• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সুখবৰ! চলিত বৰ্ষতে দেশত উপলব্ধ হ’ব এইসমূহ ক’ভিড ভেকচিন, জানো আহক ভেকচিনসমূহৰ বিষয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2021 7:48 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত বৰ্তমান তিনিটাকৈ ক’ভিড ভেকচিন উপলব্ধ হৈছে।

শুকুৰবাৰে ৰাছিয়াত উৎপাদন কৰা স্পুটনিক ভি-এ উপলব্ধ হ’ল ভাৰতত।

Apply Now

কিন্তু বাকীবিলাক ভেকচিনৰ খবৰ কি?

বৃহস্পতিবাৰে কেন্দ্ৰই কৈছিল যে চলিত বৰ্ষৰ আগষ্টৰ পৰা ডিচেম্বৰৰ ভিতৰত সকলো মিলি মুঠ ৮টাকৈ ভেকচিন পোৱা যাব দেশত।

অতি কমেও ২০০ কোটি ভেকচিন আহিব ভাৰতলৈ।

সেইসমূহ উপলব্ধ হ’লে দেশবাসীয়ে মনৰ পচন্দ অনুযায়ী বাছি ল’ব পাৰিব ক’ভিডৰ ভেকচিন।

ইতিমধ্যে শুকুৰবাৰে তিনিটা ভেকচিন দেশত উপলব্ধ থকাৰ কথা স্বাস্থ্য মন্ত্ৰালয়ে নিশ্চিত কৰিছে।

অহা সপ্তাহৰ পৰাই ৰাছিয়াত উৎপাদন কৰা স্পুটনিক-ভ ভাৰতৰ বজাৰত পাব পৰা যাব বুলি কেন্দ্ৰই জনাইছে।

বাকীবিলাক ভেকচিনৰ ক্ষেত্ৰত অন্যতম হৈছে চেৰাম ইনষ্টিটিউটৰ নোভাভ্যাক্স।

পুণেৰ এই ইনষ্টিউটটোৱে উৎপাদন কৰিবলগা ভেকচিনবিধ ভাৰতে লাভ কৰিব ২০ কোটি।

এই ভেকচিনৰ কাৰ্যকাৰিতা ৯৬.৪ শতাংশ।

বৰ্তমানলৈকে জানিব পৰামতে, চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত এই ভেকচিন উপলব্ধ হ’ব।

ডিচেম্বৰৰ ভিতৰত ভাৰত বায়’টেকে প্ৰস্তুত কৰিবলগা নেজেল ভেকচিনো পোৱা যাব বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰালয়ে জনাইছে।

ভাৰত বায়’টেকে ১০ কোটি নেজেল ভেকচিন উৎপাদন কৰিব।

এই টিকাৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া আনসমূহ ভেকচিনতকৈ একেবাৰে কম বুলি দাবী কৰিছে ভাৰত বায়’টেকে।

সেয়ে শিশুৰ বাবে এই ভেকচিন উপযোগী বুলি জনাইছে সংস্থাটোৱে।

নেজেল ভেকচিনৰ উপৰিও ডিচেম্বৰৰ ভিতৰত উপলব্ধ হ’ব হায়দৰাবাদৰ বায়’লজিকেল ই লিমিটেডে উৎপাদন কৰিবলগা ভেকচিন।

সংস্থাটোৱে কেন্দ্ৰীয় চৰকাৰলৈ ৩০ কোটি ভেকচিন সৰবৰাহ কৰিব।

সংস্থাটোৱে জনাইছে যে এই ভেকচিনবিধৰ দাম অতি কম হ’ব।

ডিচেম্বৰৰ ভিতৰত জিডাচ কেডিলা নামৰ সংস্থাটোৱে উৎপাদন কৰিবলগা ডিএনএ ভেকচিনো বজাৰত উপলব্ধ হ’ব।

ভাৰতে এই ভেকচিন ৫ কোটি পৰিমাণৰ লাভ কৰিব।

উল্লেখযোগ্য যে বজাৰৰ বাবে অনুমোদন লাভ কৰাৰ পাছতে ভাৰতত মৌলিকভাৱে তৈয়াৰ হোৱা ভেকচিনৰ ক্ষেত্ৰত এইবিধ ভেকচিনে দ্বিতীয় স্থান লাভ কৰিব।

ইয়াৰ উপৰিও পুণেৰ সংস্থা জেনোভা ফাৰ্মাচিউটিকেলছে প্ৰস্তুত কৰিছে এম.আৰ.এন.এ. ভেকচিন।

ডিচেম্বৰৰ ভিতৰত ৬ কোটি ভেকচিন কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰিব সংস্থাটোৱে।

ভেকচিনবিধ বৰ্তমান পৰীক্ষা কৰি থকা হৈছে।

এইসমূহৰ উপৰিও চলিত বৰ্ষতে আন তিনিটাকৈ ভেকচিন ভাৰতত উপলব্ধ হ’ব।

সেইসমূহ হৈছে- ফাইজাৰ, মডাৰ্ণা আৰু জনচন এণ্ড জনচন।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই ভেকচিনসমূহ পোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am
অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd