• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ পৰা কিয় বাদ পৰিল এইসকল জ্যেষ্ঠ তথা শীৰ্ষ নেতা?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2021 3:05 pm
E1AyrusVIAEWFmd

শপত গ্ৰহণৰ পাছত নতুন মন্ত্ৰীসভাৰ সদস্যসকল। ফটো: টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে আজি ড০ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰে। তেওঁৰ লগতে আন ১৩গৰাকী মিত্ৰজোঁটৰ নেতাইয়ো মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

স্বাভাৱিকতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত তেওঁৰ মন্ত্ৰীসভাখন গঠনক লৈ ৰাজনৈতিক পৰ্যবেক্ষকসকৰ বিশেষ দৃষ্টি নিৱদ্ধ হৈছিল।

Apply Now

নতুন মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ মন্ত্ৰীসভাত চকুত লগাকৈ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই স্থান নাপালে। ইয়াৰে দুই-তিনিগৰাকীয়ে পূৰ্বৰ চৰকাৰখনতো কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

এইদৰে মন্ত্ৰীসভাৰ পৰা বাদ পৰা বিজেপিৰ তাৰকা নেতাৰ ভিতৰত আছে সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰঞ্জিত দত্ত। সেইদৰে মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ অসম গণ পৰিষদৰ অবিসম্বাদী নেতা ফণীভূষণ চৌধুৰীকো মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা নহ’ল।

অগপৰ পৰা এইবাৰ যিহেতু দুজনকেই মন্ত্ৰীসভাত লোৱা হ’ব বুলি চৰ্চা চলিছে সেয়ে অতুল বৰা আৰু কেশৱ মহন্তই ফণীভূষণক চেৰ পেলাই অগ্ৰাধিকাৰ লাভ কৰে।

মন্ত্ৰিত্বৰ পৰা বঞ্চিত বিজেপিৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰঞ্জিত দত্ত দুয়োগৰাকীয়ে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি। দুয়োগৰাকীয়ে যোৱা চৰকাৰখনত কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত দুয়োগৰাকীয়ে স্থান নোপোৱাত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পূৰ্বেত দুয়োগৰাকী নেতাই হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কত মুখ খোলাৰ বাবেই তেওঁলোকক লোৱা নহ’ল নেকি বুলি চৰ্চা আৰম্ভ হৈছে।

আনহাতে, যোৱাবাৰৰ মন্ত্ৰী ভৱেশ কলিতাকো এইবাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা নহ’ল। কলিতাক বহুতেই হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি ভাৱি আহিছিল।

আনহাতে, যোৱাবাৰৰ মন্ত্ৰীসভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা নব কুমাৰ দলেকো এইবাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা নহ’ল।

ইপিনে, চতিয়া সমষ্টিৰ পৰা কেইবাবাৰো বিধায়ক হিচাপে নিৰ্বাচিত পদ্ম হাজৰিকা আৰু ডিব্ৰুগড়ৰ পৰা পাঁচবাৰকৈ বিধানসভালৈ নিৰ্বাচিত প্ৰশান্ত ফুকনক মন্ত্ৰীসভাত লোৱা হ’ব বুলি চৰ্চা চলিছিল যদিও হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত দুয়োগৰাকীৰে স্থান নহ’ল।

সেইদৰে মন্ত্ৰিত্বৰ পৰা বঞ্চিত হ’ল নলবাৰীৰ পৰা এইবাৰ নিৰ্বাচিত হৈ অহা নতুন মুখ্যমন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ হিচাপে পৰিচিত জয়ন্ত মল্ল বৰুৱা।

ইতিমধ্যে নতুন মন্ত্ৰীসভাত কেইবাগৰাকীও নতুন মুখৰ অন্তৰ্ভুক্তি ঘটিছে যদিও বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ তথা আগশাৰীৰ নেতাক বঞ্চিত কৰাত দলৰ বাহিৰে ভিতৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd