• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি বিধায়িনী দলৰ বৈঠকে ল’লে সিদ্ধান্ত; অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 9, 2021 1:14 pm
WhatsApp Image 2021-05-09 at 1.15.13 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিচপুৰৰ বিধানসভাৰ বিজেপি দলৰ বিধায়িনী কক্ষত ইতিমধ্যে বিজেপিৰ বিধায়িনী দলৰ বৈঠকচলি আছে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, কেন্দ্ৰীয় পৰ্যবেক্ষক বি এল সন্তোষ, বৈজয়ন্ত পাণ্ডা, নৰেন্দ্ৰ সিং টোমৰ আৰু অৰুণ সিং এই বৈঠকত উপস্থিত আছে।

বৈঠকত ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীৰ নাম প্ৰস্তাৱ কৰা হৈছে। সেইমতে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা।

Apply Now

তীব্ৰ উৎকণ্ঠাৰ অন্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘনিষ্ঠ জ্যেষ্ঠ বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। এতিয়া অসমৰ নতুন মুখ্যমন্ত্ৰী হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা।

বিধায়িনী দলৰ বৈঠকত দলে ৫২বছৰীয়া শৰ্মাক ইয়াৰ নেতা হিচাপে নিৰ্বাচিত কৰে।

বিধায়িনী দলৰ বৈঠকত ড০ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

হিমন্ত বিশ্ব শৰ্মা উত্তৰ পূব ভাৰতৰ দলৰ নিৰ্বাচনী কৌশল ৰচনাকাৰী হিচাপে পৰিচিত।

জালুকবাৰী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা ড০ শৰ্মাই ২০১৫চনত কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিছিল।

বৰ্তমান তেওঁ চৰকাৰখনত বিত্ত, লোক নিৰ্মাণ বিভাগ, স্বাস্থ্য তথা শিক্ষা দপ্তৰৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

সদ্য সমাপ্ত বিধানসভাৰ নিৰ্বাচনত মুখ্য প্ৰচাৰক তথা কৌশল ৰচনাকাৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলৰ হৈ নেতৃত্ব দিছিল।

ইয়াৰ পূৰ্বে আজি মুখ্যমন্ত্ৰী পদৰ পৰা আনুষ্ঠানিভাৱে পদত্যাগ কৰিছিল ৫৯ বছৰীয়া সৰ্বানন্দ সোণোৱালে।

বিজেপিৰ মুঠ ৬০ গৰাকী বিধায়কৰ উপস্থিতিত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হৈছিল।

ইপিনে, আজি পৰম্পৰাগত সাজেৰে বিধানসভাত প্ৰৱেশ কৰিছিল নৱ নিৰ্বাচিত বিধায়ক অমিয় ভূঞাই। তেওঁ কৈছিল যে সকলো শ্ৰেণীৰ লোকৰ চিন্তা কৰা এগৰাকী সংবেদনশীল মুখ্যমন্ত্ৰী বিচাৰে। অসমক ভাৰতবৰ্ষৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিব পৰা চৰকাৰ গঠিত হ’ব বুলিও দাবী কৰিছিল অমিয় ভুঞাই।

আনহাতে, নিৰ্বাচনী জয়ত হিমন্ত বিশ্ব শৰ্মাৰ অৰিহণা কোনেও অস্বীকাৰ কৰিব নোৱাৰে বুলি দাবী কৰিছিল বিধায়ক জয়ন্ত মল্ল বৰুৱাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাধাৰণ ৰোগীক মাধমাৰ! কেন্সাৰ আৰু ধনুষ্টংকাৰৰ ঔষধৰ মূল্য বৃদ্ধিৰ অনুমতি চৰকাৰৰ

সাধাৰণ ৰোগীক মাধমাৰ! কেন্সাৰ আৰু ধনুষ্টংকাৰৰ ঔষধৰ মূল্য বৃদ্ধিৰ অনুমতি চৰকাৰৰ

June 12, 2026 1:22 pm
দুই প্ৰজন্মৰ দুগৰাকী জনপ্ৰিয় তাৰকাৰ যুগলবন্দী! চাৰি দশকৰ পাছত এটা ফ্ৰেমত হৃতিক-ৰজনীকান্ত

দুই প্ৰজন্মৰ দুগৰাকী জনপ্ৰিয় তাৰকাৰ যুগলবন্দী! চাৰি দশকৰ পাছত এটা ফ্ৰেমত হৃতিক-ৰজনীকান্ত

June 12, 2026 1:21 pm
বিজেপি চৰকাৰৰ নিৰাপত্তা কৰ্তনঃ প্ৰাণৰ ভয়ত হাতত বন্দুক লৈ ঘূৰিছে সাংসদ কীৰ্তি আজাদ

বিজেপি চৰকাৰৰ নিৰাপত্তা কৰ্তনঃ প্ৰাণৰ ভয়ত হাতত বন্দুক লৈ ঘূৰিছে সাংসদ কীৰ্তি আজাদ

June 12, 2026 12:21 pm
পুনৰ দিল্লীত বহুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিদগ্ধ হৈ ৩ জনৰ মৃত্যু, দুজনৰ অৱস্থা সংকটজনক

পুনৰ দিল্লীত বহুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিদগ্ধ হৈ ৩ জনৰ মৃত্যু, দুজনৰ অৱস্থা সংকটজনক

June 12, 2026 12:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাধাৰণ ৰোগীক মাধমাৰ! কেন্সাৰ আৰু ধনুষ্টংকাৰৰ ঔষধৰ মূল্য বৃদ্ধিৰ অনুমতি চৰকাৰৰ

সাধাৰণ ৰোগীক মাধমাৰ! কেন্সাৰ আৰু ধনুষ্টংকাৰৰ ঔষধৰ মূল্য বৃদ্ধিৰ অনুমতি চৰকাৰৰ

June 12, 2026 1:22 pm
দুই প্ৰজন্মৰ দুগৰাকী জনপ্ৰিয় তাৰকাৰ যুগলবন্দী! চাৰি দশকৰ পাছত এটা ফ্ৰেমত হৃতিক-ৰজনীকান্ত

দুই প্ৰজন্মৰ দুগৰাকী জনপ্ৰিয় তাৰকাৰ যুগলবন্দী! চাৰি দশকৰ পাছত এটা ফ্ৰেমত হৃতিক-ৰজনীকান্ত

June 12, 2026 1:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd