• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাল ক’ৰ’নাৰ দ্বিতীয়টো ঢৌত মৃত্যু দেশৰ ৫৯৪ গৰাকী চিকিৎসকৰ

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2021 5:13 pm
doctor-750x375
204
VIEWS
Share on FacebookShare on Twitter

কাল ক’ৰ’না চিকিৎসক, ৰোগী কাকো এৰা নাই।

ঘাতক কোভিডৰ পৰা দেশৰ লাখ লাখ ৰোগীক বচোৱাৰ বাবে দিনে-নিশাই শ্ৰম কৰি থকা চিকিৎসক সকলেও এতিয়া সাৰি যাব পৰা নাই কোভিডৰ কৰাল গ্ৰাসৰ পৰা।

দেশত এতিয়ালৈকে কোভিড যুদ্ধত অক্লান্ত ভাবে লাগি থকা কোভিডত আক্ৰান্ত হৈয়েই মৃত্যু ঘটিছে বহু চিকিৎসকৰ।

কালান্তক ভাইৰাছ ক’ৰ’নাই দেশত দ্বিতীয়বাৰৰ বাবে সংহাৰৰ সৃষ্টি কৰিছে ।

কাল ক’ৰ’নাৰ দ্বিতীয়টো ঢৌত শনিবাৰ অৰ্থাৎ আজিৰ দিনটোলৈকে দেশত মৃত্যু ঘটিছে ৫৯৪ গৰাকী চিকিৎসকৰ।আজি ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে এই তথ্য সদৰী কৰিছে। কোভিডৰ দ্বিতীয়টো ঢৌত সৰ্বাধিক সংখ্যক চিকিৎসকৰ মৃত্যু ঘটিছে দিল্লীত।

দিল্লীত মৃত্যু ঘটা চিকিৎসকৰ সংখ্যা হৈছে ১০৭গৰাকী। দিল্লীৰ পিছতে থকা ৰাজ্য খন হৈছে বিহাৰ। বিহাৰত কোভিড আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰিবলৈ গৈ মৃত্যু ঘটা চিকিৎসকৰ সংখ্যা হৈছে ৯৬ গৰাকী।

একেদৰে চিকিৎসকৰ মৃত্যুৰ ক্ষেত্ৰত তৃতীয় স্থানত থকা ৰাজ্য উত্তৰ প্ৰদেশত মৃত্যু ঘটিছে ৬৭ গৰাকী চিকিৎসকৰ। ঝাৰ খণ্ডত মৃত্যু ঘটিছে ৩৯ গৰাকী আৰু অন্ধ্ৰপ্ৰদেশত ৩২ গৰাকী চিকিৎসকৰ।
ক’ৰ’নাৰ দ্বিতীয়টো ঢৌত মৃত্যু ঘটা চিকিৎসকসকলৰ ভিতৰত অধিক সংখ্যকেই কম বয়সৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য কোভিডৰ প্ৰথমটো ঢৌত বিগত বৰ্ষৰ অক্টোৱৰ মাহলৈকে মৃত্যু ঘটিছিল ৫১৫ গৰাকী চিকিৎসকৰ ।

এই তথ্য প্ৰকাশ কৰিছে ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে।

সংস্থাটোৰ সভাপতি ডাঃ ৰাজন শৰ্মাই প্ৰকাশ কৰা মতে মৃত্যু ঘটা চিকিৎসক সকলৰ ভিতৰৰে প্ৰায় আধা সংখ্যকৰ ক্ষেত্ৰত চৰকাৰে বিধি অনুসৰি ক্ষতিপূৰণ আদায়ৰ ব্যৱস্থা কৰিছে।

বাকী সকলৰ ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ আশাবাদী।

ডাঃ শৰ্মাই প্ৰকাশ কৰে যে কোভিডৰ প্ৰথমটো ঢৌত মৃত্যু ঘটা চিকিৎসকসকলৰ ভিতৰত ২০১ গৰাকীৰ বয়স ৬০-৭০ বছৰৰ ভিতৰত, ১৭১ গৰাকী চিকিৎসকৰ বয়স ৫০-৬০ বছৰৰ ভিতৰত, ৬৬ গৰাকী চিকিৎসকৰ বয়স ৭০ বছৰৰ ওপৰৰ, ৫৯ গৰাকী চিকিৎসকৰ বয়স ৩৫-৫০ৰ ভিতৰত ।

তেওঁ লগতে কয় যে ১৮ গৰাকী চিকিৎসকৰ বয়স হৈছিল মাত্ৰ ৩৫ বছৰ।

উল্লেখ্য কোভিডৰ প্ৰথমটো ঢৌত মৃত্যু ঘটা চিকিৎসকসকলৰ ভিতৰৰে ২৪২ গৰাকী চিকিৎসকৰ মৃত্যুৰ পিছতে চৰকাৰে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিৰ অধীনত ৫০ লাখ টকাৰ  ক্ষতিপূৰণ আগবঢ়াইছে।
উল্লেখ্য ইণ্ডিয়ান মেডিকেল এছোচিয়েচনৰ অধীনত থকা চিকিৎসকৰ সদস্য সংখ্যা প্ৰায় ৩.৫ লাখ। দেশত প্ৰায় ১২ লাখ চিকিৎসক আছে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd