• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মাৰোৱাৰী সমাজৰ ওচৰত ক্ষমা বিচাৰিলে! কিন্তু কিয়?

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
May 27, 2021 2:46 pm
index

বৃহস্পতিবাৰে তামুলপুৰত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী আজি তামুলপুৰত উপস্থিত হয়। ইয়াতেই অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মুখপাত্ৰ গৌৰৱ সোমানিয়াৰ অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিশ্বজিত দৈমাৰীয়ে।

বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে মাৰোৱাৰী সমাজৰ ওচৰত ক্ষমাও বিচাৰে।

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী অধ্যক্ষ হিচাপে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আজি তামুলপুৰত পদাৰ্পণ কৰে।

সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত অধ্যক্ষ গৰাকীয়ে এটি ব্যক্তিগত চেনেলত ট’ক শ্ব’ত ব্যৱহাৰ কৰা মাৰোৱাৰী-ছাৰোৱাৰী  শব্দক লৈ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মুখপাত্ৰ গৌৰৱ সোমানীয়ে মাৰোৱাৰী সমাজক অপমান কৰা বুলি কৰা মন্তব্য তথা আপত্তিৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

তেওঁ কয়, ‘’মই অসমীয়া হিচাপে অসমীয়া ভাষাত কথা কৈছো আৰু অসমীয়া ব্যাকৰণত যি দৰে ভাত-তাত, মাছ-তাছ আদি অনুৰূপ শব্দ ব্যৱহাৰ কৰা হয় ঠিক সেইদৰে মই মাৰোৱাৰী শব্দটোৰ লগত ছাৰোৱাৰী বুলি অনুৰূপ শব্দহে ব্যৱহাৰ কৰিছো। তাত অন্য একো নাই। এয়া বহল অৰ্থতহে ব্যৱহাৰ কৰা হৈছে।‘’

দৈমাৰীয়ে পুনৰ কয় যে গৌৰৱ সোমানিয়া নতুনকৈ অসমত আহিছে নে আগৰ পৰাই অসমত আছে সেই কথা মই নাজানো। তেওঁ যদি অসমৰে মানুহ হয় অসমীয়া ভাষা, অসমীয়া শব্দ প্ৰয়োগ, অসমীয়া ব্যাকৰণ জনাটো দৰকাৰ। যদি নাজানে সেয়া দুৰ্ভাগ্যজনক আৰু এয়া অসমীয়াৰ বাবেও এক সংকটজনক পৰিবেশ।

যদি আমি আমাৰ ভাষাৰে কথা কব নোৱাৰো, অসমীয়া বুজি নোপোৱা মানুহে অসমীয়া ভাষাৰ শব্দটোক বেয়া বুলি কয়,  অসমীয়া মানুহে অসমীয়া ভাষা কোৱাৰ বাবে যদি ক্ষমা বিচাৰিবলৈ কয় তেতিয়া অসমত অসমীয়া ভাষাৰ কি মুল্য থাকিব বুলি প্ৰশ্ন উত্থাপন কৰে দৈমাৰীয়ে।

তেওঁ কয় যে মাৰোৱাৰীৰ লগত ছাৰোৱাৰী শব্দটোৰ ব্যৱহাৰ কিমান সমীচিন সেয়া ভাষাবিদ সকলে চৰ্চা কৰিব। অনুৰূপ শব্দৰ ব্যৱহাৰেৰে ভাষা এটাক সুন্দৰকৈহে উপস্থাপন কৰা হয়।

তেওঁ পুনৰ কয় যে যদি মোৰ কথাই তেওঁলোকৰ সমাজখনক দুখ দিছে, মই অসম বিধানসভাৰ অধ্যক্ষ হিচাপে আৰু অসমীয়া মানুহৰ  প্ৰতিনিধি হিচাপে তেওঁলোকৰ ওচৰত ক্ষমা বিছাৰিছো।

মোৰ মাতৃভাষাৰ শব্দ প্ৰয়োগে যদি কাৰোবাক দুখ দিছে মোৰ জাতিটোৱে কেতিয়াও ইয়াৰ কাৰণে কথা শুনিব নালাগে।

আজি এনেদৰেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd