• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষী প্ৰশাসনক ৰাজনৈতিক চাপৰ পৰা মুক্ত ৰাখক: অসম জাতীয় পৰিষদ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2021 7:50 am
lurin-640x375

অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ৰাজ্যখনৰ গৃহ বিভাগে জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলক বদলি কৰা কাৰ্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে।

এক বিবৃতিত পৰিষদে কয়, ‘’বিজেপিৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰে জনাদেশ লাভ কৰাৰ পিছত ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠিত হোৱাত আমি নতুন চৰকাৰ আৰু মুখ্যমন্ত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছিলো আৰু আমি আশা কৰিছিলো যে চৰকাৰখনে জনসাধাৰণৰ প্ৰত্যাশা পূৰণৰ হকে কিছু ইতিবাচক কাম-কাজৰ জৰিয়তে নিজৰ কাৰ্যকাল আৰম্ভ কৰিব৷ কিন্তু যিটো গুৰুতৰ প্ৰশাসনীয় সিদ্ধান্তৰে চৰকাৰখনে প্ৰথম এসপ্তাহতে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে, সেয়া হ’ল আৰক্ষী বিভাগত ব্যাপক ৰদ-বদল।‘’

Apply Now

বিবৃতিটোত কোৱা হয় যে শুকুৰবাৰে ৰাজ্যৰ গৃহ বিভাগে এটা আদেশ যোগে ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাৰ আৰক্ষী অধীক্ষকক বদলি কৰিছে। কিন্তু এই বদলিকৰণৰ জৰিয়তে ৰাজ্য চৰকাৰখনে ক্ষমতাত বহিয়ে অসমৰ আৰক্ষী প্ৰশাসনক ৰাজনৈতিক চাপত ৰখাৰ চেষ্টা কৰা যেন অনুমান হৈছে।

জাতীয় পৰিষদে লগতে কয়, ‘’এইটো ঠিক যে প্ৰশাসন বা আৰক্ষী বিভাগত নিয়োগ-বদলিকৰণ ৰাজ্য চৰকাৰৰ এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু সেয়া চৰকাৰৰ এক্তিয়াৰভূক্ত বিষয়৷ কিন্তু সেই কাম কৰোতে চৰকাৰে আইন আৰু প্ৰচলিত চৰকাৰী নিয়ম-বিধি মানি চলাটো উচিত। চৰকাৰৰ যিকোনো পদক্ষেপে ৰাইজৰ স্বাৰ্থ কিম্বা চৰকাৰযন্ত্ৰৰ ওপৰত থকা ৰাইজৰ আস্থা হ্ৰাস কৰাৰ ক্ষেত্ৰত যাতে উদগণিমূলক নহয়, তাৰ প্ৰতিও চৰকাৰ সতৰ্ক থকা প্ৰয়োজন৷’’

‘’কিন্তু আমি বৰ উদ্বেগৰ সৈতে প্ৰত্যক্ষ কৰিছো যে কালি অসম চৰকাৰৰ গৃহ বিভাগে ৰদবদলিৰ যিটো আদেশ জাৰি কৰিছে, তাত এফালে আইন আৰু প্ৰচলিত চৰকাৰে নিয়ম-বিধিত আঘাত কৰা হৈছে আৰু আনফালে আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱা কিম্বা নাৰী নিৰ্যাতনৰ গোচৰত অভিযুক্ত হোৱা ব্যক্তিক জিলাৰ আৰক্ষীৰ মুৰব্বী হিচাপে নিয়োগ কৰা হৈছে যি চৰকাৰ যন্ত্ৰৰ প্ৰতি থকা জনসাধাৰণৰ আস্থা হ্ৰাসৰ কাৰক হ’ব পাৰে,‘’-বিবৃতিটোত কোৱা হয়।

জাতীয় পৰিষদে কয়, ‘’উদাহৰণ স্বৰূপে, অসম আৰক্ষী আইন ২০০৭ৰ ১২ নং ধাৰাত স্পষ্টভাৱে উল্লেখ আছে যে জিলা আৰক্ষী অধীক্ষক এগৰাকীৰ কাৰ্যকাল কমেও এবছৰ হ’ব লাগে৷ কিন্তু শেহতীয়া আদেশযোগে অসম চৰকাৰে বদলি কৰা কেইবাগৰাকী আৰক্ষী অধীক্ষকৰ সেই জিলাত দায়িত্বভাৰ লোৱা এবছৰ হোৱাই নাই৷ এবছৰ পূৰ হোৱাৰ আগতে বদলি কৰিবলগীয়া হ’লে নিৰ্দিষ্ট কিছুমান কাৰণ থাকিব লাগিব বুলি আইনত স্পষ্ট উল্লেখ আছে যদিও চৰকাৰে উক্ত আৰক্ষী অধীক্ষককেইগৰাকীৰ ক্ষেত্ৰত তেনে কোনো কাৰণ নোহোৱাকৈয়ে তেখেতসকলক বদলিৰ নিৰ্দেশনা জাৰি কৰিছে৷ আনহাতে, নতুন বদলিকৰণৰ আদেশত আদালতে দোষী সাব্যস্ত কৰা বা নাৰী নিৰ্যাতনত অভিযুক্ত কৰি চি আই ডি বিভাগে অভিযোগনামা দাখিল কৰি থোৱা ব্যক্তিও আছে৷’’

অজাপই বিষয়টো স্পষ্ট কৰি দি কয়, ‘’অসম জাতীয় পৰিষদে অনুভৱ কৰে যে আৰক্ষী আইন উলংঘা কৰি এবছৰ পূৰ্বেই আৰক্ষী অধীক্ষকক বদলি কৰা কাৰ্যই আৰক্ষী বিভাগৰ মনোবল ভাঙি দিব যি ৰাজ্যখনৰ আৰক্ষী ব্যৱস্থাটোক তচনচ কৰি দিব৷ আৰক্ষী বিষয়াসকলে যিকোনো মুহূৰ্ততে বদলি হোৱাৰ আশংকা লৈ কাম কৰিবলগীয়া হ’লে আৰক্ষী বিভাগে জনসাধাৰণলৈ আগবঢ়াই থকা সেৱাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব৷ আৰক্ষী বিষয়াসকলে নিজৰ পদমৰ্যাদা অনুসৰি গুৰুত্ব আৰু স্বাধীনতা সহকাৰে কাম কৰিবলৈ পালে সেয়া অধিক জনকল্যাণকৰ হ’ব৷’’

জাতীয় পৰিষদৰ মতে, আৰক্ষী বিভাগক ৰাজনৈতিকভাৱে চাপত ৰখাৰ পৰিৱেশে ৰাজ্যত এটা নেতিবাচক পৰম্পৰাৰ সৃষ্টি কৰিব৷ এই বিষয়টোৰ ওপৰত চৰকাৰে বিশেষভাৱে ধ্যান দিয়া প্ৰয়োজন৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd