• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগা দুৰ্বৃত্তৰ আক্ৰমণ: সীমান্তত অনশনত বহিল বিধায়ক ৰূপজ্যোতি কুৰ্মী

 এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2021 8:48 pm
rr

ফাইল ফটো

255
VIEWS
Share on FacebookShare on Twitter

কালি অসম-নগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসনৰ বুজ ল’বলৈ যোৱাৰ সময়তে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক লক্ষ্য কৰি নগা দুৰ্বৃত্তই গুলীবৰ্ষণ কৰিছিল।

এই ঘটনাৰ পিছতো আৰক্ষীয়ে কোনো এজন দুৰ্বৃত্তকে কৰায়ত্ব কৰিব নোৱাৰাৰ প্ৰতিবাদত আজি বিধায়ক কুৰ্মীয়ে সীমান্তত অনশনত বহে। বিধায়কগৰাকীয়ে সীমান্তত নগাৰ আগ্ৰাসনৰ বিষয়টোৰ সমাধান কৰিবলৈ চৰকাৰক ২৪ ঘণ্টাৰ সময় বান্ধি দিছিল।

কিন্তু চৰকাৰে এই বিষয়ত বিশেষ কোনো সফলতা লাভ নকৰাত বিধায়ক কুৰ্মীয়ে অনশনত বহে। ইপিনে আজি অসম চৰকাৰৰ এটা প্ৰতিনিধিৰ দলে কালি বিধায়কগৰাকীক আক্ৰমণ কৰা স্থান পৰিদৰ্শন কৰে। অসম চৰকাৰৰ প্ৰতিনিধিৰ দলটোৱে নগালেণ্ডৰ শীৰ্ষ বিষয়াৰে শীঘ্ৰে আলোচনাত মিলিত হ’ব।

উল্লেখ্য কালি মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ লক্ষ্য কৰি বন্দুকধাৰী নগা দুৰ্বৃত্তই গুলীবৰ্ষণ কৰো ঘটনা সংঘটিত হৈছিল ।

এই ঘটনাত কোনোমতে প্ৰাণৰক্ষা পৰে কংগ্ৰেছী বিধায়কগৰাকীৰ।

জানিব পৰা মতে, বন বিভাগৰ লোক আৰু সাংবাদিকৰ এটা দলৰ সৈতে মৰিয়নিৰ দিচৈ বনাঞ্চলত হোৱা নগা লোকৰ বেদখল পৰিদৰ্শন কৰিবলৈ গৈছিল বিধায়ক ৰূপজ্যোতি কুৰ্মী।

নিউ সোণোৱাল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত তথা নিউ সোণোৱাল সীমান্ত নিৰীক্ষণ চকী তথা খেৰেমীয়া সীমান্ত নিৰীক্ষণ চকীৰ মাজৰ নামনি বনগাঁও আৰু ভৱানীপুৰ গাঁৱৰ কাষতে লাগি থকা দিচৈ ভেলী বনাঞ্চলত নগাই কেইবা হেক্টৰ বনভূমি ধ্বংস কৰি এখন নতুন গাঁও স্থাপন কৰিছে।

নগা লোকৰ এই বেদখল পৰিদৰ্শন কৰিবলৈ বিধায়কগৰাকী বন বিভাগৰ লোক আৰু সাংবাদিকৰ দলৰ সৈতে তালৈ গৈছিল।

এনদৰে বেদখল পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়তে হাতে হাতে বন্দুক লৈ ওলাই অহা নগা দুৰ্বৃত্তই ৰূপজ্যোতি কুৰ্মীক লক্ষ্য কৰি গুলীচালনা কৰে।

উল্লেখ্য যে অসম-নাগালেণ্ড সীমান্তত নগাই অসমৰ ভূমি বেদখল কৰি গৰ সজোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে সংঘটিত এনে ঘটনাই স্বাভাৱিকতে পুনৰ উত্তেজনা সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

Recent News

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

“শেষৰ উপায় নহয়”: ভাইৰেল কলা শাখাৰ ওপৰত থকা ভুল ধাৰণাক লৈ লিখা ডি ইউ ছাত্ৰীৰ লিংকডিন পোষ্ট

“শেষৰ উপায় নহয়”: ভাইৰেল কলা শাখাৰ ওপৰত থকা ভুল ধাৰণাক লৈ লিখা ডি ইউ ছাত্ৰীৰ লিংকডিন পোষ্ট

ডেভিদ এটেনব’ৰ’ৰ নৱতম ছবি ‘অ’চেন’ত ‘পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান’ সাগৰৰ ট্ৰিটমেন্টৰ কথা!

ডেভিদ এটেনব’ৰ’ৰ নৱতম ছবি ‘অ’চেন’ত ‘পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান’ সাগৰৰ ট্ৰিটমেন্টৰ কথা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd