• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাল ক’ৰ’নাৰ দ্বিতীয়টো ঢৌত মৃত্যু দেশৰ ৫৯৪ গৰাকী চিকিৎসকৰ

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2021 5:13 pm
doctor-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাল ক’ৰ’না চিকিৎসক, ৰোগী কাকো এৰা নাই।

ঘাতক কোভিডৰ পৰা দেশৰ লাখ লাখ ৰোগীক বচোৱাৰ বাবে দিনে-নিশাই শ্ৰম কৰি থকা চিকিৎসক সকলেও এতিয়া সাৰি যাব পৰা নাই কোভিডৰ কৰাল গ্ৰাসৰ পৰা।

Apply Now

দেশত এতিয়ালৈকে কোভিড যুদ্ধত অক্লান্ত ভাবে লাগি থকা কোভিডত আক্ৰান্ত হৈয়েই মৃত্যু ঘটিছে বহু চিকিৎসকৰ।

কালান্তক ভাইৰাছ ক’ৰ’নাই দেশত দ্বিতীয়বাৰৰ বাবে সংহাৰৰ সৃষ্টি কৰিছে ।

কাল ক’ৰ’নাৰ দ্বিতীয়টো ঢৌত শনিবাৰ অৰ্থাৎ আজিৰ দিনটোলৈকে দেশত মৃত্যু ঘটিছে ৫৯৪ গৰাকী চিকিৎসকৰ।আজি ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে এই তথ্য সদৰী কৰিছে। কোভিডৰ দ্বিতীয়টো ঢৌত সৰ্বাধিক সংখ্যক চিকিৎসকৰ মৃত্যু ঘটিছে দিল্লীত।

দিল্লীত মৃত্যু ঘটা চিকিৎসকৰ সংখ্যা হৈছে ১০৭গৰাকী। দিল্লীৰ পিছতে থকা ৰাজ্য খন হৈছে বিহাৰ। বিহাৰত কোভিড আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰিবলৈ গৈ মৃত্যু ঘটা চিকিৎসকৰ সংখ্যা হৈছে ৯৬ গৰাকী।

একেদৰে চিকিৎসকৰ মৃত্যুৰ ক্ষেত্ৰত তৃতীয় স্থানত থকা ৰাজ্য উত্তৰ প্ৰদেশত মৃত্যু ঘটিছে ৬৭ গৰাকী চিকিৎসকৰ। ঝাৰ খণ্ডত মৃত্যু ঘটিছে ৩৯ গৰাকী আৰু অন্ধ্ৰপ্ৰদেশত ৩২ গৰাকী চিকিৎসকৰ।
ক’ৰ’নাৰ দ্বিতীয়টো ঢৌত মৃত্যু ঘটা চিকিৎসকসকলৰ ভিতৰত অধিক সংখ্যকেই কম বয়সৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য কোভিডৰ প্ৰথমটো ঢৌত বিগত বৰ্ষৰ অক্টোৱৰ মাহলৈকে মৃত্যু ঘটিছিল ৫১৫ গৰাকী চিকিৎসকৰ ।

এই তথ্য প্ৰকাশ কৰিছে ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে।

সংস্থাটোৰ সভাপতি ডাঃ ৰাজন শৰ্মাই প্ৰকাশ কৰা মতে মৃত্যু ঘটা চিকিৎসক সকলৰ ভিতৰৰে প্ৰায় আধা সংখ্যকৰ ক্ষেত্ৰত চৰকাৰে বিধি অনুসৰি ক্ষতিপূৰণ আদায়ৰ ব্যৱস্থা কৰিছে।

বাকী সকলৰ ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ আশাবাদী।

ডাঃ শৰ্মাই প্ৰকাশ কৰে যে কোভিডৰ প্ৰথমটো ঢৌত মৃত্যু ঘটা চিকিৎসকসকলৰ ভিতৰত ২০১ গৰাকীৰ বয়স ৬০-৭০ বছৰৰ ভিতৰত, ১৭১ গৰাকী চিকিৎসকৰ বয়স ৫০-৬০ বছৰৰ ভিতৰত, ৬৬ গৰাকী চিকিৎসকৰ বয়স ৭০ বছৰৰ ওপৰৰ, ৫৯ গৰাকী চিকিৎসকৰ বয়স ৩৫-৫০ৰ ভিতৰত ।

তেওঁ লগতে কয় যে ১৮ গৰাকী চিকিৎসকৰ বয়স হৈছিল মাত্ৰ ৩৫ বছৰ।

উল্লেখ্য কোভিডৰ প্ৰথমটো ঢৌত মৃত্যু ঘটা চিকিৎসকসকলৰ ভিতৰৰে ২৪২ গৰাকী চিকিৎসকৰ মৃত্যুৰ পিছতে চৰকাৰে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিৰ অধীনত ৫০ লাখ টকাৰ  ক্ষতিপূৰণ আগবঢ়াইছে।
উল্লেখ্য ইণ্ডিয়ান মেডিকেল এছোচিয়েচনৰ অধীনত থকা চিকিৎসকৰ সদস্য সংখ্যা প্ৰায় ৩.৫ লাখ। দেশত প্ৰায় ১২ লাখ চিকিৎসক আছে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd