• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি ঘোষণা হ’ব অসম বিধানসভা নির্বাচন ২০২১ৰ ফলাফল: কোনে মাৰিব শেষ হাঁহি?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2021 7:55 am
live-results
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা আজি পুৱা ৮বজাৰ পৰা আৰম্ভ হ’ব। ইতিমধ্যে প্ৰায় সকলো এক্সিট প’লে অসমত বিজেপি মিত্ৰজোঁটে বিজয়ী হ’ব বুলি ভৱিষ্যতবাণী কৰিছে।

ইণ্ডিয়া টুডে-এক্সিছ মাই ইণ্ডিয়াই বিজেপি মিত্ৰজোঁটক ৭৫-৮৫খন আসন দিয়াৰ বিপৰীতে কংগ্ৰেছ মিত্ৰজোঁটক ৪০-৫০খন আসন দিছে।

Apply Now

ৰিপাব্লিক টিভি-আইএনএক্সে বিজেপি মিত্ৰজোঁটক ৭৪-৮৪খন আসন দিয়াৰ বিপৰীতে কংগ্ৰেছ মিত্ৰজোঁটক দিছে ৪০-৫০খন আসন ।

সেইদৰে, এবিপি-চি ভোটাৰ এক্সিট প’লে বিজেপি মিত্ৰজোঁটক ৫৮-৭১খন আসন দিয়াৰ বিপৰীতে কংগ্ৰেছ মিত্ৰজোঁটক দিছে ৫৩-৬৬খন আসন।

টুডেজ চানক্যৰ মতে বিজেপিয়ে ৭০খন আসন লাভ কৰি অসমত পুনৰ চৰকাৰ গঠন কৰিব আৰু কংগ্ৰেছে ৫৬খন আসন পাব।

আনহাতে, টাইমছ নাওৱে বিজেপি মিত্ৰজোঁটক ৬৫খন আসন দিয়াৰ বিপৰীতে কংগ্ৰেছ মিত্ৰজোঁটক দিছে ৫৯খন আসন।

এইবাৰ নিৰ্বাচনত দুটা প্ৰধান মিত্ৰজোঁট প্ৰতিদ্বন্দ্বিতাত নামিছে। এটা বিজেপিৰ নেতৃত্বত আৰু আনটো কংগ্ৰেছৰ নেতৃত্বত। বিজেপি নেতৃত্বৰ মিত্ৰজোঁটত আছে আঞ্চলিক দল অসম গণপৰিষদ আৰু ইউপিপিএল।

সেইদৰে, কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত আছে এআইইউডিএফ, আঞ্চলিক গণমৰ্চা, চিপিআই, চিপিআই(এম), চিপিআইএম(এল), বিপিএফ আৰু আৰজেডি।

বিজেপিয়ে ৯২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ইয়াৰ সহযোগী অগপ আৰু ইউপিপিএলে ক্ৰমে ২৬খন আৰু ৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে।

আনহাতে, কংগ্ৰেছ অকলে ৯৪খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে এআইইউডিএফে ২৪খন আসনত, বিপিএফে ১২খনত, চিপিআই(এম) ২খনত আৰু  চিপিআই, চিপিআইএম(এল), আৰজেডিয়ে এখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ৰাজ্যখনৰ ১২৬টা বিধানসভা সমষ্টিৰ বাবে সকলো ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ চলোৱা দেখা গৈছিল। এইবাৰ তিনিটা পৰ্যায়ত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ২৭ মাৰ্চৰ আৰম্ভ হৈ ৬ এপ্ৰিলত সমাপ্ত হৈছিল।

অসম বিধানসভাৰ ২০১৬ৰ নিৰ্বাচনত মুঠ ১২৬টা সমষ্টিৰ বাবে ১০৬৪গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইয়াৰে ভিতৰত পুৰুষ প্ৰাৰ্থী আছিল ৯৭৩গৰাকী আৰু মহিলা প্ৰাৰ্থী আছিল ৯১গৰাকী।

আনহাতে, ২০২১ৰ নিৰ্বাচনত মুঠ ১২৬টা সমষ্টিৰ বাবে ৯৪৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰে ভিতৰত পুৰুষ প্ৰাৰ্থী হৈছে ৮৭২গৰাকী আৰু মহিলা প্ৰাৰ্থী হৈছে ৭১গৰাকী।

ইপিনে, ২০১৬চনত মুঠ ভোটাৰৰ সংখ্যা আছিল ১, ৯৯,৫৩,৪০৯ জন আৰু ইয়াৰে ভিতৰত পুৰুষ ভোটাৰ আছিল ১,০৩,১৪,১৭১জন আৰু মহিলা ভোটাৰ আছিল ৯৬,৩৯,২২৬জন তথা তৃতীয় লিংগৰ ১২জন। উক্ত নিৰ্বাচনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছিল ২৪,৮৯০টা।

আনহাতে,  ২০২১ত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৩৩,৭৪,০৮৭ জন আৰু ইয়াৰে ভিতৰত পুৰুষ ভোটাৰ হৈছে ১,১৮,২৩,২৮৬জন আৰু মহিলা ভোটাৰ হৈছে ১,১৫,৫০, ৪০৩জন তথা তৃতীয় লিংগৰ ৩৯৮জন। এইবাৰ নিৰ্বাচনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছিল ৩৩,৫৩০ টা আৰু ইয়াৰ মূল কেন্দ্ৰ আছিল ২৮,২০৫ আৰু সহকেন্দ্ৰ ৫,৩২৫টা।

সেইদৰে, ২০১৬চনত পোষ্টেল বেলটৰ সংখ্যা আছিল ২৯,১৭৩খন। এইবাৰ ২০২১ত পোষ্টেল বেলটৰ সংখ্যা হৈছে ১,৫০, ০৩৩খন(৩০ এপ্ৰিললৈকে)। পোষ্টেল বেলটৰ সংখ্যা এইবাৰ ৪১৪শতাংশ বৃদ্ধি পাইছে।

আনহাতে, ২০১৬চনত ভোটগণনা কেন্দ্ৰ আছিল ১৪৩টা আৰু এইবাৰ ২০২১ত ভোটগণনা কেন্দ্ৰ হৈছে ৩৩১টা। ইয়াৰে ২৭৯টা ইভিএম গণনা হল আৰু ৫২টা পোষ্টেল বেলট গণনা হল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd