• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডাইনীৰ সন্দেহত গঞাই মৰিয়াই হত্যা কৰিলে এজন লোকক : উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষীও হতাহত

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
May 24, 2021 8:19 pm
Tamulpur
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড পৰিস্থিতিৰ ভয়াবহ পৰিস্থিতিৰ মাজতে সভ্য সমাজক লজ্জানত কৰি এজন লোকক ডাইনী সজাই হত্যা কৰাৰ ঘটনাই তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণীৰ মতে সোমবাৰে তামুলপুৰ থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনৰ ভাৰত-ভূটান সীমান্তৰ আংগাৰকাটাৰ বৈগ্ৰীবাৰী নামৰ গাঁওখনত অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ ডাইনী সজাই গাঁওখনৰ ৰাইজে মৰিয়াই মৰিয়াই বীৰেন বড়ো নামৰ পঞ্চাশ বছৰীয়া লোক এজনক হত্যা কৰে।

Apply Now

কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিলভজ্যোতি নাথে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে আংগাৰকাটাৰ বৈগ্ৰীবাৰী গাঁওৰ ৰাইজে কোনো দুষ্ট বেজৰ কু-চক্ৰান্তত পাৰি গাঁওখনৰ বীৰেন বড়ো নামৰ লোকজনৰ বাবে গাঁওখনত অপায় অমংগলৰ ঘটনা সংঘটিত হৈ থকা বুলি বীৰেনক সন্দেহ কৰে।

এই সংক্ৰান্তত আজি দিনৰ ভাগত গাঁওখনত প্রায় দুই শতাধিক লোক সমবেত হৈ সভা পাতে। সভাত বীৰেন বড়োক মাতি আনি লাঠীৰে প্ৰহাৰ কৰি, চৰ-ঘোচা মাৰি, ভৰিৰে গুৰিয়াই তেওঁ এজন ডাইনী (ডাইনা) হয় বুলি সৈ কাঢ়িবলৈ কয় আৰু তেওঁৰ ওপৰত ভীষণ শাৰীৰিক অত্যাচাৰ চলায়।

এই ঘটনা সন্দৰ্ভত কোনো সচেতন ব্যক্তিয়ে কুমাৰীকাটা আৰক্ষীক খবৰ দিয়াত কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিলভজ্যোতি নাথৰ নেতৃত্বত এটি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীয়ে ৰাইজৰ কবলৰ পৰা বীৰেনক উদ্ধাৰ কৰাৰ চেষ্টা চলায়।

আৰক্ষীয়ে বীৰেনক উদ্ধাৰ কৰিবলৈ যোৱাত গাঁওখনৰ ৰাইজ আৰক্ষীৰ বিৰুদ্ধে উগ্ৰ মূৰ্তি ধাৰণ কৰে আৰু আৰক্ষীৰ সন্মুখতে বীৰেনক মাৰধৰ অব্যাহত ৰাখে। উন্মত্ত জনতাৰ আক্ৰমণত কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীও আহত হয়।

আৰক্ষীয়ে মুমূৰ্ষ অৱস্থাত বীৰেনক আৰক্ষীৰ গাড়ীত উঠোৱাত স্থানীয় উন্মত্ত ৰাইজে আৰক্ষীৰ গাড়ীত আক্ৰমণ কৰি গাড়ীখনৰ বিস্তৰ ক্ষতি সাধন কৰে। আৰক্ষীয়ে বীৰেন বড়োক সংকটজনক অৱস্থাত কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাত বীৰেন বড়োৰ মৃত্যু হয়।

ইফালে উন্মত্ত ৰাইজে বীৰেন বড়োৰ ঘৰ দুৱাৰো ভাঙি লণ্ড ভণ্ড কৰে। বীৰেন বড়োৰ পৰিয়ালৰ আন সদস্যসকলে কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

ঘটনাৰ খবৰ পাই তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা, তামুলপুৰ চক্ৰৰ চক্ৰ বিষয়া তথা দণ্ডাধীশ ৰূপকমল ৰাভা, তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন কলিতা, কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিলভজ্যোতি নাথসহ আৰক্ষীৰ এটি বিশাল দল ঘটনাস্থলীত উপস্থিত হয়।

ঘটনাস্থলীত উপস্থিত ৰাইজে কোভিডৰ নীতি নিয়ম উলংঘা কৰি কিয় সভা পাতি আইন নিজৰ হাতত লৈছে বুলি আৰক্ষীয়ে প্ৰশ্ন কৰাত গাঁওবাসীয়ে আৰক্ষীৰ লগত তৰ্ক বিতৰ্কত লিপ্ত হয়।

উন্মত্ত জনতাই আৰক্ষীৰ লোকক পুনৰ আক্ৰমণৰ বাবে উদ্যত হোৱাত আৰক্ষীয়ে উন্মত্ত জনতাক ছত্ৰভংগ দিয়াবলৈ গাঁওবাসীৰ ওপৰত লাঠীচালনা কৰে আৰু হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আৰু আৰক্ষীক আক্ৰমণ কৰাৰ অপৰাধত পাঁচজন লোকক আটক কৰি কুমাৰীকাটা আৰক্ষী চকীলৈ লৈ আনে।

আটকাধীন লোক কেইজন হৈছে গাঁওখনৰেই লক্ষীন্দ্ৰ বড়ো (৩২), চোনছ নাৰ্জাৰী (২১), বীৰখাং বসুমতাৰী (২৩), ৰিংখাং বসুমতাৰী (২১), ৰাজেন নাৰ্জাৰী (৪৭)।

ইফালে ঘটনাৰ খবৰ পাই তামুলপুৰ মহকুমাৰ মহাকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰ কুমাৰীকাটাত উপস্থিত হৈ ঘটনাৰ বুজ লয়। ঘটনা সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰা হৈছে আৰু ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

ঘটনাৰ লগত জড়িত আৰু অধিক লোকক আৰক্ষীয়ে আটক কৰিব পাৰে। ইপিনে কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ৰ পৰা বীৰেন বড়োৰ মৃতদেহ কুমাৰীকাটা আৰক্ষী চকীলৈ নিয়া হৈছে। কাইলৈ মৃতদেহ মাৰণোত্তৰ পৰীক্ষাৰ বাবে বাক্সা জিলা সদৰ মুছলপুৰলৈ পঠোৱা হ’ব।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd