• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি ঘোষণা হ’ব অসম বিধানসভা নির্বাচন ২০২১ৰ ফলাফল: কোনে মাৰিব শেষ হাঁহি?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2021 7:55 am
live-results
298
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা আজি পুৱা ৮বজাৰ পৰা আৰম্ভ হ’ব। ইতিমধ্যে প্ৰায় সকলো এক্সিট প’লে অসমত বিজেপি মিত্ৰজোঁটে বিজয়ী হ’ব বুলি ভৱিষ্যতবাণী কৰিছে।

ইণ্ডিয়া টুডে-এক্সিছ মাই ইণ্ডিয়াই বিজেপি মিত্ৰজোঁটক ৭৫-৮৫খন আসন দিয়াৰ বিপৰীতে কংগ্ৰেছ মিত্ৰজোঁটক ৪০-৫০খন আসন দিছে।

ৰিপাব্লিক টিভি-আইএনএক্সে বিজেপি মিত্ৰজোঁটক ৭৪-৮৪খন আসন দিয়াৰ বিপৰীতে কংগ্ৰেছ মিত্ৰজোঁটক দিছে ৪০-৫০খন আসন ।

সেইদৰে, এবিপি-চি ভোটাৰ এক্সিট প’লে বিজেপি মিত্ৰজোঁটক ৫৮-৭১খন আসন দিয়াৰ বিপৰীতে কংগ্ৰেছ মিত্ৰজোঁটক দিছে ৫৩-৬৬খন আসন।

টুডেজ চানক্যৰ মতে বিজেপিয়ে ৭০খন আসন লাভ কৰি অসমত পুনৰ চৰকাৰ গঠন কৰিব আৰু কংগ্ৰেছে ৫৬খন আসন পাব।

আনহাতে, টাইমছ নাওৱে বিজেপি মিত্ৰজোঁটক ৬৫খন আসন দিয়াৰ বিপৰীতে কংগ্ৰেছ মিত্ৰজোঁটক দিছে ৫৯খন আসন।

এইবাৰ নিৰ্বাচনত দুটা প্ৰধান মিত্ৰজোঁট প্ৰতিদ্বন্দ্বিতাত নামিছে। এটা বিজেপিৰ নেতৃত্বত আৰু আনটো কংগ্ৰেছৰ নেতৃত্বত। বিজেপি নেতৃত্বৰ মিত্ৰজোঁটত আছে আঞ্চলিক দল অসম গণপৰিষদ আৰু ইউপিপিএল।

সেইদৰে, কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত আছে এআইইউডিএফ, আঞ্চলিক গণমৰ্চা, চিপিআই, চিপিআই(এম), চিপিআইএম(এল), বিপিএফ আৰু আৰজেডি।

বিজেপিয়ে ৯২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ইয়াৰ সহযোগী অগপ আৰু ইউপিপিএলে ক্ৰমে ২৬খন আৰু ৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে।

আনহাতে, কংগ্ৰেছ অকলে ৯৪খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে এআইইউডিএফে ২৪খন আসনত, বিপিএফে ১২খনত, চিপিআই(এম) ২খনত আৰু  চিপিআই, চিপিআইএম(এল), আৰজেডিয়ে এখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ৰাজ্যখনৰ ১২৬টা বিধানসভা সমষ্টিৰ বাবে সকলো ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ চলোৱা দেখা গৈছিল। এইবাৰ তিনিটা পৰ্যায়ত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ২৭ মাৰ্চৰ আৰম্ভ হৈ ৬ এপ্ৰিলত সমাপ্ত হৈছিল।

অসম বিধানসভাৰ ২০১৬ৰ নিৰ্বাচনত মুঠ ১২৬টা সমষ্টিৰ বাবে ১০৬৪গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইয়াৰে ভিতৰত পুৰুষ প্ৰাৰ্থী আছিল ৯৭৩গৰাকী আৰু মহিলা প্ৰাৰ্থী আছিল ৯১গৰাকী।

আনহাতে, ২০২১ৰ নিৰ্বাচনত মুঠ ১২৬টা সমষ্টিৰ বাবে ৯৪৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰে ভিতৰত পুৰুষ প্ৰাৰ্থী হৈছে ৮৭২গৰাকী আৰু মহিলা প্ৰাৰ্থী হৈছে ৭১গৰাকী।

ইপিনে, ২০১৬চনত মুঠ ভোটাৰৰ সংখ্যা আছিল ১, ৯৯,৫৩,৪০৯ জন আৰু ইয়াৰে ভিতৰত পুৰুষ ভোটাৰ আছিল ১,০৩,১৪,১৭১জন আৰু মহিলা ভোটাৰ আছিল ৯৬,৩৯,২২৬জন তথা তৃতীয় লিংগৰ ১২জন। উক্ত নিৰ্বাচনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছিল ২৪,৮৯০টা।

আনহাতে,  ২০২১ত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৩৩,৭৪,০৮৭ জন আৰু ইয়াৰে ভিতৰত পুৰুষ ভোটাৰ হৈছে ১,১৮,২৩,২৮৬জন আৰু মহিলা ভোটাৰ হৈছে ১,১৫,৫০, ৪০৩জন তথা তৃতীয় লিংগৰ ৩৯৮জন। এইবাৰ নিৰ্বাচনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছিল ৩৩,৫৩০ টা আৰু ইয়াৰ মূল কেন্দ্ৰ আছিল ২৮,২০৫ আৰু সহকেন্দ্ৰ ৫,৩২৫টা।

সেইদৰে, ২০১৬চনত পোষ্টেল বেলটৰ সংখ্যা আছিল ২৯,১৭৩খন। এইবাৰ ২০২১ত পোষ্টেল বেলটৰ সংখ্যা হৈছে ১,৫০, ০৩৩খন(৩০ এপ্ৰিললৈকে)। পোষ্টেল বেলটৰ সংখ্যা এইবাৰ ৪১৪শতাংশ বৃদ্ধি পাইছে।

আনহাতে, ২০১৬চনত ভোটগণনা কেন্দ্ৰ আছিল ১৪৩টা আৰু এইবাৰ ২০২১ত ভোটগণনা কেন্দ্ৰ হৈছে ৩৩১টা। ইয়াৰে ২৭৯টা ইভিএম গণনা হল আৰু ৫২টা পোষ্টেল বেলট গণনা হল।

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd