• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চলি থকা অৱস্থাতে বহু উচ্চতাৰ পৰা সৰি পৰিল ‘কেবল কাৰ’, ৯ জনৰ মৃত্যু,ক’ত ঘটিল এই অঘটন?

 এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2021 10:56 pm
SEI_80189271
429
VIEWS
Share on FacebookShare on Twitter

আজি সংঘটিত হ’ল এক ভয়ংকৰ দুৰ্ঘটনা।

মাটিৰ পৰা বহু ওপৰেৰে চলি গৈ থকা এখন কেবল কাৰ হঠাতে তাঁৰৰ পৰা বিচ্ছিন্ন হৈ সৰি পৰিল বহু তললৈ।

এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটিছে ৯ গৰাকীকৈ পৰ্যটকৰ।ঘটনাটোত আহত হৈছে দুটি কণমানি শিশু।এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ইটালীত।

দেওবাৰে ইটালীৰ ট্ৰেছা নামৰ চহৰ খনৰ পাৰ্বত্য অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনা।ট্ৰেছাত থকা লেক মাগিৱৰেৰ পৰা আল্পছ পৰ্বতৰ এটা চূড়াৰ মাজত চলাচল কৰা কেবল কাৰ এখনেই হঠাতে তাঁৰৰ পৰা চিগি তললৈ সৰি পৰে।

ইটালীৰ আল্পাইন উদ্ধাৰকাৰী দলৰ মুখপাত্ৰ চাইমন ববিঅ’ই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে কেৱল কাৰ খনত মুঠ ১১ গৰাকী যাত্ৰী আছিল।

কেবল কাৰ খন তললৈ সৰি পৰাত ৯ জন লোকৰ মৃত্যু ঘটে। ঘটনাটোত আহত শিশু দুটিক উদ্ধাৰ কৰি হেলিকপ্তাৰেৰে চিকিৎসাৰ বাবে কাষৰে টুৰিন চহৰলৈ প্ৰেৰণ কৰা হৈছে।শিশু দুটিৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে।

কি কাৰণত কেবল কাৰ খন তাঁৰৰ পৰা চিগি পৰিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। দুৰ্ঘটনাটোত নিহত পৰ্যটকসকল কোন দেশৰ নাগৰিক সেয়াও জনাটো সম্ভৱ হোৱা নাই। কেবল কাৰ খন বহু উচ্চতাৰ পৰা সৰি পৰি তলত থকা গছৰ মাজৰে আহি পৰে।

উল্লেখ্য ক’ৰ’নাতংকৰ বাবে বহু দিন ধৰি বন্ধ হৈ থকা কেবল কাৰ কিছুদিন পূৰ্বে খোলা হৈছিল।আল্পছ পৰ্বতৰ ট্ৰেছাৰ কেবল কাৰ পৰ্যটকসকলৰ মাজত অতি জনপ্ৰিয়।

১৯৭০ চনৰ আগষ্ট মাহত আৰম্ভ কৰা হৈছিল ট্ৰেছা কেবল কাৰ সেৱা। এই স্থানত দুৰ্ঘটনা খুব কমেইহে সংঘটিত হৈছে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd