৰণ মোৰ ওপৰত পৰিয়ালৰ সমস্ত দায়িত্ব মোৰ ওপৰতে আছে।” সুতাপাই কয়।
“মোৰ আৱেগৰ সন্মুখত বিবেক যেন পৰাস্ত হৈ যায়। আচলতে মনটোহে আৱেগক নিয়ন্ত্ৰণ কৰি থাকে। মই মানুহৰ সৈতে কথা নেপাতো (এনেবোৰ বিষয়ে), কাৰণ মানুহৰ আগত কান্দিবলৈ মই সাংঘাটিক লজ্জা অনুভৱ কৰো। সম্ভৱতঃ সেই কাৰণে মই তেতিয়া যিমান কান্দিব লাগিছিল সিমান কান্দিব পৰা নাছিলো আৰু সেইবাবে চাগে মোৰ ভিতৰত বহু কান্দোন ভৰ্তি হৈ আছে।” সুতাপাই পুনৰ কয়।
যোৱা মাহত পৰিয়ালৰ এখন বিয়াৰ বাবে সুতাপাই মুম্বাইৰ পৰা জয়পুৰলৈ যাব লগা হৈছিল। আৰু তাত পৰিয়ালৰ মানুহৰ মুখামুখি হোৱাৰ পিছতে তেওঁ নিজৰ কান্দোন নিয়ন্ত্ৰণ কৰিব পৰা নাছিল বুলি প্ৰকাশ কৰিছে।
“যেতিয়া মই তাত পালোগৈ, তাত মই কেৱল কান্দিয়েই থাকিলো। নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰি মই ৭-৮ দিন কান্দিয়ে থাকিলো। কিয় কান্দি থাকিলো সেয়া মই নিজেই নেজানো। হয়তো মোৰ সন্তান দুটি লগত নথকাৰ বাবেই বেছি কান্দোন ওলাইছিল, মই অকলে তালৈ গৈছিলো।” সুতাপাই পুনৰ কয়।
উল্লেখ্য যে ইৰফান খান আৰু সুতাপা শিকদাৰৰ ববিল আৰু আয়ান নামৰ দুটা সন্তান আছে।