• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“মামা আপুনি আমাক সহায় কৰক, আমি আকৌ স্কুললৈ যাম”-মুখ্যমন্ত্ৰীলৈ দুই কণমানিৰ কাতৰ আহ্বান

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ হাতযোৰ কৰি সহায় ভিক্ষা কলিয়াবৰৰ দুই কণমানি ছাত্ৰীৰ

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
June 1, 2021 12:36 pm
Lipika-Jyotirekha.story

মুখ্যমন্ত্ৰীলৈ দুই কণমানিৰ কাতৰ আহ্বান। ফটো: নৰ্থইষ্ট নাও।

401
VIEWS
Share on FacebookShare on Twitter

“মামা আপুনি আমাক অকনমান সহায় কৰক, আমি আকৌ স্কুললৈ যাম।” হিমন্ত মামাক হাতযোৰ কৰি সহায় বিচাৰিলে দুই দুৰ্ভগীয়া কণমানি ভাগিনীয়ে।

কম বয়সতে ঘাত-মাউৰা হোৱা কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱৰ দুই কণমানিয়ে আজি উচুপি উঠিছে।

মধ্য কলিয়াবৰ ছোৱালী হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী লিপিকা দাস আৰু নৱম শ্ৰেণীৰ ছাত্ৰী জ্যোতিৰেখা দাসৰ দুখৰ কাহিনী শুনিলে হয়তো আপোনাৰো দুচকু সেমেকি উঠিব।

দহ বছৰ পূৰ্বেই মৃত্যু হৈছিল লিপিকা আৰু জ্যোতিৰেখাৰ পিতৃ-মাতৃৰ। পিতৃ গোপাল দাস আৰু মাতৃ বাসন্তী দাসৰ মৃত‍্যুৰ পাছত ককাক-আইতাকে চোৱা-চিতা কৰিছিল যদিও তেওঁলোকৰো মৃত‍্যু হোৱাত সমগ্ৰ দায়িত্ব আহি পৰে বৰদেউতাকৰ পৰিয়াললৈ।

কিন্তু দুৰ্ভাগ্যই লগ নেৰা দুই কণমানিৰ বৰদেউতাকৰো মৃত্যু হয় ৪ মাহ পূৰ্বে। অৱশেষত দুই কণমানিৰ দায়িত্ব ল’ব লগা হয় বৰদেউতাকৰ পুত্ৰ বিনোদ দাসে।

টেন্টৰ কাম কৰি কোনোমতে ঘৰখন চলাই থকা বিনোদ দাস এতিয়া বিপদত পৰিছে। আৰ্থিকভাৱে দুৰ্বল হোৱাত বিশেষকৈ বিগত বৰ্ষৰ লকডাউন আৰু এইবাৰৰ আংশিক লকডাউনে বাৰুকৈয়ে অসুবিধাত পেলাইছে বিনোদৰ পৰিয়ালটোক।

আৰ্থিক অনাটনৰ বাবেই নৱম শ্ৰেণীতে শিক্ষা সামৰিবলৈ ওলাইছে এতিয়া জ্যোতিৰেখাই।

উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সহায় বিচাৰি কৰযোৰে অনুৰোধ জনাইছে দুই কণমানিয়ে।

মুখ্যমন্ত্ৰীক “মামা” সম্বোধন কৰি¸ সহায় বিচাৰি পৰিয়ালটোক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায় এতিয়া কণমানি জ্যোতিৰেখা আৰু লিপিকাই।

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd