পুনৰ এখন কোভিড হাস্পতালত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।
প্ৰকাশিত খবৰ অনুসৰি গুজৰাটৰ আহেমদাবাদৰ পৰা ১৫০ কিলোমিটাৰ দূৰত্বৰ বাৰুচ-জামবুচৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত বাৰুচৰ এখন কোভিড হাস্পালত শনিবাৰে পুৱতি নিশা সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডটো।
অগ্নিকাণ্ডটোত ১৮ গৰাকী কোভিড ৰোগী অগ্নিদগ্ধ হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
শনিবাৰে পুৱতি নিশা প্ৰায় ১ বজাৰ আশে পাশে ৱেলফেয়াৰ হাস্পতাল নামৰ কোভিড চিকিৎসালয়খনৰ চতুৰ্থ মহলাৰ কোভিড ৱাৰ্ডত অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটে।
অগ্নিকাণ্ডটো সূত্ৰপাত হোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ৰোগীসকলক উদ্ধাৰৰ অভিযান চলাই যদিও ইতিমধ্যে অগ্নিকাণ্ডটোত ১৮ গৰাকী কোভিড ৰোগীৰ অগ্নিদগ্ধ হৈ মৃত্যু হয়।
“৬.৩০ বজাৰলৈকে পোৱা তথ্য অনুসৰি এই ঘটনাত ১৮ গৰাকী লোকৰ মৃত্যু হৈছে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে আমি ১২ গৰাকী ৰোগীৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছো।” সংবাদ সংস্থা এনআইএৰ আগত আৰক্ষীয়ে এইদৰে কয়।
বাৰুচৰ জ্যেষ্ঠ আৰক্ষী বিষয়া ৰাজেন্দ্ৰসিঙ চুদাচামাই কয় যে কোভিড ৱাৰ্ডত সংঘটিত অগ্নিকাণ্ডটোত ১২ জনকৈ কোভিড ৰোগীক ক্ষণিকতে অগ্নিদগ্ধ হৈ মৃত্যু হৈছে।
অৱশ্যে আৰক্ষী বিষয়াগৰাকীৰ মতে অন্য ৬ গৰাকীৰ মৃত্যু সম্পৰ্কে এতিয়াও আৰক্ষী নিশ্চিত হোৱা নাই।
ইফালে প্ৰায় এটা ঘণ্টাৰ ভিতৰেত হাস্পতালখনৰ পৰা ৫০ গৰাকী কোভিড ৰোগীক উদ্ধাৰ কৰি অন্যান্য কোভিড হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে।
অগ্নিকাণ্ডটোৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য দেশত ইটোৰ পিছত সিটো কোভিড হাস্পতালত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ আহি আছে। কিছুদিন পূৰ্বে মুম্বাইৰ এখন কোভিড হাস্পতালতো সংঘটিত হৈ কেবাগৰাকী কোভিড ৰোগীৰ প্ৰাণহানি হৈছিল।